নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামিন নালাগে শ্যামকানু-সন্দীপনক; নিজেই কৰিলে প্ৰত্যাহাৰ

ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : জামিন নালাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘটনাত অভিযুক্ত হৈ সম্প্ৰতি জে’লত থকা শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গক। মুকলি আকাশৰ তললৈ আহিবলৈ যেন ভয় কৰিছে শ্যামকানু আৰু সন্দীপনে! জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে নিজেই প্ৰত্যাহাৰ কৰিলে জামিন আবেদন।

আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰৰ পঞ্চমটো শুনানিৰ দিন আছিল। কিন্তু শুনানিৰ পূৰ্বেই সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তই উঠাই লয় জামিন আবেদন। শুনানিৰ সময়তে দুয়োৰে অধিবক্তাই আদালতত জনালে এই কথা।

আনহাতে, অমৃতপ্ৰভা মহন্ত আৰু ২ দেহৰক্ষীৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয়। জানিব পৰা মতে, এই লৈ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ৩০ জানুৱাৰীত।

শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে হঠাতে নিজে জামিন আবেদন প্ৰত্যাহাৰ কৰাক লৈ সম্প্ৰতি ব্যাপক চৰ্চা হৈছে। ৰাইজৰ ৰোষত পৰাৰ ভয়তে এতিয়া জুবিন কাণ্ডৰে নাম সাঙোৰ খোৱাসকলে নিজেই জামিন আবেদন প্ৰত্যাহাৰ কৰিবলৈ লৈছে বুলি চৰ্চা চলিছে।

You might also like