Decoding জীৱন : মই ক’ম মই ক’ম
এয়া এতিয়া স্বাভাৱিক হৈ পৰিছে৷ কাৰণ আমি অভ্যস্ত হৈ পৰিছোঁ বা পৰিবলৈ বাধ্য হৈছোঁ৷ আমি এতিয়া এনে এখন পৃথিৱীত আছোঁ য’ত কথা কোৱাটো প্রবৃত্তিগত, শুনিবলৈহে কষ্ট কৰিবলগীয়া হয়৷
ড০ পার্থসাৰথি মহন্ত
কথা৷ সকলোৱে কয়৷ সকলোকে ক’বলৈ লাগে৷ শুনিবলৈ কাৰো সময় নাই৷ আচলতে ইচ্ছা নাই৷ কথা ক’বলৈ এতিয়া প্রতিযোগিতা৷
অনানুষ্ঠানিক কথা–বতৰা প্রায়ে উদ্দেশ্য নোহোৱাকৈয়ে আৰম্ভ হয়৷ কেইজনমান মানুহ ক’ৰবাত বহি আছে৷ কোনোবা এজনে কথা ক’বলৈ আৰম্ভ কৰে৷ নাটকীয়ভাৱে নহয়, জোৰেৰেও নহয়– সাধাৰণ কিবা এটা– এটা চিন্তা, স্মৃতি, মন্তব্য– কিবা এটা৷ কথাখিনি শেষ হোৱাৰ আগতেই আন এজনে মাত দিব৷ বিষয় একে থাকে, কেন্দ্র স্থানান্তৰিত হয়৷ দ্বিতীয়জনেও হয়তো নিজৰ কথাখিনি সম্পূর্ণ কৰিবলৈ নাপাব৷ সংঘাত নহ’ব পাৰে, মাত ডাঙৰ নহ’ব পাৰে, কিন্তু সম্পূর্ণ নহ’ব৷ কথা–বতৰা পিছে চলি থাকিব৷
এয়া এতিয়া স্বাভাৱিক হৈ পৰিছে৷ কাৰণ আমি অভ্যস্ত হৈ পৰিছোঁ বা পৰিবলৈ বাধ্য হৈছোঁ৷ আমি এতিয়া এনে এখন পৃথিৱীত আছোঁ য’ত কথা কোৱাটো প্রবৃত্তিগত, শুনিবলৈহে কষ্ট কৰিবলগীয়া হয়৷
আজিৰ কথা–বতৰা যেন বজাৰৰ কোলাহল৷ সকলোকে ক’বলৈ লাগে৷ সকলোৰে মনোযোগ বিচাৰে৷ নিজৰ মাতটোহে ৰজনজনাই থাকিব লাগে৷ মানুহে আজিকালি মুকলি বা নিৰপেক্ষ মন এটা লৈ কথা–বার্তাত ভাগ নলয়৷ কাহিনী, মতামত, হতাশা– এই সকলোবোৰ প্রকাশ কৰিবলৈ, উলিয়াই দিবলৈ তেওঁলোকে কথাত ভাগ লয়৷ গতিকে কোনোবাই যেতিয়া কথা কয়, আনে শুনিবই বুলি ক’ব নোৱাৰি৷ তেওঁলোক আচলতে সুযোগৰ অপেক্ষাত থাকে, কেতিয়া মাজতে জঁপিয়াই পৰিব পাৰে৷ কথা–বার্তা এতিয়া আনৰ কথা শুনাৰ নহয়, নিজে কথা কোৱাৰ সুবিধা৷
ভাবৰ উপযুক্ত প্রকাশ মানৱ সমাজত সদায়ে প্রশংসিত হৈ আহিছে৷ কথা কোৱা ভাব প্রকাশৰ মাধ্যম৷ ভাবৰ সুন্দৰ প্রকাশক আমি প্রশংসা কৰোঁ৷ উদ্যাপন কৰোঁ৷ কেঁচুৱাক মাত ল’বলৈ উৎসাহিত কৰোঁ, ডাঙৰ হোৱাৰ পাছত সকলো ক্ষেত্রতে বিষয় এটাক উচিতভাৱে উপস্থাপন কৰিবলৈ উৎসাহিত কৰোঁ৷ আত্মবিশ্বাসেৰে সঘনাই কথা কোৱাসকল জনজীৱনত পুৰস্কৃত হয়৷ আনহাতে মৌনতাক আমি ভুলকৈ বুজো৷ নিমাত মানুহ এজন নিজৰ চিন্তা বা মত লৈ নিশ্চিত নহয় যেন বোধ হয়৷ লাহে লাহে কথা কোৱা বক্তা এজনক অপ্রস্তুত যেন লাগে৷ শ্রোতাকতো আমি লক্ষ্যই নকৰোঁ৷ এনে প্রৱণতাই সামাজিক আচৰণক গঢ় দিয়ে৷ কথা ক’লেহে চকুত পৰে, শুনিলে নহয়৷ কথা কোৱাটোৱেই হৈ পৰে উপস্থিতিৰ প্রমাণ৷
