নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগৰ উৎসৱ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চুঙাজানত

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়তে চুঙাজানসহ সৰুপথাৰ সমজিলাৰ বিভিন্ন গাঁৱত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। পুহ মাহৰ অন্তিম সময় আৰু মাঘৰ আগমনৰ লগে লগে গাঁওসমূহত বিয়পি পৰিছে উৎসৱৰ জোৱাৰ। ভোগালী বিহু উপলক্ষে গাঁওবাসীৰ মাজত দেখা গৈছে উৎসাহ, ব্যস্ততা আৰু মিলাপ্ৰীতিৰ এক অনন্য পৰিৱেশ।

ভোগালী মানেই যেন সমৃদ্ধিৰ এটা বার্তা, ভোগালী মানেই সকলোৱে মিলাপ্ৰীতিৰে এসাঁজ খোৱাৰ সময়। সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰ সমজিলাৰ চুঙাজান দ-গাঁও সাংস্কৃতিক যুৱক সংঘৰ প্ৰাংগণত গাঁওখনৰ ৰাইজে মিলি আয়োজন কৰিছে ভোগালীৰ ভোগ। গঞা ৰাইজে পথাৰৰ সোণগুটি চপোৱাৰ পিছতে গাঁৱৰ ডেকাসকলে মিলি পথাৰৰ পৰা নৰা কাটি নিৰ্মাণ কৰিছে ভেলাঘৰ । পুৱাৰ মাঘৰ উমাল মেজিৰ জুইকুৰাক লৈ পাপুটি, লাটু, বিদ্যুৎ, কুমুদ, অমৃত, কণটি, প্ৰবাল, অভিজিৎ, মোহনহঁত এতিয়া খুবেই ব্যস্ত। বাৰীৰ এচুকৰ পৰা গছ কাটি আনি সুউচ্চ মেজি নিৰ্মাণৰ যেন অঘোষিত প্ৰতিযোগিতা চলিছে গাঁওখনৰ যুৱকসকলৰ মাজত।

ইফালে, গাঁৱৰ ঢেঁকীশালত দেখা গৈছে ভিন্ন দৃশ্য। ঢেঁকীৰ চাবত গাঁওখনৰ চুবুৰি ৰজনজনাইছে। ঢেঁকীশালত ব্যস্ত মহিলাসকলে পিঠা, সান্দহ, চিৰা, লাড়ু, তিলপিঠা, ঘিলাপিঠা আদি ভোগালীৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। ভোগালীৰ এই খাদ্য প্ৰস্তুতি কেৱল ভোজনৰ বাবে নহয়, ই অসমৰ লোকসংস্কৃতি আৰু পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। গাঁৱৰ মহিলাসকলে একেলগে মিলি কাম কৰাৰ সময়ত পৰম্পৰাগত ৰীতি-নীতি অনুসৰণ কৰি নতুন প্ৰজন্মকো এই সংস্কৃতিৰ সৈতে পৰিচিত কৰাইছে।

মুঠতে, চুঙাজানসহ সৰুপথাৰ সমজিলাত ভোগালী বিহুক আদৰাৰ এই ব্যাপক প্ৰস্তুতিয়ে গাঁওবাসীৰ ঐক্য, সংস্কৃতি আৰু কৃষিভিত্তিক সমাজ জীৱনৰ এক উজ্জ্বল ছবি প্ৰতিফলিত কৰিছে। উমাল মেজিৰ জুইকুৰাৰ সৈতে নতুন বছৰত সুখ, শান্তি আৰু সমৃদ্ধি কামনাৰে গাঁওবাসী এই ভোগৰ উৎসৱ উদযাপনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। গাঁৱৰ কৃষকজনে বাৰীৰ  ৰঙা আলু, কাঠ আলুজোপা খান্দি বজাৰত বিক্ৰী কৰিবৰ বাবে সাজু কৰিছে। বিহুৰ খাদ্য-সামগ্রী বিক্ৰী কৰি দুই-এপইচা উপাৰ্জন কৰাৰ উদ্দেশ্যে গ্রামাঞ্চলৰ একাংশ লোকে গাঁৱৰ পৰা কিনি বজাৰত বিক্ৰী কৰিছে। বিক্ৰীৰ বাবে অনা হাঁহ, কুকুৰা, ছাগলী, গাহৰি, মাছ আদিয়েও বিহুৰ বজাৰত বিশেষ স্থান দখল কৰিছে। বিহু বুলিয়েই প্রতিটো সামগ্ৰীৰ দামো আগৰ তুলনাত কিছু পৰিমাণে হ’লেও বৃদ্ধি পাইছে।

মুঠতে চুঙাজান ১নং দ-গাঁৱৰ ৰাইজৰ ভোগালী বিহুক আদৰাৰ এই ব্যাপক প্ৰস্তুতিয়ে গাঁওবাসীৰ ঐক্য, সংস্কৃতি আৰু কৃষিভিত্তিক সমাজ জীৱনৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

নিয়মীয়া বার্তা, চুঙাজান, ১১ জানুৱাৰী : 

You might also like