নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীক তথ্য দিওঁতাই চলায় ড্ৰাগছৰ বেহা : মৰিগাঁৱত গ্ৰেপ্তাৰ তুটো

বার্তা বুৰো, ৩ মেঃ মৰিগাঁৱত ড্ৰাগছৰ বেহা চলাই থকাৰ আঁৰত মৰিগাঁও আৰক্ষীৰ খবৰী বুলি দাবী কৰা এজন যুৱকৰ হাত থকা বুলি ৰাজহুৱা অভিযোগৰ ভিত্তিত কালি নিয়মীয়া বাৰ্তাৰ ডিজিটেল সংস্কৰণত সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতে মৰিগাঁও সদৰ থানাৰ পৰিদৰ্শক জ্যোতি প্ৰসাদ সন্দিকৈয়ে তৎকালে ব্যৱস্থা গ্ৰহণ কৰি কালি নিশাই মৰিগাঁও নগৰৰ উপকণ্ঠ বৰিগাঁৱত অভিযান চলাই কুখ্যাত তুটো নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য কালি দিনৰ ভাগত মৰিগাঁও আৰক্ষীৰ আন এটা দলৰ অভিযানত তুটোৰ ভাতৃ আৰু আন এটা অপৰাধী ড্ৰাগছ সহ গ্ৰপ্তাৰ হৈছিল। উল্লেখ্য মৰিগাঁও শেহতীয়াকৈ পুনৰ ড্ৰাগছৰ এক বৃহৎ সাম্ৰাজ্য সৃষ্টি হোৱাৰ মূলতে কালি গ্ৰেপ্তাৰ হোৱা তুটো ৰ হাত আছে বুলি অভিযোগ উত্থাপন হৈছে। পূৰ্বতেও ড্ৰাগছ ৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল তুটো। আনহাতে ড্ৰাগছ সংগ্ৰহ কৰিবলৈ অহা যুৱক সকলৰ মাজত আছে একাংশ ছাত্ৰ, তমতম ছালক আৰু একাংশ বাহন চালক। উল্লেখ্য কালি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা তুটো ওৰফে নেচিমে নিজকে মৰিগাঁও আৰক্ষীৰ নগৰ উপ পৰিদৰ্শক সুৰুজ টেৰণ ৰ খবৰী বুলি দাবী কৰি আহিছিল। এতিয়া প্ৰশ্নটো হল আৰক্ষীয়ে খবৰী নিশ্চয় ব্যৱহাৰ কৰিব লাগিব কিন্তু আৰক্ষীৰ খবৰীয়ে যদি ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ তেনেহলে আৰক্ষী বিষয়া জনো সমানেই জবাব দিহি হোৱাৰ থল আছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like