নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্ধনৰ মূল্যবৃদ্ধিক লৈ সৰৱ কংগ্রেছঃ এনডিএৰ কার্যকালত পেট্র’লৰ ২৪৮ শতাংশ–ডিজেলত ৮২০ শতাংশ বৃদ্ধি আবকাৰী শুল্ক

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ  পেট্র’ল–ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰিছে কংগ্রেছ৷ ইউ পি এৰ কার্যকালৰ তুলনাত বর্তমানৰ নৰেন্দ্র মোদী চৰকাৰৰ দিনত অত্যধিক মূল্যবৃদ্ধি হ্রাস কৰাৰ দাবী উত্থাপন কৰাৰ লগতে জনবিৰোধী নীতি গ্রহণ কৰা বুলিও বিজেপিক সমালোচনা কৰিছে কংগ্রেছে৷

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেলত কংগ্রেছৰ ৰাষ্ট্রীয় মুখপাত্র তথা সাংসদ শক্তিসিন গোহিলে কয় যে বিগত ৭ বছৰৰ ভিতৰত পেট্র’লত ২৪৮ শতাংশ আৰু ডিজেলৰ ওপৰত ৮২০ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰিছে এন ডি এ চৰকাৰে৷ প্রথমবাৰৰ বাবে দেশৰ চাৰিখন মেট্র’ চহৰৰ লগতে ২০০খনতকৈও অধিক চহৰত পেট্র’লৰ মূল্য ১০০ টকা পাৰ কৰিছে বুলি উল্লেখ কৰি সাংসদ গোহিলে কয়– ‘ক’ৰোনা মহামাৰীৰ ফলত বিশ্বজুৰি লকডাউন হ’ল৷ এই সময়ছোৱাত পেট্র’ল–ডিজেলৰ উৎপাদন হৈ আছিল যদিও লকডাউনৰ ফলত যান–বাহনৰ চলাচল বন্ধ হৈ পৰাৰ ফলত ইন্ধনৰ ব্যৱহাৰ কম হ’ল৷ সমান্তৰালভাৱে বিশ্বৰ বজাৰত হ্রাস পালে খাৰুৱা তেলৰ দাম৷ সকলো দেশৰ চৰকাৰে তেওঁলোকৰ নাগৰিকসকলক খাৰুৱা তেলৰ দাম হ্রাস পোৱাৰ লগে লগে ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰা সকাহ দিলে৷ কিন্তু বিশ্বৰ ভিতৰত ভাৰতেই একমাত্র দেশ, য’ত খাৰুৱা তেলৰ দাম কমা সত্ত্বেও নাগৰিকসকলক সকাহ দিয়া নহ’ল৷ শুল্ক বৃদ্ধিৰে ইন্ধনৰ দাম দিনকদিনে বৃদ্ধি কৰিলে৷ সাত বছৰত পেট্র’ল–ডিজেলৰ পৰাই ২৫ লাখ কোটি টকা সংগ্রহ কৰিলে৷ ইউ পি এ চৰকাৰৰ কার্যকালত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য ১৩৫ মার্কিন ডলাৰলৈ বৃদ্ধি হৈছিল৷ কিন্তু মোদীৰ ৭ বছৰীয়া কার্যকালত আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্য গড় হিচাপত ১০০ মার্কিন ডলাৰো হোৱা নাই৷ সেয়েহে ইউ পি এৰ কার্যকালৰ শাসনৰ তুলনাত বর্তমান পেট্র’ল–ডিজেল কম মূল্যতহে উপলব্ধ হ’ব লাগিছিল৷’

ইপিনে চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা যোৱা ১০ জুলাইলৈ পেট্র’ল–ডিজেলৰ দাম ৭১বাৰ বৃদ্ধি কৰা হৈছে বুলি প্রকাশ কৰি তেওঁ এইবুলিও কয় যে যোৱা ৭ বছৰত প্রতি লিটাৰ পেট্র’লত ২৩.৫০ টকা, প্রতি লিটাৰ ডিজেলত ২৮.৩৭ টকা আবকাৰী শুল্ক বৃদ্ধি পাইছে৷ প্রতি লিটাৰ পেট্র’লত কেন্দ্রীয় চৰকাৰে ৩২.৯০ টকা সংগ্রহ কৰে৷ য’ত ২০.৫০ টকাই উপ–কৰ হিচাপে লোৱা হয়৷ এই উপ–কৰ ৰাজ্য চৰকাৰক প্রদান কৰা নহয় অর্থাৎ ভাৰত চৰকাৰে সংগ্রহ কৰা ৬২ শতাংশ উপ–কৰৰ ৰাজ্য চৰকাৰসমূহে এটকাও নাপায়৷

