নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্ণ ছবিৰ গোচৰত শিল্পাৰ স্বামী ৰাজ কুন্দ্রাৰ জামিন মঞ্জুৰ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ পর্ণ ছবিৰ গোচৰত গ্রেপ্তাৰ হোৱা বলীউডৰ অভিনেত্রী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্রা দুমাহৰ পিছত জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷ ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত মুম্বাইৰ আদালতে ৰাজ কুন্দ্রাৰ জামিন মঞ্জুৰ কৰিছে৷ অকল ৰাজেই নহয়, তেওঁৰ সহযোগী বায়ান থর্পৰো জামিন মঞ্জুৰ কৰিছে আদালতে৷

আজি পুৱা ১০ বজাত কাৰাগাৰৰ পৰা দুয়োজন অভিযুক্তই মুক্তি পাব পাৰে৷

স্মর্তব্য যে যোৱা শনিবাৰে জামিন আবেদন জনাইছিল ৰাজ কুন্দ্রাই৷ কুন্দ্রাই এই আবেদনত উল্লেখ কৰিছিল যে তেওঁক ষড়যন্ত্রৰে পর্ণ ছবি নির্মাণ কাণ্ডৰ গোচৰত ফচোৱা হৈছে৷ ইয়াৰ উপৰি ৰাজে পর্ণ নির্মাণ কৰে তাৰ কোনো প্রমাণ গোচৰটোৰ ছাপ্লিমেণ্টৰী চার্জশ্বিটত নাই বুলি আবেদনত উল্লেখ কৰা হৈছিল৷

You might also like