নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যতীন বৰাৰ নতুন ছবি ‘চেলেঞ্জ’ৰ ফাৰ্ষ্ট লুক মুকলি

হোটেল তাজ ভিভাণ্টাত মোশ্বন পিকচাৰ মুকলি

অনুষ্ঠানত উপস্থিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা-আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ দাক্ষিণাত্যৰ চলচ্চিত্ৰসমূহে আঞ্চলিকতাৰ ডেওনা অতিক্ৰম কৰি দেশজুৰি লাভ কৰা জনপ্ৰিয়তাক আৰ্হি হিচাবে লৈ অসমৰ পৰাও নিৰ্মাণ হবলৈ লৈছে এখন পূৰ্ণদৈর্ঘৰ চলচ্চিত্ৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাণিজ্যিক ধাৰাৰ অসমীয়া চলচ্চিত্ৰক উজলাই তোলাটো যিকোনো ছবি নিৰ্মাতাৰ বাবে এক প্ৰত্যাহ্বান আৰু সেই প্ৰত্যাহ্বানকে গ্ৰহণ কৰি মাচমে এণ্টাৰটেইণ্টমেণ্টৰ অধীনত নিৰ্মান হব এখন অসমীয়া চলচ্চিত্ৰ ‘চেলেঞ্জ’। মূলতঃ অসমীয়া ভাষাত নিৰ্মাণ হলেও এই ছবিখন হিন্দী আৰু বাংলা ভাষাতো মুক্তি দিয়া হব। আজি পঞ্চতাৰকাযুক্ত হোটেল ভিভান্তাত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত চলচ্চিত্ৰখনৰ নাম, ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু মোশ্বন পিকচাৰ মুকলি কৰা হয়। দুই শতাধিক শিল্পী, কলা কুশলী, সাংবাদিক তথা সংস্কৃতিৱান ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভণিতেই বন্তি প্ৰজ্বলন কৰে আৰক্ষীৰ উপ মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই। ইয়াৰ পাছতেই চলচ্চিত্ৰখনৰ নাম, ফাৰ্ষ্ট লুক প’ষ্টাৰ আৰু মোশ্বন পিকচাৰ মুকলি কৰে ৰাজ্যসভাৰ সন্মানীয় সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাস আৰু প্ৰযোজক এম মাচমে আলমে। ‘চেলেঞ্জ’ চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। যতীন বৰাৰ বিপৰীতে নায়িকা হিচাবে থাকিব বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অচিৰেই ঘোষণা কৰিব অভিনেত্ৰীগৰাকীৰ নাম। লগতে থাকিব এদল অভিজ্ঞ ন-পুৰণি শিল্পী। এন জে আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হবলগীয়া ‘চেলেঞ্জ’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বিশিষ্ট চিত্ৰনাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ। সংগীত অজয় ফুকনৰ। চিত্ৰগ্ৰহণ কৰিব হৃদয় গগৈ (গ’গ) আৰু এক্সন নিৰ্দেশনাৰ দায়িত্বত থাকিব দাক্ষিণাত্যৰ ৰাজেশ কান্নাড়। অসমৰ ভিন্ন মনোৰম ঠাইৰ লগতে মুম্বাই, গোৱা, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, হায়দৰাবাদৰ ৰাম’জী ষ্টুডিঅ’ আদিত চিত্ৰগ্ৰহণ হ’বলগীয়া ছবিখনৰ সহ: প্ৰযোজনা চৈয়দ হাফিজুল ইছলামৰ। অহা মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হব ।

You might also like