সেইদৰে ডিজেলত কেন্দ্রীয় চৰকাৰে প্রতি লিটাৰত ৩১.৮০ টকা সংগ্রহ কৰে, য’ত ২২ টকাই হৈছে উপ–কৰ৷ আনহাতে, পেট্র’লৰ ভেট বৃদ্ধিক লৈ চলি অহা বিতর্কৰ প্রসংগত তেওঁ কয়– ‘নিজৰ নিজৰ ৰাজ্যত ইন্ধনৰ দাম হ্রাস কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰখনে ভেট হ্রাস কৰাক লৈ প্রায়েই এক বিতর্কৰ সৃষ্টি হয়৷ কিন্তু প্রকৃতার্থত ভেট হ্রাস কৰিলেও আবকাৰী শুল্ক ব্যাপক পৰিমাণে বৃদ্ধি কৰা হৈছে৷ এই আবকাৰী শুল্ক বৃদ্ধি কৰে কেন্দ্রীয় চৰকাৰে৷ সেয়েহে ৰাজ্য চৰকাৰসমূহে ভেট হ্রাস কৰিলেও আবকাৰী শুল্ক কেন্দ্রীয় চৰকাৰে বৃদ্ধি কৰি থকাৰ বাবে ইন্ধনৰ মূল্যৰ সৈতে কোনো বৃহৎ পার্থক্য পৰিলক্ষিত নহয়৷ পেট্র’ল আৰু ডিজেলৰ পৰাও অত্যধিক আবকাৰী শুল্ক বৃদ্ধি অত্যন্ত দুর্ভাগ্যজনক৷ কিয়নো মধ্যবিত্ত আৰু নিম্ন উপার্জনকাৰী লোকসকলৰ ওপৰত ইয়াৰ প্রত্যক্ষ প্রভাৱ পৰে৷ ডিজেলৰ অত্যধিক মূল্যবৃদ্ধি কৃষকবিৰোধী৷ কিয়নো ট্রেক্টৰকে ধৰি বিভিন্ন কৃষিজাত সা–সঁজুলি ডিজেলত চলে৷ তদুপৰি ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ ফলত বিভিন্ন খাদ্য–সামগ্রী পৰিবহণৰ মূল্যও বৃদ্ধি পাইছে৷ যাৰ বাবে বজাৰত সকলো খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ঘটিছে৷’

একেদৰে ৰন্ধন গেছৰ ক্ষেত্রত হোৱা মূল্যবৃদ্ধিৰ প্রসংগ উত্থাপন কৰি সাংসদ গোহিলে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰ সময়ত প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য গড় হিচাপত আছিল ৪৪০ টকা৷ কিন্তু আজি প্রতিটো ৰন্ধন গেছ চিলিণ্ডাৰৰ গড় মূল্য দুগুণলৈ বৃদ্ধি পাইছে৷ দেশত সম্প্রতি প্রতিটো চিলিণ্ডাৰৰ গড় মূল্য হৈছে ৮৩৪ টকা৷ এই প্রসংগতে তেওঁ কয়– ক’ভিড মহামাৰীৰ ফলত দিশহাৰা হৈ পৰা দেশবাসীক পর্যাপ্ত সহায় নকৰিলে মোদী চৰকাৰে৷ বৰঞ্চ ২২ হাজাৰ টকা ব্যয়েৰে চেণ্ট্ৰেল ভিষ্টা প্রজেক্ট সম্পূর্ণ কৰিবলৈ উঠিপৰি লাগিছে প্রধানমন্ত্রী মোদী৷ এই ধনেৰে দেশবাসীক ভেকচিন দিয়াৰ প্রয়োজনীয়তা নাছিল নেকি? ২০২০ বর্ষৰ ফেব্রুৱাৰীতে ৰাহুল গান্ধীয়ে ক’ভিডৰ প্রতিৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল৷ সেই সময়ত প্রকৃত পদক্ষেপ গ্রহণ কৰা হ’লে দেশত ইমান মানুহৰ কেতিয়াও মৃত্যু নহ’লহেঁতেন৷ আমেৰিকাৰ দৰে দেশে ‘আমেৰিকা ফার্ষ্ট’ নীতি গ্রহণ কৰি তেওঁলোকৰ নাগৰিকসকলক ভেকচিন প্রদানৰ ব্যৱস্থা কৰিলে৷ ইয়াৰ বিপৰীতে আমাৰ দেশে কোটি কোটি ভেকচিন, ঔষধ, ভেণ্টিলেটৰ আদি আন দেশলৈ প্রেৰণ কৰিলে৷ অক্সিজেন যোগানৰ বাবে ব্যৱস্থা গ্রহণ নকৰিলে৷ যাৰ বাবে ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিলে৷

একে সময়তে মোদী চৰকাৰে কৃষকবিৰোধী নীতি গ্রহণ কৰিছে বুলি উল্লেখ কৰি সাংসদজনে কয়– ‘আমাৰ দেশ কৃষিপ্রধান দেশ৷ সাৰৰ পৰা আৰম্ভ কৰি কৃষিত ব্যৱহূত সা–সৰঞ্জামলৈকে বর্তমানৰ চৰকাৰখনে যিধৰণে কৰ আৰোপ কৰিছে, স্বৰাজোত্তৰ কালত কোনো এখন চৰকাৰে কৰা নাছিল৷ বর্তমান চৰকাৰে সাৰৰ ওপৰত ৫ শতাংশ জি এছ টি আৰোপ কৰিছে৷ বিভিন্ন কীটনাশক দৰবৰ ওপৰত ১৮ শতাংশ আৰু ট্রেক্টৰকে ধৰি কৃষিজাত সা–সৰঞ্জামৰ ওপৰত ১২ শতাংশ জি এছ টি আৰোপ কৰা হৈছে৷ পূর্বে প্রয়োজন সাপেক্ষে ডিজেলৰ ওপৰত ৰাজসাহায্য প্রদান কৰা হৈছিল৷ কিন্তু বর্তমান পেট্র’ল–ডিজেলৰ মূল্য একাকাৰ কৰি পেলালে৷’ সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, মিডিয়া কোষৰ অধ্যক্ষ ববিতা শর্মা, সাংসদ প্রদ্যুৎ বৰদলৈ উপস্থিত থাকে৷

You might also like