হালাকুৰাত পিষ্টলসহ ড্ৰাগছ ব্যৱসায়ী পিতা-পুত্ৰক গ্ৰেপ্তাৰ
ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ বৃহত সফলতা। গোলকগঞ্জ আৰক্ষীয়ে পিষ্টলসহ আটক কৰে পিতা-পুত্ৰক। এক গোপন সূত্ৰৰ আধাৰত আজি পুৱতিনিশা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে হালাকুৰাৰ সোনাখুলি প্ৰথম খণ্ডৰ হামিদ আলী (৬৪) ওৰফে ধুল্লা নামৰ ব্যক্তিজনৰ বাসগৃহত চলাইছিল অভিযান।
অভিযানত হাঁহৰ গঁৰালৰ ওপৰত পৰিত্যক্ত বস্থাত প্লাষ্টিক বটলৰ ভিতৰত হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে। লগতে গোলকগঞ্জ আৰক্ষীয়ে ঘৰৰ গৰাকী তথা হামিদ আলী (৬৪) ওৰফে ধুল্লা আৰু তেঁওৰ পুত্ৰ মজনু আলী (৩০) ওৰফে চাঞ্চেক আটক কৰি থানালৈ আনে।
সম্প্রতি গোলকগঞ্জ আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন দুয়োজন পিতা পুত্ৰক সোধপোছ অব্যাহত ৰাখিছে।
উল্লেখ্য যে BTC নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা উকলি যোৱাৰ পিছ্দিনাই BTRৰ চুবৰীয়া জিলাত অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে আটকাধীন পিতা পুত্ৰই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ সৈতেও জড়িত বুলি বিশেষ সুত্ৰত প্ৰকাশ।
নিয়মীয়া বাৰ্তা, আগমনি, ৩ ছেপ্টেম্বৰ