নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত ২২ৰ পৰা ২৪ ডিচেম্বৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেল

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ ১৪নং গেটত উত্তৰ-পূবৰ আকৰ্ষণীয় খাদ্যসম্ভাৰ, হস্তশিল্প আৰু সংগীতৰ নতুন নতুন চমকেৰে বিগত বছৰসমূহতকৈও বৃহৎ পৰিসৰত ২২ ৰ পৰা ২৪ ডিচেম্বৰলৈ নৰ্থ ইষ্ট ফেষ্টিভলৰ একাদশ সংস্কৰণৰ আয়োজন কৰা হৈছে। আজি আনুষ্ঠনিকভাৱে এই কথা সদৰী কৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তই। তেওঁ কয় যে ইতিমধ্যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক এইবাৰৰ নৰ্থ ইষ্ট ফেষ্টিভেল আনুষ্ঠানিক উদ্বোধন কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । তেওঁৰ লগতে অনুষ্ঠানৰ কাৰ্যসূচীসমূহত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় আয়ুস, জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অন্যান্য সন্মানীয় বিষয়াসকলকো আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ জানিব দিয়ে। উল্লেখ্য যে ২০১৩ চনত প্ৰথমবাৰৰ বাবে আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলে ক্ৰমাগতভাৱে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটনৰ বিকাশত কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে। মুখ্য আয়োজক শ্যামকানু মহন্তই অনুষ্ঠানটোৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কয় যে দিল্লী আমাৰ বাবে সদায়েই বিশেষ আৰু চহৰখনৰ উমাল পৰশে আমাক সদায়েই অভিভূত কৰি আহিছে। নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰকৃততে উত্তৰ পূবৰ জনসাধাৰণৰ পৰিচয়সূচক অভিব্যক্তিৰ প্ৰতীক। আমাৰ প্ৰাথমিক উদ্দেশ্য উত্তৰ-পূবৰ সামগ্ৰীসমূহৰ বাবে ৰাজ্যকেইখনৰ সৈতে এখন বৃহৎ বজাৰ সংযোগ কৰা। অনুষ্ঠানত পৰ্যটন মন্ত্ৰালয়ৰ সহযোগত আমি এখন পৰ্যটন বিষয়ক বি টু বি বৈঠকৰ আয়োজন কৰিছো আৰু লঘূ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত (এম এছ এম ই) বস্ত্ৰশিল্প আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিষয়ক এখন বি টু বি বৈঠকৰ আয়োজন কৰিছো। এই বৈঠকবোৰে বিক্ৰেতাসকলৰ মাজত তথ্যৰ আদান প্ৰদান কৰাত সহায় কৰিব। আমি সূদূৰপ্ৰসাৰী চিন্তাৰে উত্তৰ-পূবৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ক্ষেত্ৰৰ উদ্যোগীসকলক নিমন্ত্ৰণ কৰি আনিছো। আলোচনা চক্ৰবোৰৰ লগতে তিনিদিনীয়া ফেষ্টিভেলত বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শন, খেলা-ধূলা, থলুৱা খাদ্যৰ প্ৰদৰ্শনীৰ লগতে উৎসৱমুখী পৰিৱেশ বিৰাজ কৰিব। ১১নং বৰ্ষত ভৰি দিয়া এই সংস্কৰণ পূৰ্বতকৈ অধিক বিশাল হব”। সৌন্দৰ্য, বৈচিত্ৰ্যতা