নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই কাৰ্ড ব্যৱহাৰ কৰি লাভ কৰক Free পেট্র’ল-ডিজেল…

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দেশৰ প্রতিখন ৰাজ্যতেই প্রতিদিনে পইচা পইচাকৈ ইন্ধনৰ বিশেষকৈ পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে৷ পেট্র’ল-ডিজেলৰ মূল্যই চেঞ্চুৰী মৰাৰ সময়তে এইচ ডি এফ চি বেংকে ইণ্ডিয়ান অইলৰ ক্ৰেডিট কাৰ্ডৰ দ্বাৰা আগবঢ়াইছে এক সুবিধা।

এইচ ডি এফ চিয়ে ইণ্ডিয়ান অইল ক্ৰেডিট কাৰ্ডৰ দ্বাৰা বিনামূলীয়াকৈ ৫০ লিটাৰলৈকে ইন্ধন লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে।

এইচ ডি এফ চি আই অ’ চি এল কাৰ্ড ব্যৱহাৰ কৰি ইণ্ডিয়ান অইল আউটলেটত তেল ভৰোৱাৰ লগতে বিল পৰিশোধ, গ্ৰ’চাৰি নাইবা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰিশোধ কৰিলে, প্ৰতিটো ৰিফিলৰ ওপৰত ইন্ধন পইণ্ট আগবঢ়ায়। যাৰ ফলত এই কাৰ্ড ব্যৱহাৰকাৰীসকলে প্ৰতি বছৰে প্ৰায় ৫০ লিটাৰলৈকে বিনামূলীয়া ইন্ধন উপাৰ্জন কৰিব পাৰে।

কেনেকৈ লাভ কৰিব এই কাৰ্ডঃ

 এইচ ডি এফ চি আই অ’ চি এল কাৰ্ড লাভ কৰাটো অতিকৈ সহজ। ২১ৰ পৰা ৬০ বছৰ বয়সলৈকে সকলো ব্যক্তিয়ে এই কাৰ্ড ল’ব পাৰে।

এইচ ডি এফ চি বেংকৰ যিকোনো শাখা কাৰ্যালয়ত অফলাইন আৱেদন কৰাৰ লগতে এইচ ডি এফ চি বেংকৰ ৱেবছাইটত অনলাইন যোগেও আৱেদন কৰি এই কাৰ্ড লাভ কৰিব পাৰে।

You might also like