নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাকৃতিক দুর্যোগ

প্রাকৃতিক দুর্যোগৰ ফলত মানৱ জাতিয়ে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ জীৱন আৰু জীৱিকাৰ প্রতি প্রচণ্ড ভাবুকি আহিব৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে অনাগত বর্ষসমূহ পৃথিৱীৰ বাবে ভয়ানক হৈ উঠিব৷ প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷ ২০৩০ চনৰ ভিতৰত বছৰে বছৰে প্রাকৃতিক দুর্যোগৰ সংখ্যা ৫৬০টাকৈ সংঘটিত হ’ব৷ এই প্রাকৃতিক দুর্যোগ অতি বিপর্যয়ৰ কাৰণ হৈ মানৱ জাতিৰ জীৱন আৰু জীৱিকাৰ প্রতি শংকা নমাই আনিব৷ বছৰে হ’বলগীয়া ৫৬০ প্রাকৃতিক দুর্যোগৰ ভিতৰত ভয়াৱহ বান, বনজুই, মহামাৰী, ৰাসায়নিক দুর্ঘটনা আদি প্রধান৷ মন কৰিবলগীয়া যে ২০১৫ চনলৈকে বছৰত ৪০০টা প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই সংখ্যা ২০২৩ চনলৈকে বছৰে ৫৬০লৈ বৃদ্ধি পাব৷ প্রতিবেদন মতে, জলবায়ু পৰিৱর্তনৰ বাবে জলবায়ু সম্বন্ধীয় বিপদ বৃদ্ধি পাইছে৷ জলবায়ু সম্পর্কীয় বিপদৰ ভয়াৱহতাৰ সময়সীমা আৰু গম্ভীৰতা বৃদ্ধি পাই আহিছে৷ ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে বছৰে পৃথিৱীত মজলীয়াৰ পৰা ভয়াৱহ হৈ উঠা মাত্র ৯০ৰ পৰা এশটাহে প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই প্রাকৃতিক দুর্যোগৰ মাত্রা ২০০১ চনৰ পৰা ২০৩০ চনলৈকে তিনিগুণ বৃদ্ধি পাইছে আৰু পাই থাকিব৷ পৃথিৱীত খৰাং ৩০ শতাংশ বৃদ্ধি হ’ব৷ বান, বনজুয়েই নহয়, মহামাৰীয়েও পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই আছে৷ প্রাকৃতিক দুর্যোগে মানৱ সম্পদ হানি কৰাৰ লগতে আন আন সম্পদৰো বিস্তৰ ক্ষতিসাধন কৰে৷ ১৯৯০ চনত প্রাকৃতিক দুর্যোগৰ ফলত বছৰটোত ৭০ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতি হৈছিল৷ এই ক্ষতি এতিয়া বৃদ্ধি পাই ১৭০ বিলিয়ন মার্কিন ডলাৰ হৈছে৷ এই ক্ষতিৰ পৰিমাণ মুদ্রাস্ফীতিৰ লগত তুলনা কৰি হিচাপ কৰা হৈছে৷ প্রাকৃতিক দুর্যোগে দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনত ব্যাঘাত জন্মোৱাৰ লগতে বিশ্বৰো মুঠ ঘৰুৱা উৎপাদনত প্রভাৱ পেলায়৷ এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রাকৃতিক দুর্যোগৰ বাবে বছৰি মুঠ ঘৰুৱা উৎপাদনৰ ১.৬ শতাংশ লোকচান হয়৷ দৰিদ্র দেশসমূহত প্রাকৃতিক দুর্যোগে নেতিবাচক প্রভাৱ পেলায়৷ ভাৰতত স্বাধীনতাৰ পাছত কেইবাটাও ভয়াৱহ প্রাকৃতিক দুর্যোগে মানৱ সম্পদৰ হানি কৰাৰ লগতে বিস্তৰ ক্ষতি কৰিছে৷ ইয়াৰ ভিতৰত ১৯৭৯ চনত লাহোৱাল উপত্যকাত হিমস্খলনৰ ফলত ২০০তকৈ অধিক লোক জীৱন্তে বিশফুট বৰফৰ তলত পোত খোৱাৰ উপৰি কেইবাজনো আহত হৈছে৷ বিশ্বৰ ইতিহাসত হিমস্খলনৰ ভয়াৱহ দহৰ ভিতৰত অন্যতম এই লাহোৱাল উপত্যকাৰ হিমস্খলন৷ ইয়াৰ পাছতে ১৯৯৯ চনত ওড়িশাৰ ঘূর্ণি বতাহ৷ এই বতাহত ১৫ হাজাৰতকৈ অধিক লোক নিহত হয়৷ কেইবালক্ষ কোটি টকাৰ ক্ষতি হৈছিল৷
