নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ইষ্টেমাত লক্ষাধিক লোকৰ সমাৱেশ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ৰঙিয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুষ্ঠান ইষ্টেমাৰ আজি অন্তিম দিনা অগণন লোকৰ সমাগম ঘটে। লোকাৰণ্য হৈ পৰে শ’লমাৰীৰ পথাৰ। অসমৰ ৭খন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অহা লক্ষাধিক ধৰ্মপ্ৰাণ লোকে উক্ত ইষ্টেমাত অংশগ্ৰহণ কৰে। পুৱতিনিশাই ফজৰৰ নামাজৰ পূৰ্বে আহি ইজটিমাত ভাগ লয়। মঙলবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনা সোঁত বৈছে ধৰ্মপ্ৰাণ ৰাইজৰ। দিল্লীৰ নিজামুদ্দিনৰ কেইগৰাকীমান ধৰ্মগুৰু আৰু অসমৰ কেইজনমান ধৰ্মগুৰুৱে ধৰ্মৰ ওপৰত ইষ্টেমাত অংশগ্ৰহণ কৰি ধৰ্মীয় তত্ত্বৰ ওপৰত বক্তৃতা দিয়ে। লগতে ধৰ্মবিৰোধী কাৰ্য, সমাজবিৰোধী কাৰ্য, আইনবিৰোধী কাৰ্য, অনৈতিক কাৰ্য, মদ, ড্ৰাগছ, নিচা জাতীয় দ্ৰব্য আদিৰ পৰা কেনেকৈ দূৰত থাকিব তাৰ ওপৰত বক্তব্য ৰাখে। ইফালে ইষ্টেমাৰ সময়চোৱাত যান-যঁটৰ সমস্যা দূৰ কৰাৰ বাবে দুই সহস্ৰাধিক স্বেচ্ছাসেৱকক নিয়ো‌গ কৰা হৈছে। লগতে ইষ্টেমাত অংশগ্ৰহণ কৰিবলৈ অহা লোকসকলৰ বাবে বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থা কৰা হয়। এই ইস্তেমাৰ বাবে ৰাইজে আগবঢ়াই প্ৰায় ৬০ হাজাৰ বাঁহ, গাড়ীয়ে গাড়ীয়ে ধানৰ নৰা। প্ৰায় ৫০০ বিঘাৰ বৃহৎ পথাৰত নিৰ্মাণ কৰা হয় ইষ্টেমাৰ পেণ্ডেল। অসমৰ কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, দৰং, বাক্সা, দক্ষিণ কামৰূপ আৰু শ্বিলঙৰ পৰা লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। ইস্তেমাৰ অন্তত লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like