জুবিনৰ মৃত্যুকাণ্ড : পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মাত ৫ অভিযুক্ত
জেলতে আছে ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। বৰ্তমান তেওঁলোক বাক্সা জিলা কাৰাগাৰৰ আলহী।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰে জড়িত ৫জন অভিযুক্তক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আদালতে আজি এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰক্ষীয়ে তদন্তৰ অংশ ৰূপে সন্দেহজনক ভূমিকা থকা ৫জনক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক বৰ্তমান জেলতে আছে আৰু তদন্তৰ প্ৰয়োজনীয়তা দেখি ন্যায়ালয়ে জিম্মাৰ ম্যাদ বৃদ্ধি কৰে।
উল্লেখ্য যে জেলতে আছে ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। বৰ্তমান তেওঁলোক বাক্সা জিলা কাৰাগাৰৰ আলহী।
স্মৰ্তব্য যে বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ দিনাই উদ্ভৱ হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি, যত আৰক্ষীয়ে গুলীচালনা কৰিব লগা হৈছিল।
আৰক্ষী সূত্ৰৰ মতে, ঘটনাৰ মূল কাৰণ উদঘাটনৰ বাবে অধিক তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলি আছে। তদন্ত সম্পূৰ্ণ নহোৱালৈকে অভিযুক্তসকলক জিম্মাত ৰাখি আগবঢ়োৱা হ’ব তদন্ত প্ৰক্ৰিয়া।
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যজুৰি উদ্ভৱ হৈছে গভীৰ শোক আৰু ক্ষোভৰ প্ৰতিক্ৰিয়া। জনগণৰ দাবী— এই ঘটনাৰ সৈতে জড়িত সকলো দোষীক কঠোৰতম শাস্তি প্ৰদান কৰা হ’ব লাগিব।