নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ‘পাঠান’ ছবিৰ পোষ্টাৰ ফলা–চিনেমা গৃহ লণ্ডভণ্ডক লৈ মুখ্যমন্ত্রীক ফোন শ্বাহৰুখ খানৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী: গুৱাহাটীত ‘পাঠান’ ছবিৰ পোষ্টাৰ ফলা–চিনেমা গৃহ লণ্ডভণ্ড কৰা সম্পর্কত ছবিখনৰ নির্মাতা শ্বাহৰুখ খান, চিনেমা গৃহৰ মালিকে মোক একো অৱগত কৰা নাই৷ –শনিবাৰে দিনৰ ভাগত সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই প্রতিক্রিয়া প্ৰকাশ কৰাৰ পাছত নিশা প্ৰায় ২ বজাত মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন শ্বাহৰুখ খানৰ৷

ইপিনে ফোনত শ্বাহৰুখ খানক মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ‘পাঠান’ ছবিৰ পোষ্টাৰ ফলা–চিনেমা গৃহ লণ্ডভণ্ড কৰা সম্পর্কত আইন আৰু শৃংখলা বজাই ৰখাক লৈ আশ্বস্ত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই কথা প্ৰকাশ কৰি লিখিছে- “বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে মোক ফোন কৰি আজি পুৱা ২ বজাত কথা পাতিলে। তেওঁৰ ছবিখন প্ৰদৰ্শনৰ সময়ত গুৱাহাটীৰ এক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে। মই তেওঁক আশ্বস্ত কৰিলোঁ যে আইন আৰু শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য। আমি সোধা-পোছা কৰিম আৰু নিশ্চিত কৰিম যে এনে কোনো অশুভ কাণ্ড আগলৈ নহয়৷”

You might also like