নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ নৱেম্বৰ : ধুবুৰীৰ এখন হোটেলৰ পৰা কালি সন্ধিয়া অনলাইন জুৱা ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তিনিজনকৈ যুৱকক আটক কৰে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত কালি সন্ধিয়া ধুবুৰী আৰক্ষীৰ এটা দলে চহৰখনৰ মাজমজিয়াৰ আফ্ৰিন নামৰ এখন হোটেলত অভিযান চলাইছিল।
উক্ত অভিযানত আৰক্ষীৰ দলটোৱে আৰএছএন নামৰ এটা বেটিং ছিণ্ডিকেটৰ জৰিয়তে মোবাইলেৰে অনলাইন জুৱাৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজন যুৱকক আটক কৰে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা ৭খন এটিএম, বিভিন্ন বেংকৰ বহু পাছবুক, বিভিন্ন লোকৰ নামত থকা আধাৰ কাৰ্ড, নগদ টকা, মোবাইল ফোনকে ধৰি KA-53HZ-5250 নম্বৰৰ হিৰো এক্সট্ৰিম বাইক জব্দ কৰা বুলি জানিব পৰা গৈছে। ধৃত তিনিওজন দক্ষিণ শালমাৰাৰ মহুৰিৰ চৰৰ সাহিনুৰ আলী, অহিনুৰ ৰহমান, জব্বাৰ আলী বুলি প্ৰকাশ।
তাৎপৰ্যপূৰ্ণভাৱে এজনৰ বাহিৰে আন দুই যুৱকৰ নাম সন্নিৱিষ্ট হোৱা নাছিল হোটেলখনৰ ৰেজিষ্ট্ৰাৰত। তাৰেই পৰিপ্ৰেক্ষিতত হোটেলখনৰ ছামাদ নামৰ এজন কৰ্মচাৰীকো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ চাৰিওকে ধুবুৰী সদৰ থানাত জেৰা চলাই থকা হৈছে।