নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেঁকী দি, বিহু নাচি–গাই ভোগালীক আদৰাৰ প্রস্তুতি বিধায়িকা আঙুৰলতাৰ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ এতিয়া গাঁৱে–ভূঞে দেখিবলৈ পোৱা গৈছে মাঘবিহুক আদৰাৰ ব্যাপক প্রস্তুতি৷ গাত যেন তৰণি নোহোৱা হৈছে গাঁৱৰ ডেকা, বুঢ়া–মেথা, জীয়ৰী– বোৱাৰীৰ মাজত৷ ঢ়েঁকীৰ শব্দই এতিয়া ৰজনজনাইছে গ্রামাঞ্চলৰ ভেটি৷ব্যতিক্রম নহয় মধ্য অসমৰ ভিতৰুৱা গ্রামাঞ্চলৰ ঠাইসমূহো৷ বিহুক লৈ শেহতীয়াকৈ বটদ্রৱাৰ বিধায়িকা আঙুৰলতা ডেকাও ব্যস্ত হোৱা দেখা গৈছে৷ আজি বটদ্রৱা সমষ্টিৰ মাজগাঁৱৰ মহিলাসকলে পিঠা–পনা পুৰি বিহুক আদৰিবলৈ প্রস্তুতি চলোৱাৰ সময়তে বিধায়িকা আঙুৰলতাই আজি ঢ়েঁকীত পিঠাগুড়ি খুন্দি পিঠা পুৰি সকলোকে উৎসাহিত কৰে৷ ঢেঁকীত চাব মাৰি বিহুগীত গাই নাচি–বাগি আনন্দ–স্ফূর্তিৰ মাজেৰে গাঁৱৰ জীয়ৰী– বোৱাৰীৰ লগত একেলগ হৈ ভোগালী বিহুটিক আদৰিবলৈ প্রস্তুতি চলাইছে বিধায়িকা আঙুৰলতা ডেকাই৷

You might also like