২০০২ চনত গুজৰাটৰ ভূমিকম্প, প্রচণ্ড গ্রীষ্মপ্রবাহ, ২০০৪ চনত ভাৰতীয় মহাসাগৰৰ ছুনামি, ২০০৫ চনত মুম্বাইত বিধ্বংসী বান, ২০১০ চনত ভাৰতৰ পূব প্রান্তৰ ৰাজ্যত ধুমুহা, ২০১৩ চনত মহাৰাষ্ট্রত খৰাং আৰু ২০১৩ চনতেই উত্তৰাখণ্ডত বিধ্বংসী বানত কেদাৰনাথ ধ্বংসলীলা উল্লেখ কৰিব পাৰি৷ মন কৰিবলগীয়া যে বিগত দুটা দশকত ভাৰতত ৩২১টা প্রাকৃতিক দুর্যোগে ধ্বংসলীলা চলাইছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে বিগত দুটা দশকত ভাৰতত প্রাকৃতিক দুর্যোগৰ ফলত ৮০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে আৰু ১০০ কোটিতকৈ অধিক লোক ক্ষতিগ্রস্ত হৈছে৷ চলিত বর্ষতো ভাৰতত প্রবল বৰষুণ, বান, ঘূর্ণিবতাহ, খৰাং, প্রচণ্ড গ্রীষ্ম প্রবাহ আদিয়ে দেশৰ জনসাধাৰণৰ জনজীৱনত ব্যাঘাত জন্মাইছে৷ পাহাৰীয়া অঞ্চলৰ পৰা উপকূলীয় অঞ্চললৈকে প্রাকৃতিক বিপর্যয়ৰ ভয়াৱহতা বৃদ্ধি হৈছে৷ কেৰালাৰ পৰা উত্তৰ–পূর্বাঞ্চললৈকে প্রাকৃতিক দুর্যোগে জনহানিৰ লগতে সা–সম্পত্তিৰ বিস্তৰ ক্ষতি কৰিছে৷ প্রকৃতিবিদ–পৰিৱেশ বিজ্ঞানীয়ে ধাৰণা কৰা মতে, দেশৰ বিভিন্ন অঞ্চলত প্রাকৃতিক বিপর্যয়ে জনগণৰ প্রতি ভাবুকি নমাই আনিছে৷ উত্তৰাখণ্ড, হিমাচল প্রদেশ আৰু জম্মু–কাশ্মীৰৰ নিচিনা পাহাৰীয়া অঞ্চলত ডাৱৰ বিস্ফোৰণ, অভাৱনীয় বানৰ কবলত পৰিছে৷ ঠায়ে ঠায়ে ভয়াৱহ ভূমিস্খলন হৈছে৷ মানুহৰ জীৱন–যাত্রা সুচল কৰিবৰ বাবে নির্মাণ কৰা বাট–পথবোৰ ভূমিস্খলনৰ বাবে বিধ্বস্ত হৈ পৰিছে৷ আকস্মিক বানে অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্রবল বৰষুণে উপকূলীয় অঞ্চলত ধাৰণা কৰাতকৈ অধিক ক্ষতি কৰিছে৷ আধুনিক মানুহৰ জীৱন–যাপনত ব্যাঘাত জন্মাইছে৷ বিকাশৰ নামত পাহাৰীয়া অঞ্চলসমূহত জনবসতি বাঢ়িছে৷ আৰু এই জনবসতি অঞ্চলত প্রাকৃতিক দুর্যোগ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ উত্তৰাখণ্ডৰ উত্তৰকাশী, হিমাচল প্রদেশ, চামোলি আৰু জম্মু–কাশ্মীৰৰ বৈষ্ণু দেৱী মন্দিৰৰ সমীপত হোৱা প্রাকৃতিক দুর্যোগৰ কথা উনুকিয়াব পাৰি৷ আনকি দেশৰ ৰাজধানী দিল্লী আৰু কাষৰীয়া অঞ্চল, মায়ানগৰী মুম্বাইত প্রাকৃতিক দুর্যোগ যদিওবা প্রবল বৰষুণৰ বাবে হয়, তথাপি মানৱসৃষ্ট কাৰকৰ ক্ষয়–ক্ষতিৰ পৰিমাণ বেছি হৈছে৷ এই কথা নিশ্চিত যে স্বাভাৱিক কাৰণসৃষ্ট প্রাকৃতিক দুর্যোগতকৈ মানৱসৃষ্ট দুর্যোগৰ ক্ষয়–ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা ব্যাপক চর্চাৰ মাজলৈ আহিছে৷ ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তনৰ প্রতিবেদন আৰু প্রাকৃতিক পৰিৱেশ বিজ্ঞানীৰ ধাৰণা সত্য প্রমাণিত হৈ গৈ আছে৷ প্রতিদিনে প্রাকৃতিক দুর্যোগৰ ঘটনা ঘটিয়েই আছে৷ আৰু ই পূর্বতকৈ অধিক৷ এনে পৰিপ্রেক্ষিতত আধুনিক মানুহে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সৈতে ফলপ্রসূ মোকাবিলা কৰিবলৈ হ’লে ইয়াৰ বাবে মানৱসৃষ্ট কাৰকসমূহ নিয়ন্ত্রণ কৰিবই লাগিব৷ তেতিয়াহে প্রাকৃতিক দুর্যোগৰ পৰা সম্ভাব্য ক্ষয়–ক্ষতি কিছু নিয়ন্ত্রণ কৰিব পাৰিব৷ অন্যথা মানৱ জাতিৰ বাবে বিপজ্জনক হৈ উঠিব৷

You might also like