নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান সাহায্যৰ নামত আত্মসাৎ: ধন দিলেহে লাভ কৰে চাউল-দাইল…

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বছৰটোৰ দ্বিতীয়টো সংহাৰী বানত তচনচ হৈ পৰিছে ৰাজ্যৰ বিস্তীর্ণ অঞ্চল৷ কেইবাখনো নৈ–উপনৈৰ বাঢ়নী পানীয়ে নামনি আৰু মধ্য অসমত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ নিশাটোৰ ভিতৰতে উটি গৈছে বহু লোকৰ ঘৰ–দুৱাৰ৷ প্রাণৰ মমতাত ঘৰ–বাৰী এৰি বন্যার্তই আশ্রয় ল’বলগীয়া হৈছে ওখ স্থান অথবা চৰকাৰে স্থাপন কৰা শিবিৰত৷ সর্বস্ব হেৰুৱাই মূৰে–কপালে হাত দিবলগীয়া হোৱা এই বন্যার্তসকলৰ বাবে চৰকাৰী সাহায্যই শেষ সম্বল হৈ পৰিছে৷ এসাঁজ খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা বানপীড়িতৰ বাবে কোনো কৃপণালি নকৰাকৈ ৰাজ্য চৰকাৰে সাহায্য আগবঢ়াইছে যদিও একাংশ মধ্যভোগীৰ বাবে দুবেলা দুসাঁজৰ পৰাও তেওঁলোক বঞ্চিত হোৱাৰ উপক্রম ঘটিছে৷ বান পৰিস্থিতি উন্নত নোহোৱাত শিবিৰতে দিনে–নিশা কটাবলগীয়া হোৱা বন্যার্তৰ বাবে চৰকাৰে প্রদান কৰা সাহায্য সামগ্রীও আত্মসাৎ কৰিবলৈ একাংশই উঠিপৰি লগাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কেৱল অভিযোগেই নহয়, বহু স্থানত একাংশ অসাধু লোকৰ বাবে বান সাহায্য লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে, সেয়া মুকলিকৈ বন্যার্তই প্রকাশ কৰিছে৷

ক’ৰবাত বন্যার্তৰ বাবে অহা সামগ্রী বিতৰণ নকৰি লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে, আন ক’ৰবাত আকৌ ধন আদায় দিহে বানপীড়িতই সাহায্য সামগ্রী লাভ কৰিবলগীয়া হৈছে৷ শেহতীয়াকৈ নগাঁৱত কালৰূপী বানত একপ্রকাৰ বিধ্বস্ত হৈ পৰা কামপুৰৰ বৃহত্তৰ অঞ্চলৰ লোকৰ পৰা সাহায্য সামগ্রীৰ নামত ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত তথ্য অনুসৰি কামপুৰ বাহাকাবাৰীত চাউল আৰু দাইল যোগানৰ নামত প্রতিটো পৰিয়ালৰ পৰা ৩০ টকাকৈ সংগ্রহ কৰা হৈছে৷ পৰিবহণ ব্যয়ৰ দোহাই দি বানাক্রান্ত পৰিয়ালসমূহৰ পৰা এই ধন সংগ্রহ কৰা হৈছে৷ অঞ্চলটোৰ প্রায় ২৮৮ ঘৰ লোকে ৩০ টকাকৈ প্রদান কৰি বান সাহায্যৰ চাউল আৰু দাইল লাভ কৰা বুলি জানিব পৰা গৈছে৷

