নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষা-সংস্কৃতিৰ শক্তি

ভাষা আৰু সংস্কৃতিয়ে আমাৰ সমাজখনক কিদৰে শক্তিশালী কৰি ৰাখিছে, সেয়া আকৌ এবাৰ প্রমাণ হ’ল প্রাণৰ শিল্পী জুবিন গার্গৰ আকস্মিক বিয়োগত৷ অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ মহাপ্রয়াণৰ পিছতে জাগ্রত হৈছে অসমীয়া সত্তা৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনভূমি অসমত সমন্বয়ৰ অনিৰুদ্ধ যাত্রা অব্যাহত আছে দশক দশক ধৰি৷ এই বিভিন্ন জাতি–জনগোষ্ঠীৰ ভাষা–সংস্কৃতিয়ে সমৃদ্ধ কৰিছে অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল৷ বিগত চাৰিটা দশকত অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল যিদৰে চহকী হৈছে একেদৰে ৰাজ্যখনৰ প্রতিটো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভাষা–সংস্কৃতিৰো উত্তৰণৰ পথ প্রশস্ত হৈছে৷ ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীৰ লোকসকলৰ মাজত স্বাধিকাৰ প্রতিষ্ঠাৰ যুঁজখনক লৈ বিভিন্ন সময়ত বিতর্কৰ সূচনা হ’লেও এনে সংগ্রামখনে বৃহত্তৰ অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ অসমীয়া ভাষা–সংস্কৃতিক নতুন দিগন্তত উপনীত কৰি ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ বাবে নিৰন্তৰ সাধনাত ব্যস্ত আছিল জুবিন গার্গ৷ নব্বৈ দশকত অসমীয়া সংগীতক নতুন ধাৰা সৃষ্টিৰে বিশেষ জনপ্রিয় কৰাৰ ক্ষেত্রত অনবদ্য বৰঙণি আগবঢ়োৱা জুবিন গার্গে ৰাজ্যখনৰ প্রতিটো খিলঞ্জীয়া ভাষাত গীত গাইছে৷ ৰাজ্যখনৰ থলুৱা গীত–মাতক জনপ্রিয় কৰিবলৈ তেওঁ অহৰহ সাধনা কৰিছিল৷ ৪০টাৰো অধিক ভাষাত কণ্ঠদান কৰা প্রাণৰ শিল্পীগৰাকীৰ ভিন্নমুখী প্রতিভাই সমাজৰ যুৱপ্রজন্মকেই নহয়, সর্বশ্রেণীৰ লোকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল৷ প্রাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যুক অসমবাসীয়ে সহজে মানি ল’ব পৰা নাই৷ জুবিন গার্গৰ মৃত্যুৰ এমাহ অতিক্রম কৰিলে যদিও প্রাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত অসমবাসী সৰৱ হৈ আছে৷ প্রাণৰ শিল্পীগৰাকীৰ অন্তিম যাত্রাৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ সমাধিক্ষেত্রত সমৱেত অনুৰাগীৰ সংখ্যাই ইতিমধ্যে কেইবাটাও অভিলেখ ভংগ কৰিছে৷ মৃত্যুৰ পিছত জুবিন গার্গলৈ অসমবাসীয়ে প্রদর্শন কৰা সন্মানে দেশবাসীকে নহয়, বিশ্ববাসীকো আকর্ষণ কৰিছে৷ জুবিন গার্গৰ মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত এক আন্দোলন আৰম্ভ হৈছে৷ এই আন্দোলনত ৩০ লাখৰো অধিক লোকৰ অংশগ্রহণে বিশেষ তাৎপর্য বহন কৰিছে৷ সমান্তৰালভাৱে ৰাজ্যখনৰ প্রতিটো ৰাজনৈতিক দল–সংগঠনেও প্রাণৰ শিল্পীগৰাকীক ন্যায়ৰ দাবীত সৰৱ হৈ উঠা দেখা গৈছে৷
