তেজপুৰত দক্ষতা বিকাশ কেন্দ্ৰৰ ২০ প্ৰশিক্ষাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান
শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শোণিতপুৰ জিলাৰ দুৰুং চাহ বাগিচাত থকা দক্ষতা বিকাশ কেন্দ্ৰৰ ২০ প্ৰশিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।
সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰশিক্ষাৰ্থী সকলে ছ’ডেক্সো ইণ্ডিয়াৰ সৈতে কৰ্মসংস্থাপন লাভ কৰিছে। নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক মাহিলি দৰমহাৰ লগতে খাদ্য আৰু থকাৰ ব্যৱস্থাৰ সৈতে বাংগালোৰস্থিত ট’য়োটা কিৰ্লোস্কাৰত কৰ্মৰত হ’ব। ২০২৫ চনৰ ২৫ জুলাইত হোণ্ডা ইণ্ডিয়া ফাউণ্ডেশ্যনৰ চি এছ আৰ পদক্ষেপৰ অধীনত ভিছান ফাউণ্ডেশ্যন আৰু ভিভ’ স্কিলছ এণ্ড ট্ৰেইনিঙৰ সহযোগত, অসম দক্ষতা বিকাশ অভিযান (এ এছ ডি এম)ৰ সহযোগত এই দক্ষতা বিকাশ কেন্দ্ৰটো উদ্বোধন কৰা হয়।
এই পদক্ষেপেৰ দ্বাৰা নিয়োগৰ যোগ্যতা বৃদ্ধিৰ বাবে বিশেষ দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰি নিবনুৱা যুৱক-যুৱতী আৰু মহিলাসকলক সৱলীকৰণ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখযোগ্য যে, ইয়াৰ প্ৰথম দুটা পৰ্যায়ত কাষৰীয়া চাহ বাগিচাৰ চাহ জনজাতি সম্প্ৰদায়ৰ ৬৫ জন ছাত্ৰ-ছাত্ৰীয়ে অতিথি সেৱা সহযোগী চাকৰিৰ ভূমিকাত দুমাহৰ প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰে। ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ত ২০ জন প্ৰশিক্ষাৰ্থীয়ে কেম্পাছ নিযুক্তিৰ জৰিয়তে সফলতাৰে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।কালি এই অনুষ্ঠানত উপস্থিত থাকে হেমন্ত শইকীয়া, ডি পি এম-টি শোণিতপুৰ (এ এছ ডি এম); অংকিতা গগৈ, জিলা তথ্য আৰু জনসংযোগ বিষয়া, শোণিতপুৰ; দিপাংকৰ দাস, প্লেচমেণ্ট অফিচাৰ (ভিভ’ স্কিলছ এণ্ড ট্ৰেইনিং); বিশাল ঘোষ, প্ৰকল্প পৰিচালক (ভিভ’ দক্ষতা আৰু প্ৰশিক্ষণ); প্ৰশিক্ষকদ্বয় ফুলেশ্বৰী দাস আৰু পূজা ৰায়।
বিশেষ বাৰ্তা তেজপুৰ, ৩ ছেপ্টেম্বৰ