তদুপৰি কথা ক’লে মানসিকভাৱে এটা তাৎক্ষণিক সকাহ পোৱা যায়৷ টেনচন দূৰ হয়, পৰিচয় দৃঢ় হয়, নিয়ন্ত্রণৰ অনুভূতি হয়৷ কেৱল শুনি থাকিলে ইয়াৰ ওলোটা ক্রিয়া হয়৷ আমি নিজৰ মত প্রকাশ কৰিব নোৱাৰোঁ, আমাৰ যেন বিপৰীত কোনো স্থিতি নাই, এনেয়ে ধৈর্য ধৰি থাকিবলগীয়া হয়৷ আজিৰ পৃথিৱীত ধৈর্য ধৰা পৰাজিত হোৱাৰ সমার্থক৷ সেয়েহে মানুহে কথা কয়৷ আত্মকেন্দ্রিক কাৰণে নহয়, অস্থিৰ কাৰণে৷ তেওঁলোকে কথা–বতৰাত নিজৰ এটা স্থান বিচাৰে, কাৰো অলক্ষিতে হেৰাই যাব নিবিচাৰে৷
সেয়েহে মানুহ ৰৈ থাকে– শুনি নহয়, কথা ক’বলৈ৷ মনে মনে আছে মানে শুনি আছে নহয়, ৰৈ আছে– কথা ক’বলৈ নিজকে প্রস্তুত কৰি আছে৷ শব্দকেইটা কাণত পৰি থাকে, কিন্তু মনটো আন ঠাইত থাকে৷ কেনেকৈ কি ক’ব আখৰা কৰি থাকে৷ ফলত এনে এক কথোপকথনৰ সৃষ্টি হয় য’ত সকলোৱে ভাগ লয় অথচ আচৰিত ধৰণে শূন্য৷ কাৰণ সকলোৱে কেৱল কথাহে কয়, বুজিব কোনেও নোখোজে৷
স্বগতোক্তিহে কৰে সকলোৱে৷ কাৰণ কথোপকথনৰ স্বাভাৱিক প্রৱাহ আমি নিজেই ব্যাহত কৰোঁ৷ পর্যায়ক্রমে৷ এজনৰ কাহিনীয়ে আন এজনৰ কাহিনীৰ সূচনা কৰে৷ কথা–বতৰাবোৰ ব্যক্তিগত সম্প্রচাৰ হৈ পৰে৷ প্রতিজন ব্যক্তিয়ে আনজনৰ ওচৰত কথা কয়, লগত নহয়৷
এইটো নহয় যে মানুহে কথা কোৱাটো হঠাতে বন্ধ কৰি দিয়ে৷ তেৱোঁ ক’বলৈ চেষ্টা কৰে৷ বাধা পালে কথাখিনি অলপ সাল–সলনিও কৰে৷ কিন্তু বাৰম্বাৰ বাধা পালে হাৰ মানি ল’বলগীয়া হয়৷ মনে মনে থাকিবলগীয়া হয়৷
এই মৌনতা মানে শান্তি নহয়৷ এই মৌনতা কেতিয়াবা বাধ্যবাধকতা, কেতিয়াবা কৌশল৷ মানুহে চুটি চুটি উত্তৰ দিবলৈ লয়৷ বন্ধুত্বৰ ক্ষেত্রত এজন সদায় কথা কৈ থকা আৰু আনজন শুনি থকা হৈ পৰে৷ কর্মক্ষেত্রত হৈ পৰে বিচ্ছিন্নতা, নাম দিয়া হয় পেছাদাৰিত্ব৷
সেইকাৰণেই আধুনিক নিঃসংগতা সদায় শূন্য যেন নালাগে৷ এই নিঃসংগতা কথোপকথনৰ মাজতেই সোমাই থাকে৷ মানুহ হয়তো অনবৰতে পৰিৱেষ্টিত, সামাজিকভাৱে সক্রিয়–তথাপিও আৱেগিকভাৱে অস্পৃশ্য৷ তেওঁলোকে কথা পাতে, হাঁহে, মন্তব্য কৰে, প্রতিক্রিয়া প্রকাশ কৰে– কিন্তু গ্রহণ কৰাটো অনুভৱ নকৰে৷ নিঃসংগতা আজি মানুহৰ অনুপস্থিতি নহয়– বুজাবুজিৰ অভাৱ৷