সংবাদ মাধ্যমৰ আগত এগৰাকী বানাক্রান্ত মহিলাই নিজৰ দুর্দশাৰ কথা সদৰী কৰি কান্দি–কাটি কয় যে ৩০ টকা দি ৮০০ গ্রাম চাউল আৰু ১০০ৰ পৰা ১৫০ গ্রাম দাইল তেওঁলোকে লাভ কৰিছে৷ যদি এই সময়ত ধন দি চাউল–দাইল কিনাৰ সামর্থ্যই থাকিলহেঁতেন, তেনেহ’লে চৰকাৰী সাহায্য লাভ কৰিলে এসাঁজ খাব পাব বুলি আশা কৰি বহি নাথাকিলহেঁতেন বুলিও তেওঁ আক্ষেপ প্রকাশ কৰে৷ মহিলাগৰাকীৰ উপৰি আন কেইবাজনো ব্যক্তিয়ে চাউল–দাইল লাভ কৰাৰ বিনিময়ত ধন দিবলগীয়া হোৱা বুলি প্রকাশ কৰিছে৷ স্থানীয়ভাৱে বান সাহায্য তদাৰক কৰা লোকসকলে এই ধন সংগ্রহ কৰা বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, কামপুৰ ঘিলানী, পিপৰা গাঁৱতো বান সাহায্য প্রদানৰ নামত ৫ৰ পৰা ১০ টকা পর্যন্ত বন্যার্তৰ পৰা সংগ্রহ কৰা হৈছে৷ ১০ দিন ধৰি ঘৰ–বাৰী এৰি ওখ স্থানত আশ্রয় লোৱা বানপীড়িতসকলৰ পৰা ধন লোৱা কার্যই স্বাভাৱিকতে চর্চা লাভ কৰিছে৷ অৱশ্যে বান সাহায্যৰ নামত অবৈধভাৱে ধন সংগ্রহ কৰা এইসকল ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি উপায়ুক্ত নিসর্গ হিভৱেৰে সদৰী কৰিছে৷ তেওঁ প্রকাশ কৰা অনুসৰি বান সাহায্যৰ যাতায়াতৰ সমস্ত খৰচ প্রশাসনে বহন কৰাৰ লগতে জনমূৰি হিচাপত খাদ্য–সামগ্রী গাঁওসমূহলৈ প্রেৰণ কৰা হৈছে৷ একে ধৰণৰ অনিয়মৰ বাতৰিও আহিছে যোগীঘোপাৰ পৰা৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তর্গত ঔডুবি গাঁও পঞ্চায়তৰ উপ–সভানেত্রী বুলুৱাৰা বেগমে বানপীড়িতৰ বাবে অহা সামগ্রী লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ যোগীঘোপা থানাৰ অন্তর্গত ঔডুবি পঞ্চায়তৰ উপ–সভানেত্রী তথা খেলুৱাপাৰা সপ্তম খণ্ড গাঁৱৰ সদস্যা বেগমে আত্মীয়ৰ ঘৰত ১১ বেগ চাউল আৰু ৫ বেগ দাইল মজুত কৰি ৰাখিছিল৷ তদুপৰি ১৭খন তির্পাল, ১ বেগ চাউল আৰু ১ বেগ দাইল আন এখন নাৱত গোপনে তেওঁ মজুত কৰি ৰাখিছিল৷ পৰৱর্তী সময়ত স্থানীয় ৰাইজে তেওঁ লুকুৱাই ৰখা বান সাহায্য সামগ্রীসমূহ উদ্ধাৰ কৰাৰ লগতে যোগীঘোপা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ বইটামাৰী ৰাজহ চক্র বিষয়া সুজাতা গোস্বামীয়ে এই এজাহাৰখন দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷ আজি আৰক্ষীয়ে অনিয়ম সংঘটিত কৰা বুলুৱাৰা বেগমক গ্রেপ্তাৰ কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ৪০৯ ধাৰাৰ অধীনত ৰুজু কৰা ১১২/২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত বেগমক ধুবুৰী জিলাৰ চাপৰৰ পৰা গ্রেপ্তাৰ কৰে৷ ধৃত বেগমক উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে বেগমক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

