ডিজিটেল ডেস্ক, ১১ জানুৱাৰী : বিধানসভা নির্বাচনৰ বাবে প্রস্তুতি সম্পূর্ণ কৰিলে ৰাজ্যিক বিজেপিয়ে৷ নির্বাচনক লক্ষ্য কৰিয়েই বাজপেয়ী ভৱনৰ পৰা আৰম্ভ হ’ল এক বিশেষ যাত্রা৷ বিজেপিৰ সংকল্প প্রস্তুতিৰ বাবেই শাসকীয় দলটোৱে আৰম্ভ কৰিলে ‘আকাংক্ষা ৰাইজৰ–সংকল্প বিজেপিৰ’ শীর্ষক এই যাত্রাৰ৷
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই শুভাৰম্ভ কৰা এই যাত্রাৰ কার্যসূচী উপলক্ষে কালি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত সভাপতি দিলীপ শইকীয়াই বিধানসভা নির্বাচনৰ বাবে ৰাইজৰ পৰা চাৰিটা মাধ্যমেৰে পৰামর্শ গ্রহণ কৰি দলে সংকল্প প্রস্তাৱ প্রস্তুত কৰিব বুলি অৱগত কৰে৷
তেওঁ কয়– ইয়াৰ বাবে ইচ্ছুক ৰাইজে ৭০০২১–২৬১২৬ ফোন নম্বৰত মিছকল দিয়াৰ লগে লগে উক্ত ম’বাইলত এটা মেছেজ আহিব আৰু তাৰ এটা লিংক আহিব৷ এই লিংকত ক্লিক কৰাৰ লগে লগে পৰামর্শ দিবৰ বাবে এটি ফর্মেট আহিব, পৰামর্শদাতাজনে তেওঁৰ নাম, ম’বাইল নম্বৰ লিখি আৰু বিধানসভা সমষ্টিৰ নাম উল্লেখ কৰি তেওঁ দিব বিচৰা পৰামর্শটো লিপিবদ্ধ কৰি পঠিয়াব পাৰিব৷ উক্ত পৰামর্শটো গ্রহণ কৰাৰো প্রাপ্তি স্বীকাৰ সংশ্লিষ্ট লোকজনৰ ম’বাইললৈ প্রেৰণ কৰা হ’ব৷ তদুপৰি পৰামর্শসমূহ QR Scaner, ই–মেইল [email protected] আৰু ৱেবছাইট www.bjpassamsankalpa2026.comৰ জৰিয়তে দিব পাৰিব৷
এই যাত্রাৰ শুভাৰম্ভণিৰ অনুষ্ঠানত বিধানসভা নির্বাচন ২০২৬ত দলীয় নির্বাচনী ইস্তাহাৰ খচৰা প্রস্তুত সমিতিৰ অধ্যক্ষ তথা মন্ত্রী ডাঃ ৰণোজ পেগু, মন্ত্রী ৰঞ্জিত কুমাৰ দাস, নির্বাচন প্রবন্ধ সমিতিৰ আহ্বায়ক তথা সাংসদ প্রদান বৰুৱা উপস্থিত থাকে৷ সভাপতি দিলীপ শইকীয়াই এই অনুষ্ঠানতে কয় যে ৰাজ্যবাসীৰ আশা–আকাংক্ষাক বাস্তৱত প্রতিফলিত কৰাৰ লক্ষ্যৰে নাগৰিকৰ বহুমূলীয়া পৰামর্শসমূহ মিছকল, QR Scaner, ই–মেইল আৰু ৱেবছাইটৰ জৰিয়তে দলে সংগ্রহ কৰিব৷ সমান্তৰালভাৱে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন স্থানত পৰামর্শ দিয়াৰ বাবে একোটা পৰামর্শ বাকচো সংস্থাপিত কৰিব৷ এই আটাইবোৰ পৰামর্শ গ্রহণৰ পিছত ইস্তাহাৰখন খচৰা প্রস্তুত সমিতিয়ে পর্যালোচনাক্রমে গ্রহণ কৰি ৰাজ্যখনৰ ৰাইজৰ ইচ্ছাৰ সৈতে একাত্ম হৈ বিজেপিয়ে আগন্তুক বিধানসভা নির্বাচনৰ বাবে নির্বাচনী ইস্তাহাৰখন প্রস্তুত কৰিব৷
অনুষ্ঠানত সভাপতি দিলীপ শইকীয়াই কয়– ভাৰতৰ ভিতৰতে অসম দ্রুতগতিত বিকশিত ৰাজ্যৰ ভিতৰত এখন আৰু অসমৰ বিকাশৰ পৰিসংখ্যা ৪৫ শতাংশ৷ জনকল্যাণকামী আঁচনিসমূহ পোনপটীয়াভাৱে হিতাধিকাৰী প্রাপ্তিৰ ব্যৱস্থা বিজেপিৰ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ স্বচ্ছতাৰ এক উল্লেখনীয় নিদর্শন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰৰ প্রধানমন্ত্রী কৃষি বিকাশ যোজনা, গৰিব কল্যাণ আঁচনি, প্রধানমন্ত্রী আৱাস যোজনা, প্রধানমন্ত্রী অন্ন সুৰক্ষা যোজনা আঁচনিয়ে কৃষক, গৰিব আৰু গৃহহীনক ঢুকি পোৱাকৈ বাস্তৱিকভাৱে ৰূপায়ণ হৈছে৷
ঔদ্যোগিকীকৰণৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এক উল্লেখযোগ্য অৱদান আছে বুলি উল্লেখ কৰি দিলীপ শইকীয়াই কয়– জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্প, নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোট সংযোজন, নুমলীগড় শোধনাগাৰৰ বাঁহৰ পৰা প্রস্তুত জৈৱিক তেল আদি অসমৰ এক উল্লেখনীয় ঔদ্যোগিকীকৰণ কেন্দ্রীয় চৰকাৰৰ সদিচ্ছাৰ বাবেই সম্ভৱ হৈছে৷
আনহাতে, মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে স্বদেশী বিশ্বাস আৰু সংস্কৃতি মন্ত্রালয় গঠন, ডিব্রুগড়ত মুখ্যমন্ত্রী সচিবালয় স্থাপন, বৰাক উন্নয়ন বিভাগ সৃষ্টি আৰু বহুবিবাহ–বাল্যবিবাহ নিষেধ আইন আদি সিদ্ধান্তই বিজেপি চৰকাৰৰ সুদূৰপ্রসাৰী দৃষ্টিভংগীৰ পৰিচয় দিছে৷ শইকীয়াই কয়– ২০১৬ চনৰ পৰা বিজেপি চৰকাৰে জাতি–মাটি–ভেটি সংৰক্ষণৰ লগতে অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্রত একাধিক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰি আহিছে আৰু আগন্তুক সংকল্প–পত্রত এই লক্ষ্যসমূহ অধিক শক্তিশালী ৰূপত প্রতিফলিত হ’ব৷