ছিংগাপুৰত অনুষ্ঠিত নর্থ–ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ গৈ সাগৰত ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱা জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ প্রকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই৷ সাগৰত সাঁতুৰি থকা সময়তে প্রাণৰ শিল্পীগৰাকীৰ মৃত্যু হৈছিল বুলি প্রচাৰ চলিছে৷ প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে তৎকালীনভাৱে এছআইটি গঠন কৰিছে৷ ইতিমধ্যে এছআইটিয়ে নর্থ–ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মা, বাদ্যযন্ত্রী শেখৰ গোস্বামী, কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত, জুবিন গার্গৰ সম্পর্কীয় ভাতৃ সন্দীপন গার্গ আৰু দুই দেহৰক্ষী ক্রমে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্রেপ্তাৰ কৰি ৰঙাঘৰত ৰাখিছে৷ জুবিন গার্গক শীঘ্রে ন্যায় প্রদানৰ দাবীত একাংশ লোকে এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ অহৰহ চক্রান্ত চলাই আছে৷ ছিংগাপুৰৰ পৰা জুবিন গার্গৰ নশ্বৰদেহ অসমলৈ অনাৰ সময়ৰে পৰা বিশেষ চক্রটোৰ অসমখনক অস্থিৰ কৰাৰ চক্রান্ত আৰম্ভ হৈছিল৷ এই চক্রটো ঘাইকৈ একাংশ বিৰোধী ৰাজনৈতিক দলৰ ছত্রছায়াতে সক্রিয় হৈ উঠিছিল যদিও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্য চৰকাৰৰ সক্রিয়তাৰ বাবে অৰাজক পৰিস্থিতিৰ উদ্ভৱ কৰিব পৰা নাছিল৷ জুবিন গার্গৰ এখন বিদেশী ৰাষ্ট্রত মৃত্যু হৈছে৷ তৎসত্ত্বেও ৰাজ্য চৰকাৰে গঠন কৰা এছআইটিয়ে ৭জন লোকক গ্রেপ্তাৰ কৰাৰ উপৰি প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ সময়ৰ সাক্ষী ১০জন ছিংগাপৰবাসী অসমীয়াক জেৰা কৰিছে৷ জুবিন গার্গৰ স’তে ঘনিষ্ঠ ৬০জনৰো অধিক লোকক এতিয়ালৈ সোধা–পোছা কৰিছে৷ জুবিন গার্গৰ মৃত্যুৰ স’তে কোন জড়িত সেয়া এছআইটিৰ তদন্তত নিশ্চিতভাৱে পোহৰলৈ আহিব৷ এছআইটিৰ অভিযোগনামাৰ ভিত্তিত আদালতত বিচাৰ প্রক্রিয়াৰ জৰিয়তে দোষী লোকসকলক উপযুক্ত শাস্তি বিহিব লাগিব৷ কিন্তু জুবিন গার্গক ন্যায়ৰ নামত এক শ্রেণীৰ লোকে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে৷ তেওঁলোকে বিচাৰে কাৰাৰুদ্ধ লোকসকলক বিচাৰ অবিহনে ৰাজহুৱা স্থানত ফাঁচি দিব লাগে৷ কিন্তু আমি এখন গণতান্ত্রিক ৰাজ্যৰ নাগৰিক৷ আমাৰ দেশৰ এখন সংবিধান আৰু আইন–আদালত আছে৷ তালিবানী শাসন ব্যৱস্থাৰ লেখীয়া অভিযুক্তক সন্দেহৰ ওপৰত ভিত্তি কৰি ৰাজহুৱা কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা আমাৰ ইয়াত নাই৷ যদিহে বিচাৰ প্রক্রিয়া অবিহনে এনে তালিবানী শাস্তি বিহা হয় তেন্তে বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশখনৰ মর্যাদা কিদৰে ৰক্ষা হ’ব সেয়া বিচার্যৰ বিষয়৷ জুবিন গার্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্র এক তীর্থভূমিত পৰিণত হৈছে৷ এমাহৰো অধিক দিন ধৰি সমাধিক্ষেত্রত দিনে–নিশাই হাজাৰ হাজাৰ লোকে চাকি–বন্তি জ্বলাই প্রাণৰ শিল্পীগৰাকীক শ্রদ্ধা নিবেদিছে৷ অসমত কোনো এজন ব্যক্তিক এইদৰে শ্রদ্ধা জনোৱাৰ উদাহৰণ নাই৷ কিন্তু তীর্থস্থানত পৰিণত হোৱা জুবিনক্ষেত্রখনো কলুষিত কৰাৰ এক গভীৰ চক্রান্ত আৰম্ভ হৈছে৷ একাংশ সুৰাপায়ী আৰু দল–সংগঠনে জুবিনক্ষেত্রৰ মর্যাদা হানি কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা চলাইছে৷ ৰাজ্যখনৰ ভাষা–সংস্কৃতিৰ প্রতি দায়বদ্ধ প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ যাতে কোনেও অপ্রীতিকৰ পৰিস্থিতি আৰু ৰাজনৈতিক মুনাফা লুটিব নোৱাৰে, তাৰ বাবে শিল্পীগৰাকীৰ প্রকৃত অনুৰাগীসকল অধিক সজাগ হ’ব লাগিব৷

You might also like