নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত ৰংঘৰ নগাঁৱত নাও–গঁড় আকৃতিৰ ভেলাঘৰ

ৰাজ্যত প্রান্তে প্রান্তে ভোগালীক আদৰাৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ ভোগালীৰ উৰুকা৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গোৱালপাৰা জিলাতো ভোগৰ উৎসৱ ভোগালী বিহুক লৈ সৃষ্টি হৈছে ব্যাপক উছাহ৷ বজাৰ ভোগালীৰ বিভিন্ন সামগ্রীৰে উভৈনদী হৈ পৰিছে৷ ইফালে, জিলাখনৰ ভিন্ন প্রান্তত বিগত বছৰৰ দৰে এইবেলিও আকর্ষণীয় ভেলাঘৰে চমক দিবলৈ সক্ষম হৈছে৷ গোৱালপাৰ চহৰৰ বিহু ফিল্ডত ৰংঘৰৰ আর্হিত নির্মাণ কৰা হৈছে আকর্ষণীয় ভেলাঘৰ৷ স্থানীয় ৰাইজৰ প্রচেষ্টাত গ্রামাঞ্চলৰ পৰা কিছু নিলগত থাকিও নির্মাণ কৰিছে ৰংঘৰৰ আর্হিত ভেলাঘৰ৷ একেদৰে কৃষ্ণাইৰ নিকটৱর্তী ভোজমালা গাঁওবাসীয়ে এইবেলি সমগ্র বিশ্ব তচনচ কৰা মহামাৰী ক’ৰোনা ভাইৰাছক প্রতিকৃতি হিচাপে ভেলাঘৰ সাজি চমক দিয়া পৰিলক্ষিত হৈছে৷ আৰু বিহুৰ দিনা পুৱাই ৰাইজে নাম–কীর্তন কৰি পৰম্পৰাগত ৰীতি–নীতি অনুসৰি দাহন কৰিব এই ভেলাঘৰ৷