কথা কোৱাতকৈ শুনাটো কঠিন কাৰণ শুনিবলৈ আভ্যন্তৰীণ নিস্তব্ধতাৰ প্রয়োজন৷ নিস্তব্ধতাই আৱেগক উলিয়াই আনে৷ আৱেগে মনোযোগ বিচাৰে৷ মনোযোগৰ কাৰণে আমাক ধীৰতা লাগে৷ পিছে গতিৰ পিছত দৌৰা পৃথিৱীখনত ধীৰ হৈ পৰাটো যেন অদক্ষতা৷ সেয়েহে কথা ক’বলৈ আমাৰ সময় আছে, শুনি–বুজি কথাৰ গভীৰতাত সোমাবলৈ আমাৰ সময় নাই৷
আমি যেতিয়া কথা কওঁ তেতিয়া আমি নিজৰ অভিজ্ঞতাৰ ভিতৰতে থাকোঁ৷ শুনিলে আনৰ পৃথিৱীত সোমাওঁ৷ সেই পৰিৱর্তনৰ কাৰণে আৱেগিক নমনীয়তাৰ প্রয়োজন৷ আনৰ পৃথিৱীত, আনৰ দৃষ্টিভংগীত অস্বস্তিকৰ, বিভ্রান্তিকৰ কিবা এটা শুনিব লগা হ’ব পাৰে বুলিও শংকিত হওঁ৷ গতিকে নিৰাপদে থাকিবলৈ কথা কওঁ৷
বহু পৰিয়ালত মুকলিমূৰীয়াকৈ কথা ক’ব পাৰি৷ কিন্তু শুনাটোও দৰকাৰী৷ শুনাইহে ঘৰ এখনক ঘৰত পৰিণত কৰিছে৷ কথা কোৱা আৰু শুনাই বন্ধুত্ব আদি বিভিন্ন সম্পর্কৰো ভাৰসাম্যহীনতা উন্মোচন কৰে৷ কেৱল শুনি থাকিবলগীয়া হ’লে শ্রোতাজন ভাগৰুৱা হৈ পৰে৷ সম্পর্কৰ অন্ত নপৰিব পাৰে৷ কিন্তু ম্লান হৈ পৰে৷ নেতৃত্বৰ ক্ষেত্রতো একে কথা৷ নেতৃত্বই কথা ক’বই লাগিব– নির্দেশনা দিব লাগিব, কর্তৃত্ব ৰাখিব লাগিব৷ পিছে শুনিবও লাগিব৷ শুনাটো নেতৃত্বৰ দুর্বলতা নহয়৷
মানুহৰ কথা কোৱাৰ হেঁপাহটো এটা মৌলিক প্রয়োজনীয়তাৰ পৰা উদ্ভৱ হয়– স্বীকৃতি৷ মানুহে নিজৰ অভিজ্ঞতাই আটাইতকৈ গুৰুত্বপূর্ণ হোৱাটো বিচাৰে, সবাতোকৈ মূল্যৱান বুলি সকলোৱে ভবাটো বিচাৰে৷ আনে কথা ক’লে আনে স্বীকৃতি পাব৷ গতিকে নিজৰ স্বীকৃতিৰ বাবে কথা কয়৷
শুনাটো কোনো কৌশল নহয়৷ ই হৈছে আন এজন মানুহৰ অভিজ্ঞতাৰ লগত কিছু সময় থাকিবলৈ ইচ্ছা৷ ই কোনো সমাধান নিদিব পাৰে৷ কিন্তু সাময়িকভাৱে হ’লেও সকাহ দিয়ে৷ পাহৰিব পৰা আৰু অর্থপূর্ণ কথোপকথনৰ মাজৰ পার্থক্য শুনিলেহে বুজিব পাৰি৷ কাৰণ শুনাই নিজকে ঘোষণা নকৰে যদিও ইয়াৰ অনুপস্থিতি সদায় অনুভৱ কৰা হয়৷
আজিৰ পৃথিৱীত কথাৰ অভাৱ নাই৷ কিন্তু এনে ঠাই নাই য’ত আনে কথাখিনি শুনে৷ বহুতে কথা কৈ থাকে বা ক’ব খোজে কাৰণ তেওঁলোকে শুনা মানুহ পোৱা নাই৷
আমি হয়তো নীৰৱে এটা কাম কৰিব লাগিব– কথা শুনাৰ ধৈর্য আৰু আনক কথা ক’বলৈ দিয়া দুয়োটাই শিকিব লাগিব৷ আমাক আনে কোৱা কথা আমি মনত নাৰাখিব পাৰোঁ, কিন্তু আনে যেতিয়া আমাৰ কথা শুনে সেয়া আমি কেতিয়াও নাপাহৰোঁ৷