হাৰ্টথ্ৰবৰ জন্মদিনত ‘মহানায়ক প্রাণৰ জুবিন’ শীর্ষক গ্ৰন্থ উন্মোচন
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যোৰহাট জিলা ক্ৰীড়া সস্থাৰ খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত আজি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।
যোৰহাট সাহিত্য সভাৰ উদ্যোগত আয়োজিত সভাত হিয়াৰ আমঠু, জনতাৰ শিল্পী জুবিন গার্গৰ জীৱন-কর্মৰ বহুকেইটা দিশ আলোকপাতেৰে অসমৰ বহুগৰাকী বিশিষ্ট লেখকৰ প্রবন্ধ সন্নিৱিষ্ট তথা যোৰহাট সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাহিত্যসেৱক যুগল কিশোৰ আগৰৱালাৰ সম্পাদিত ‘মহানায়ক প্রাণৰ জুবিন’ শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।
যোৰহাট সাহিত্য সভাৰ সম্পাদক অজন্ত কুমাৰ বৰাই আঁত ধৰা সভাত প্রথমেই জুবিন গার্গৰ প্রতিচ্ছবিৰ সন্মুখত পুস্পাঞ্জলি অর্পণ কৰে বিশিষ্ট সমাজসেৱক বাবুলাল গগৈয়ে। অনুষ্ঠানত যোৰহাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ এ কে দাস, দেৱীচৰণ বৰুৱা ছাত্রী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধীৰেণ তামূলী, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক অৰুণ পাঠক, যোৰহাট জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি ভৱ গোস্বামী, বিশিষ্ট লেখক প্রদীপ খাদৰীয়াই জুবিন গার্গৰ সন্দর্ভত বক্তব্য আগবঢ়ায়।
মাধুৰী শর্মা সভাপণ্ডিতে কবিতা পাঠ কৰা সভাত বিশিষ্ট লেখিকা বিমলা শর্মা, অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক প্রতাপ চন্দ্র বৰুৱা, যোৰহাট জিলা সাহিত্য সভাৰ উপ সভাপতি মাধৱ মহন্ত, সম্পাদক মিতালী শইকীয়া, যোৰহাট সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰাজা চক্রৱতী, ড০ দিপালী খাৰঘৰীয়া কলিতাই মঞ্চত আসন গ্ৰহণ কৰে।
গ্ৰন্থখনৰ সম্পাদক যুগল কিশোৰ আগৰৱালাই গ্ৰন্থখনৰ প্রকাশৰ আঁৰৰ কথা ব্যক্ত কৰা সভাত যোৰহাট সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী গোস্বামী, জুবিন গার্গৰ পেহীয়েক বীণাপাণি অধ্যাপক, সাহিত্যিক পেঞ্চনাৰ যোগমায়া গগৈ, লেখিকা অষ্টমী দত্ত, ঊষা বৰা, অধ্যাপিকা ড০ গায়ত্রী গোস্বামীকে ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে গ্ৰন্থখন প্রকাশ কৰিছে যোৰহাট সাহিত্য সভাৰ হৈ সম্পাদক অজন্ত কুমাৰ বৰাই।
নিয়মীয়া বাৰ্তা, চিনামৰা, ১৮ নৱেম্বৰ