নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত প্ৰবল ধুমুহা-শিলাবৃষ্টি! গছ-বিদ্যুতৰ খুঁটা উভালি পৰিল ৰাজপথত

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ ডিব্ৰুগড়ত আজি বিয়লি অহা এক বিধ্বংসী ধুমুহাত এক বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুলোক আঘাতপ্ৰাপ্ত হোৱাৰো খবৰ পোৱা গৈছে।আজি বিয়লি প্ৰায় ৫ বজাত হঠাৎ অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত চহৰখনৰ বিশেষকৈ অসম মেডিকেল কলেজলৈ যোৱা পথত বহু ডাঙৰ গছৰ লগতে বৈদ্যুতিক খুটা উভালি পৰাত এক অৱৰ্ননীয় পৰিস্থিতিৰ স্বৃষ্টি হয়।প্ৰবল ধুমুহা অহাৰ সময়তে মেডিকেললৈ আহ-যাহ কৰা বহু বাহনৰ ওপৰত গছ আৰু বৈদ্যুতিক খুটা উভালি পৰে,যদিও যাত্ৰী সকলৰ জীৱন ৰক্ষা পৰি আঘাতপ্ৰাপ্ত হয়।উক্ত সময়তে অসম মেডিকেল কলেজৰ পৰা মৰান সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ সহধৰ্মিনী ওলাই অহাত গাড়ীৰ ওপৰতে পৰিল বিদ্যুতৰ তাঁৰ।গাড়ীৰ সামান্য ক্ষতি হোৱাৰ বাহিৰে ঈশ্বৰৰ কৃপাত কাৰোৱে একো ক্ষতি নহল বুলি সামাজিক মাধ্যমৰ জৰিয়তে বিধায়ক গৰাকীয়ে মন্তব্য কৰে।আনহাতে বিয়লি অহা প্ৰচণ্ড ধুমুহাজাকত অসম মেডিকেলৰ পথত উভালি পৰা গছ আৰু বৈদ্যুতিক খুটা সমূহ আৰক্ষী,এচ ডি আৰ এফ,অগ্নিনিৰ্বাপক বাহিনীৰ লোকে তৎপৰতাৰে মুকলি কৰাত ব্যস্ত হৈ পৰে।আজিৰ এই ধুমুহাত ডিব্ৰুগড় চহৰৰ বিভিন্ন প্ৰান্তৰ লগতে পাশ্বৱৰ্তী অঞ্চল যেনে খনিকৰ,বৰবৰুৱা,জকাই,চাউলখোৱা প্ৰভৃতি অঞ্চলত ঘৰৰ চালি,টিনপাত,শস্য,বাৰীৰ ব্যাপক ক্ষতিসাধন হয়।বাতৰি লিখা পৰলৈ কোনো মৃত্যুৰ খবৰ লাভ কৰা হোৱা নাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like