মধুমেহ-মেদবহুলতাত আক্রান্তক ভিছা নিদিয়ে আমেৰিকাই, ট্রাম্পৰ নতুন নির্দেশনাক লৈ বিতর্ক
নিউজ ডেস্ক, ৯ নৱেম্বৰ : মেদবহুলতা বা মধুমেহ ৰোগত আক্রান্ত ব্যক্তিয়ে আমেৰিকাত থাকিবলৈ লাভ নকৰে ভিছা৷ ট্রাম্প প্রশাসনৰ এক অধিসূচনাত এই কথা ঘোষণা কৰা হৈছে৷ অধিসূচনা অনুসৰি এনে সমস্যাত আক্রান্ত লোকে আমেৰিকাৰ সম্পদ অপচয় কৰিব পাৰে বুলি ধৰি লোৱা হৈছে৷
উল্লেখ্য যে বিগত সময়ত ভিছাৰ নিয়মত আপুনি কোনো সংক্রামক ৰোগত আক্রান্ত হৈছে নেকি, টিকাকৰণৰ ইতিহাস, মানসিক স্বাস্থ্য ইত্যাদি দিশবোৰ গণ্য কৰা হৈছিল৷ কিন্তু এইবাৰ এই নির্দেশনা পৰিৱর্তন কৰিছে ট্রাম্প প্রশাসনে৷ অধিসূচনাত সদৰী কৰা মতে, এইবাৰ ভিছাৰ বাবে আবেদনকাৰীসকলৰ স্বাস্থ্যৰ কথা সম্পূর্ণ বিবেচনা কৰা হ’ব৷ আবেদনকাৰীসকল হূদৰোগ, শ্বাস–প্রশ্বাসজনিত ৰোগ, কর্কট, মধুমেহ, বিপাকীয় সমস্যা, স্নায়ুজনিত ৰোগ আৰু মানসিক ৰোগত আক্রান্ত নেকি ইত্যাদি দিশ পুংখানুপুংখকৈ বিবেচনা কৰিব৷ এই ৰোগত আক্রান্ত লোকসকলক চিকিৎসাৰ বাবে লাখ লাখ টকাৰ প্রয়োজন হ’ব পাৰে৷ এনে পৰিপ্রেক্ষিতত আক্রান্ত লোকসকলে চিকিৎসাৰ ব্যয় বহন কৰিব পৰাকৈ আর্থিক সম্পদ আছেনে নাই সেইটো পৰীক্ষা কৰিব৷
উল্লেখ্য যে আমেৰিকাত ভিছাৰ ব্যয় পূর্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি পাইছে৷ জুলাই মাহত নতুন মাচুল সংযোজনত ভিছাৰ বাবে অতিৰিক্ত ২৫০ মার্কিন ডলাৰ ভৰিবলগীয়া হৈছে আবেদনকাৰীয়ে৷ যিটো ভাৰতীয় মুদ্রা হিচাপত প্রায় ২১ হাজাৰ টকা৷ পূর্বতে আমেৰিকাৰ ভিছা লাভৰ বাবে জনমূৰি ব্যয় আছিল মাত্র ১৬ হাজাৰ টকা৷ সেই হিচাপে নতুন নিৰিখ মতে এগৰাকী ব্যক্তিয়ে ২০২৬ চনৰ পৰা প্রায় ৪০ হাজাৰ টকা ভৰিবলগীয়া হ’ব পাৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত নতুন নিয়ম অনুসৰি আমেৰিকালৈ গ’লে সমস্যাৰ সন্মুখীন হ’ব ভাৰতীয় লোক৷