ব্ৰহ্মপুত্ৰত উদ্ধাৰ তৃতীয়টো মৃতদেহ, এতিয়াও সন্ধানহীন দুজন
১০ ডিচেম্বৰৰ পুৱা গুৱাহাটীৰ খাৰঘুলি নদীঘাটত স্নান কৰিবলৈ ব্ৰহ্মপুত্ৰত নমা ৯জনৰ ভিতৰত সোঁতত উটি গৈছিল ৫ জন
গুৱাহাটীৰ খাৰঘুলি অঞ্চলত ব্ৰহ্মপুত্ৰৰ সোঁতত উটি যোৱা আন এজন নিখোজ ব্যক্তিৰ মৃতদেহ বুধবাৰে (১৭ ডিচেম্বৰ) উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। হাৰিয়ানাৰ গুৰগাঁও (গুৰগ্ৰাম) নিৱাসী সাগৰ গৌতমৰ মৃতদেহ আজি এনডিআৰএফৰ দলে জাইকাৰ ICA ৱাটাৰ প্ৰজেক্টৰ ইনটেক প্লাণ্টৰ ওচৰত উদ্ধাৰ কৰে। পিছত মৃতদেহটো উজান বজাৰ নদীঘাটলৈ অনা হয়।
উল্লেখযোগ্য যে ১০ ডিচেম্বৰৰ পুৱা খাৰঘুলি নদীঘাটত স্নান কৰিবলৈ ব্ৰহ্মপুত্ৰত নামি পৰাৰ পিছতে শক্তিশালী সোঁতত উটি গৈছিল পাঁচজন ব্যক্তি।
ইয়াৰ পূৰ্বে উদ্ধাৰকাৰী দলে বঙাইগাঁও নিৱাসী ৰণক চাদক আৰু বিশ্বনাথ চাৰিআলিৰ প্ৰদীপ ৰায় (১৮)ৰ মৃতদেহ উদ্ধাৰ কৰিছিল।
এতিয়াও বিশ্বনাথ চাৰিআলিৰ উপেশ কুমাৰ (৪৩) আৰু গুৱাহাটীৰ উজান বজাৰৰ অভিজিত (২০) সন্ধানহীন হৈ আছে। দুয়োজনক জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ আশাও ক্ৰমাৎ ক্ষীণ হৈ আহিছে। তাৰ পিছতো এনডিআৰএফ আৰু এছডিআৰএফৰ ডুবাৰু দলৰ দ্বাৰা নিখোজ দুজনক উদ্ধাৰৰ অভিযান অব্যাহত আছে।
এনডিআৰএফৰ এজন বিষয়াই জনোৱা মতে, খাৰঘুলি পাহাৰত অৱস্থিত কৃষ্ণ মন্দিৰ ‘ভক্তি কুটীৰ’ দৰ্শন কৰিবলৈ অহা নজনীয়া এটা দলে, য’ত এজন আমেৰিকান নাগৰিক আৰু ভাৰতীয় মূলৰ দুজন অষ্ট্ৰেলিয়ান নাগৰিক আছিল- স্নান কৰিবলৈ নদীঘাটৰ ফালে গৈছিল।
তেওঁলোকৰ মাজৰ তিনিজন ভাল সাঁতোৰ জানিছিল আৰু সেয়ে তেওঁলোকে নদীত নামি পৰে। নদীৰ কিছু অংশ পাৰ হৈ তেওঁলোকে এটা বালিৰ চৰত উপস্থিত হৈ বিপৰীত পাৰৰ বন্ধু-বান্ধৱক নদীত নামিবলৈ বাধা দিয়ে, কিয়নো মাজভাগত পানী গভীৰ আছিল আৰু সোঁত যথেষ্ট প্ৰবল আছিল।
কিন্তু সতর্কবাণীক গুৰুত্ব নিদি আনটো দলে পানীত নামি পৰে। কিছু সময়ৰ ভিতৰতে ছজন ব্যক্তি শক্তিশালী সোঁতত পৰি উটি যায়।
তেওঁলোকৰ ভিতৰত এজন কোনো মতে পাৰলৈ উঠিবলৈ সক্ষম হয় যদিও বাকী পাঁচজন সোঁতত উটি যায় বুলি এনডিআৰএফ বিষয়াই জানিবলৈ দিয়ে।
নিৰাপদে পাৰলৈ উঠা চাৰিজনৰ ভিতৰত তিনিজনক আমেৰিকান নাগৰিক জেকব নুটচেন, প্ৰণৱ নায়াৰ আৰু কেশৱ ভাৰ্মা বুলি চিনাক্ত কৰা হৈছে।
ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