আৰু সমন্বয়ৰ বাৰ্তাবাহক নৰ্থ ইষ্ট ফেষ্টিভেলত এইবাৰো সকলোৰে পচন্দৰ অনুষ্ঠানক প্ৰাধান্য দিয়া হৈছে। খ্ৰীষ্টমাছৰ সৈতে সংগতি ৰাখি উত্তৰ-পূবৰ কাৰুশিল্পৰ খ্ৰীষ্টমাছ বিশেষ প্ৰদৰ্শনী আৰু দিল্লীৰ সুস্বাদু বেকাৰীৰ বিপণীত ৰৈ দৰ্শকে খ্ৰীষ্টমাছৰ অনুভৱ ল’ব পাৰিব। উত্তৰ-পূবৰ সোৱাদভৰা থলুৱা খাদ্যসম্ভাৰে নিশ্চিতভাৱেই খাদ্যৰসিকসকলক আকৰ্ষিত কৰিব। নৰ্থ ইষ্ট ফেষ্টিভেলত থাকিব প্ৰায় ৩০০গৰাকী লোকশিল্পীৰ সাংস্কৃতিক প্ৰদৰ্শনৰ লগতে মেইটেই সম্প্ৰদায়ৰ সমৰ কলা, বিশ্বপ্ৰসিদ্ধ শিল্পী শান্তনু হাজৰিকাৰ ডুডল আৰ্টৰ মাষ্টাৰক্লাছ আৰ উত্তৰ-পূবৰ ৰক বেটলৰ এক অভূতপূৰ্ব অনুষ্ঠান। লোক গীতৰ পৰা ৰ’ক গীত, পপ সংগীতৰ পৰা জেজ সংগীতৰ বৈচিত্ৰ্যতাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ সন্ধিয়াবোৰ মায়াময় কৰি তুলিব। উল্লেখযোগ্য সংগীত প্ৰদৰ্শনৰ তালিকাত আছে, ছিকিমৰ নেপালী ৰ’ক বেণ্ড গিৰীশ এণ্ড দ্য ক্ৰনিকেলছ, অসমৰ প্ৰতিজন সংগীতপ্ৰেমীৰ প্ৰিয় জুবিন গাৰ্গ, বলিউডৰ গায়ক আৰু সুৰকাৰ পাপন, বলিউডৰ অভিনেত্ৰী গায়িকা শ্ৰুতি হাছান আৰু তেওঁৰ অলটাৰনেটিভ ৰ’ক বেণ্ড। সাংগীতিক প্ৰদৰ্শনৰ পাছতে মঞ্চত উপবিষ্ট কৰা হব দেশৰ প্ৰসিদ্ধ ডি জেসকলক। নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা মৰ্মস্পৰ্শী আৰু গুৰুত্বপূৰ্ণ মুহূৰ্ত হ’ব অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা প্ৰসিদ্ধ সংগীতশিল্পী কে কেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰা বিশেষ সাংগীতিক প্ৰদৰ্শন। ব্যাপকভাৱে জনপ্ৰিয় এই শিল্পীগৰাকীৰ মৃত্যুৱে তেওঁৰ গুণগ্ৰাহী আৰু সংগীত উদ্যোগটোত শোকৰ গভীৰ ছাঁ পেলাইছিল। কে কে লাইভ বেণ্ডে কিছুসংখ্যক জনপ্ৰিয় গায়কৰ সৈতে প্ৰয়াত শিল্পীগৰাকীৰ কালজয়ী গীত পৰিৱেশন কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব। অনুষ্ঠানত ফেশ্বনৰ প্ৰতি আগ্ৰহীসকলক স্বাভাৱিকতেই উত্তৰ-পূবৰ ঐতিহ্যপূৰ্ণ থলুৱা আৰ্হিৰ বস্ত্ৰই আকৰ্ষণ কৰিব। বজাৰ সৃষ্টি, উত্তৰ-পূব অন্বেষণ আৰু ক্ৰয়ৰ বাবে প্ৰদৰ্শনী ক্ষেত্ৰখনত ক্ৰেতাসকলৰ বাবে থাকিব ১০০গৰাকী লঘূ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীৰ ‘মেইড ইন নৰ্থ ইষ্ট’ সামগ্ৰী। প্ৰায় ১৫০খন বিপণীৰ সৈতে প্ৰদৰ্শনীখনে কৃষি আৰু উদ্যানজাত সামগ্ৰী, হস্ততাঁত, হস্তশিল্প আৰু প্ৰক্ৰিয়াজাত খাদ্যক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা হাতত লৈছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে পৰ্যটনকেন্দ্ৰিক বিপনীসমূহে উত্তৰ-পূবৰ জনপ্ৰিয় আৰু কম প্ৰসিদ্ধ অঞ্চলসমূহৰ প্ৰচাৰেৰে পৰ্যটকক অঞ্চলটো ভ্ৰমণ কৰিবলৈ উৎসাহ যোগাব বুলি আশা কৰা হৈছে।

#বাৰ্তা ডেস্ক

You might also like