নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা বিবাদৰ সমাধান কেতিয়া

আন্তঃৰাজ্যিক সীমা বিবাদ অসমৰ বাবে এক জ্বলন্ত সমস্যা হৈ পৰিছে৷ চুবুৰীয়া ৫খনকৈ ৰাজ্যই হাজাৰ হাজাৰ হেক্টৰ ভূমি বেদখল কৰি কার্যতঃ সংকুচিত কৰিছে অসমৰ ভূখণ্ড৷ মানচিত্রতহে সীমা চিহ্ণিত হৈ থকাৰ বিপৰীতে সম্প্রতি অসমৰ মাটিকালিৰ বাস্তৱ চিত্রখন সম্পূর্ণ ওলোটা৷ অকল সেয়াই নহয়, সীমান্তৱর্তী অঞ্চলসমূহত বসবাস কৰা অসমীয়া গঞা জনসাধাৰণৰ ওপৰত বেদখলকাৰী দুষৃকতিকাৰীয়ে বিগত সময়ছোৱাত নানা ধৰণৰ অত্যাচাৰ–উৎপীড়ন চলোৱাৰ সমান্তৰালভাৱে হাতত উদ্যত মাৰণাস্ত্র লৈ ধন দাবীৰে আতংকৰ সৃষ্টি কৰি আহিছে৷ চৰকাৰী তথ্য অনুসৰি অসমৰ ভূমি বেদখল কৰা চুবুৰীয়া ৰাজ্যকেইখন হ’ল– নাগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম, মেঘালয় আৰু ত্রিপুৰা৷ এই ৫খন ৰাজ্যই সামগ্রিকভাৱে অসমৰ ৮৩,৯১৮.৭১৯৯ হেক্টৰ মাটি বেদখল কৰি আছে৷ নিশ্চিতভাৱে এই তথ্য যথেষ্ট উদ্বেগজনক৷ সীমা বিবাদ সমাধানৰ বিষয়টো বিগত সময়ছোৱাত কেৱল চর্চাৰ মাজতে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে৷ নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ আগ্রাসনৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত ক্রমে অ’ এছ ২/১৯৮৮ আৰু অ’ এছ ১/১৯৮৯ নম্বৰৰ দুটা গোচৰ তৰিছিল৷ কিন্তু দীর্ঘ তিনিটা দশক অতিক্রম কৰাৰ পাছতো এই গোচৰ দুটাৰ কোনোধৰণৰ নিষ্পত্তি হোৱা নাই৷ সাক্ষী পৰীক্ষণৰ পর্যায়তে উচ্চতম ন্যায়ালয়ৰ মজিয়াত ইয়াৰ বিচাৰ প্রক্রিয়া চলি আছে৷ ইফালে আন তিনিখন চুবুৰীয়া ৰাজ্যৰে উদ্ভৱ হোৱা সীমা বিবাদক লৈ সময়ে সময়ে বৈঠক অনুষ্ঠিত হৈছে যদিও সমাধান সূত্র আজিলৈকে ওলোৱা নাই৷ আনকি বৈঠকত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিৰ উপস্থিতিয়েও এই জ্বলন্ত সমস্যাটোৰ নিষ্পত্তিৰ হকে বাস্তৱ কার্যপন্থা উলিয়াব নোৱাৰাটো তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷ যাৰ পৰিণতিত সংঘাত দিনকদিনে বৃদ্ধি পাই গৈ আছে৷ ইয়াৰ শেহতীয়া উদাহৰণ হ’ল– যোৱা মে’ মাহৰ শেষভাগত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুর্বৃত্তই সংঘটিত কৰা ভয়ংকৰ কাণ্ড আৰু শনিবাৰৰ দিনটোত কাছাৰ জিলাৰ ধলাখাল সীমান্তত মিজো দুষৃকতিকাৰীয়ে অসম আৰক্ষীৰ দললৈ গ্রেনেড নিক্ষেপৰ ঘটনা৷
মন কৰিবলগীয়া যে যোৱা কেইবাদিন ধৰি মিজোৰাম সংলগ্ণ সীমান্তত উত্তেজনা অব্যাহত আছে৷ ইয়াৰ মাজতে শুকুৰবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূর্ণ বৈঠক৷ অসম–মিজোৰাম উভয় ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে অংশগ্রহণ কৰা বৈঠকখনত সীমান্তৰ সংঘাত নিষ্পত্তিৰ হকে দুয়োখন ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰৰ বাট প্রশস্ত হৈ পৰিছিল৷ কিন্তু বৈঠকৰ এটা দিনৰ পাছতেই ধলাখাল সীমান্তত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধানৰ নেতৃত্বত যোৱা দললৈ লক্ষ্য কৰি মিজো বেদখলকাৰীয়ে গ্রেনেড নিক্ষেপ কৰে৷ সৌভাগ্যক্রমে এই ঘটনাত কোনো লোক হতাহত নহ’লেও সীমা বিবাদ কি পর্যায়ত উপনীত হৈছে, সেয়া পুনৰ স্পষ্ট হৈ পৰিল৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ দ্বিতীয়টো কার্যকালৰ যোৱা দুটা মাহতে কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ড্রাগ্ছকে ধৰি বিভিন্ন অপৰাধমূলক কার্যত লিপ্ত চক্রৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে অতি কঠোৰ হৈছে৷ ইয়াৰ সমান্তৰালকৈ প্রশাসনীয় ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ বাবেও বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে চৰকাৰখনে৷ এনেধৰণৰ বিষয়সমূহৰ দৰে অসমৰ ভূমি বেদখল তথা আন্তঃৰাজ্যিক সীমা বিবাদ শীঘ্রে নিষ্পত্তি কৰিব পৰাকৈ চৰকাৰে তৎকালে পদক্ষেপ গ্রহণ কৰাৰ আৱশ্যকতা আছে৷ অৱশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ইয়াক অগ্রাধিকাৰ দিয়া দেখা গৈছে৷ অলপতে নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নাগালেণ্ডৰে হোৱা সীমা বিবাদ সন্দর্ভত চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রীগৰাকীৰে আলোচনাত মিলিত হোৱাৰ কথা সদৰী কৰিছিল৷ একেদৰে মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতেও আলোচনা কৰা বুলি তেওঁ প্রকাশ কৰিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইক্ষেত্রত নিজে প্রত্যক্ষভাৱে উদ্যোগ গ্রহণ কৰিলে দীর্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধান সূত্র ওলাব বুলি আশা কৰিব পাৰি৷

You might also like