ইফালে, কৃষ্ণাইৰ খলাৰবডীত এইবেলি অট্টালিকাৰ আর্হিত সাজিছে এক আটকধুনীয়া ভেলাঘৰ, যিটো ভেলাঘৰে সকলোকে আকর্ষিত কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি গোৱালপাৰা চহৰৰ নিকটৱর্তী কুৰুৱাভাষা গাঁৱত জিলাখনৰ এক জ্বলন্ত সমস্যা হাতী–মানুহৰ সংঘাতক উপস্থাপন কৰি নির্মাণ কৰিছে ভেলাঘৰ৷ সমগ্র জিলাখনতে খাদ্যৰ সন্ধানত মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে বছৰ বছৰ ধৰি সমগ্র জিলাখনৰ ভিন্ন প্রান্তত উপদ্রৱ অব্যাহত ৰাখিছে৷ হস্তী–মানুহৰ সংঘাতৰ আর্হিৰে কুৰুৱাভাষাৰ যুৱকসকলে এইবেলি আকর্ষণীয় ভেলাঘৰ সাজি চমক দিছে৷ জিলাখনৰ বিভিন্ন প্রান্তৰ ব্যতিক্রমী আর্হিৰে নির্মাণ কৰা ভেলাঘৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ উৰুকাৰ নিশা সকলোৱে ভেলাঘৰৰ বাকৰিত লগে ভাগে এসাঁজ খাব৷ গোৱালপাৰা চহৰৰ বিহু ফিল্ডত ৩ দিনীয়কৈ অনুষ্ঠিত হৈছে ভোগালী মেলা৷ এই মেলাত থলুৱা বিভিন্ন ভোগালীৰ সামগ্রী গ্রাহকৰ বাবে মহিলা আত্মসহায়ক গোট তথা বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানে মুকলি কৰি দিছে৷ ইফালে, জিলাখনত এইবেলি ‘অসমীয়াৰ আৱেগৰ চুঙাৰ দৈ’য়ে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ চহৰৰ কলিতাপাৰাৰ উদীয়মান যুৱক মৃণাল পদ্ম দাসে প্রায় ৩০০ লিটাৰ গৰু আৰু ম’হৰ গাখীৰৰ পৰা প্রস্তুত কৰা দৈ ‘অসমীয়াৰ আৱেগৰ চুঙাৰ দৈ’ নামেৰে নামকৰণ কৰি গ্রাহকৰ বাবে বজাৰত মেলি দিছে৷ ইতিমধ্যে বিহুৰ প্রাক্ক্ষণত জিলাখনৰ ভিন্ন প্রান্তত সুলভ হৈছে ‘অসমীয়াৰ আৱেগৰ চুঙাৰ দৈ’৷
কলিয়াবৰৰ খালৈআটিত ভোগালীৰ প্রস্তুতি
ভোগালী বিহু উপলক্ষে নগাঁও জিলাৰ কলিয়াবৰৰ খালৈআটি গাঁৱৰ ৰাইজে সাজি উলিয়াইছে আকর্ষণীয় ভেলাঘৰ৷ নৰাৰে নির্মাণ কৰিছে এখন নাও আৰু অসম গৌৰৱ এশিঙীয়া গঁড৷ গাঁওখনৰ যুৱক দীপক বৰাৰ সহযোগত গাঁৱৰ ৰাইজে সাজি উলিয়াইছে চমক সৃষ্টি কৰিব পৰা ভেলাঘৰ৷ ধৰাক নাৱৰ ওপৰত তুলি ধৰি গঁড সুৰক্ষাৰ বার্তা স্পষ্টভাৱে ফুটাই তুলিবলৈ সক্ষম হৈছে দীপক বৰা৷ এই সন্দর্ভত খালৈআটিবাসীয়ে জানিবলৈ দিয়ে যে বিগত বছৰসমূহত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বিশ্বখ্যাত এশিঙীয়া গঁড চোৰাং চিকাৰীয়ে হত্যা কৰি খডগ কাটি লৈ গৈছিল৷ বিগত দিনত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সৃষ্টি হোৱা এনে ঘটনা ৰোধ কৰিবলৈ জনমত সৃষ্টিৰ বাবে এই ভেলাঘৰ সাজিছে৷ সমগ্র ৰাজ্যখনৰ লগতে খালৈআটি যুৱক সমাজৰ উদ্যোগত হেঁপাহৰ ভোগালী বিহু উদ্যাপনৰ আয়োজন চলাইছে গাঁৱৰ ৰাইজে৷
নলবাৰীৰ মাজদিয়াত শ্বহীদ কনকলতাৰ আত্মবলিদানৰ স্মৃতি
সমগ্র ৰাজ্যৰ লগতে নলবাৰী জিলাতো ৰাইজে উলহ–মালহেৰে ভোগালী বা মাঘ বিহু উদ্যাপন কৰাৰ প্রস্তুতি চলাইছে৷ জিলাখনৰ মাজদিয়াত এইবেলি গাঁওবাসীৰ উদ্যোগত অনন্যভাৱে ভোগালী বিহু উদ্যাপন কৰিব৷ তাকে লৈ গাঁৱৰ জ্যেষ্ঠ, কনিষ্ঠসকলৰ মাজত এতিয়া আনন্দৰ লহৰ৷ গাঁওখনৰ ফণীন্দ্র হালৈ, গিৰীশ বৈশ্য, লক্ষ্মণ দাস, মনেশ্বৰ হালৈ, লাৱণ্য হালৈ,অতুল কলিতা, গজেন হালৈ, জয়ন্ত হালৈ, ৰবীন দাস, গোলক হালৈ, উত্তম দাস, অৱনী শর্মা, মহেশ হালৈৰ নেতৃত্বত এটা ভেলাঘৰ সাজি উলিয়াইছে৷ যিটো ভেলাঘৰ ঐতিহাসিক ১৯৪২ চনৰ ২০ ছেপ্ঢেম্বৰত বিশ্বনাথ জিলাৰ বঢ়মপুৰ থানাৰ সন্মুখত পতাকা উত্তোলন কৰি কনকলতাই প্রাণ আহুতি দিয়া স্মৃতি উপস্থাপন কৰা হৈছে৷ ইতিমধ্যে ভেলাঘৰটো চাবলৈ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে৷

You might also like