নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মে’ মাহৰ আৰম্ভণিতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ অহা মে’ মাহৰ আৰম্ভণিতে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ফলাফল৷ এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ যোৱা ২০ এপ্রিলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে চূড়ান্ত বর্ষৰ ফলাফল ঘোষণাৰ বাবে প্রস্তুতি চলাই থকাৰ মাজতে আজি শিক্ষামন্ত্রীগৰাকীয়ে মে’ মাহৰ প্রথম সপ্তাহতে ফলাফল ঘোষণা কৰিব বুলি প্রকাশ কৰা বক্তব্যই স্বাভাৱিকতে লাখ লাখ পৰীক্ষার্থীৰ বাবে কঢ়িয়াই আনিছে ডাঙৰ খবৰ৷ মন কৰিবলগীয়া যে চলিত বর্ষৰ উচ্চতৰ মাধ্যমিকত অৱতীর্ণ হৈছে ৰাজ্যৰ ২,৮০,২১৬গৰাকী শিক্ষার্থী৷ মুঠ ৮৭৬টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত চূড়ান্ত বর্ষৰ পৰীক্ষা ফেব্রুৱাৰী মাহৰ মাজভাগৰ পৰা মার্চ ভাগৰ মার্চ ভাগলৈ অনুষ্ঠিত হৈছিল৷

You might also like