ইফালে, ছিপাঝাৰৰ ধলপুৰৰ বানপীড়িতৰ মাজত আবণ্টিত সাহায্য সামগ্রী আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, ১নং, ২নং আৰু ৩নং ধলপুৰৰ পৰা উচ্ছেদ কৰা পৰিয়ালসমূহে আশ্রয় গ্রহণ কৰি থকা স্থানসমূহ বানত বুৰ গৈছে৷ চাৰি দিন ধৰি বানত বুৰ গৈ থকাৰ পাছতো এই লোকসকলে কোনোধৰণৰ সাহায্য লাভ কৰা নাই৷ যাৰ বাবে কালি স্থানীয় একাংশ লোকে প্রশাসনৰ সৈতে যোগাযোগ কৰে৷ তেতিয়াই পোহৰলৈ আহে যে সানোৱা গাঁও পঞ্চায়তৰ সভাপতি চান মাহমুদৰ লগতে চৰৰ কেইজনমান স্থানীয় লোকে বিতৰণৰ বাবে সাহায্য সামগ্রী ইতিমধ্যে প্রশাসনৰ পৰা লৈ আহিছে৷ এই কথা অৱগত হোৱাৰ পাছতে বানপীড়িতৰ মাজত ক্ষোভৰ সৃষ্টি হয়৷ প্রশাসনে প্রকাশ কৰা অনুসৰি আবণ্টন কৰা সাহায্য সামগ্রীতকৈ যথেষ্ট কম পৰিমাণে এই অঞ্চলসমূহত বিভিন্ন খাদ্য আৰু অন্যান্য সামগ্রী বিতৰণৰ বাবে লোককেইজনে লৈ আহিছিল৷ চৰ অঞ্চলটোৰ লোকসকলে কালি চৰকাৰৰ পৰা প্রদান কৰা সাহায্য সামগ্রীৰ তালিকা ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰাৰ সময়তে প্রকৃত তথ্য পোহৰলৈ আহে৷ পৰৱর্তী সময়ত বঞ্চিত লোকসকলে সানোৱা গাঁও পঞ্চায়তৰ সভাপতি চান মাহমুদ, অহাৰ আলী, বাহাৰুল, ফৰজামাল, গাজী আলী আৰু জাইদুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ইফালে বঙাইগাঁৱৰ শ’লমাৰী আশ্রয় শিবিৰলৈ অনা সাহায্য সামগ্রী চুৰি হোৱাৰ গুৰুতৰ অভিযোগ স্থানীয় লোকসকলে উত্থাপন কৰিছে৷

সংবাদ মাধ্যমৰ সন্মুখত একাংশ লোকে প্রকাশ কৰা অনুসৰি নাম্বাৰপাৰা–চাকলা গাঁও পঞ্চায়তৰ সাহায্য সামগ্রী আধা ৰাস্তাৰ পৰাই হৰলুকী হৈছে৷ তেওঁলোকে প্রকাশ কৰা মতে, মাজবাটৰ পৰা ২২ লিটাৰ মিঠাতেলকে ধৰি মম, ধূপ আদি বিভিন্ন সামগ্রী চুৰি কৰা হৈছে৷ আশ্রয় শিবিৰটোত সম্প্রতি ৫০টাতকৈও অধিক পৰিয়ালে আশ্রয় গ্রহণ কৰি আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বছৰটোৰ দ্বিতীয়টো বানত ৰাজ্যৰ ৩৩খনৰো অধিক জিলাৰ লাখ লাখ লোক আক্রান্ত হৈছে৷ কেইবাঠাইতো মথাউৰি ছিগি যোৱাৰ ফলত অধিক ভয়াৱহ ৰূপ লোৱা বানৰ পৰা প্রাণ বচাবলৈ ঘৰ–বাৰী এৰিবলগীয়া হৈছে বৃহৎসংখ্যক লোকে৷ বানপীড়িত লোকসকলে যাতে সঠিকভাৱে খাদ্য–সামগ্রীৰ পৰা আৰম্ভ কৰি ঔষধ–পাতিলৈকে সকলো সুবিধা লাভ কৰে, তাৰ বাবে বিশেষ নির্দেশনা প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ পাছতো বানপীড়িতৰ বাবে আবণ্টিত সাহায্য সামগ্রী এনেদৰে একাংশই লুণ্ঠন কৰিবলৈ চলোৱা অপচেষ্টাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like