নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃতত্ত্ব বিষয়ত স্বৰ্ণ পদক, লখিমপুৰৰ মৃদুপৱন হাজৰিকাৰ সাফল্য

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাত নৃতত্ত্ব বিষয়ত সৰ্বোচ্চ নম্বৰ (৯৮.৪) লাভেৰে স্বৰ্ণ পদক লাভ কৰি লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে লখিমপুৰ নগৰৰ ১নং নকাৰী ৱাৰ্ডৰ ছাত্ৰ মৃদুপৱন হাজৰিকাই।

বাধাকৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰবীণ হাজৰিকা আৰু মাজগাঁও হাইস্কুলৰ বিষয় শিক্ষয়িত্ৰী দীপালী দোলাকাষৰীয়াৰ পুত্ৰ মৃদুপৱনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ লখিমপুৰবাসী। সম্প্ৰতি ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাদডেমীত বিষয় শিক্ষক হিচাপে কৰ্মৰত মৃদুপৱন হাজৰিকাক অলপতে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ পঞ্চম দীক্ষান্ত সমাৰোহত ৰাজ্যপালে আনুষ্ঠানিকভাৱে স্বৰ্ণ পদক প্ৰদান কৰে।

মেধাৱী ছাত্ৰজনৰ এই শৈক্ষিক সফলতাত পৰিয়াল, শিক্ষক-কৰ্মচাৰী, শৈক্ষিক সমাজ তথা কাইজেন একাডেমী, ঢকুৱাখনাৰ কর্তৃপক্ষই শুভেচ্ছা জনাইছে ।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২২ জানুৱাৰী :

You might also like