নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি জজ খেলপথাৰত ছাত্র সন্থাৰ মুকলি বিহু

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ব’হাগক আদৰিবলৈ আন বছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্র সন্থাই আজি গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে৷ দিনৰ ১০.৩০ বজাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে বিহুৰ পতাকা আৰু আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিবলগীয়া মুকলি বিহুত শ্বহীদ তর্পণ কার্যসূচী মুকলি কৰিব আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷

বিহুৰ পতাকা উত্তোলন আৰু শ্বহীদ তর্পণত সমৱেত সংগীত পৰিৱেশন কৰিব সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্রীসকলে৷ অনুষ্ঠানটোত বছৰটোত অসমলৈ সুনাম কঢ়িয়াই অনা ব্যক্তিসকল ক্রমে পদ্মভূষণ সন্মানপ্রাপক প্রয়াত তৰুণ গগৈৰ পৰিয়ালবর্গ, পদ্মশ্রী সন্মানপ্রাপক ইমৰান শ্বাহ, গোপীৰাম বৰগায়ন বুঢ়াভকত, বিজয়া চক্রৱর্তী, মংগলসিং হাজোৱাৰী, বিৰুবালা ৰাভা, লখিমী বৰুৱা, দুলাল মানকি, ড০ ৰোমান শর্মা, সাহিত্য অকাডেমি বঁটাপ্রাপক প্রয়াত ধৰণীধৰ ৱাৰীৰ পৰিয়ালবর্গ, ডাঃ অপূর্ব কুমাৰ শইকীয়া, মাধুৰীমা ঘৰফলীয়া, ড০ অজিত বড়ো, সাহিত্য অকাডেমি যুৱ বঁটাপ্রাপক দ্বিজেন কুমাৰ দাস, নিউটন কোঁৱৰ বসুমতাৰী, অঞ্জন বাচকোটা, ৰাষ্ট্রীয় চলচ্চিত্র বঁটাপ্রাপক চন্দ্র মুদৈ, সুনীল দত্ত, দিলীপ কুমাৰ দলে, বেঞ্জামিন দৈমাৰী, দেৱজিৎ গায়ন, ৰুকছানা তাবাচ্চুম, শান্তনু সেন, ফাৰুক ইফতিকাৰ লস্কৰ আৰু অর্জুন বঁটাপ্রাপক লাভলীনা বৰগোহাঁইক সম্বর্ধনা জনোৱা হ’ব৷

অসমৰ শিল্পী, সাহিত্যিক, খেলুৱৈ আৰু বিশিষ্ট নাগৰিকসকলে অংশগ্রহণ কৰিবলগীয়া মুকলি বিহু অনুষ্ঠানত উদ্যোক্তা সদৌ গুৱাহাটী ছাত্র সন্থাই সকলোৰে উপস্থিতি কামনা কৰিছে৷

You might also like