নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ চাৰিটা বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ’ব উত্তৰবহী

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী:  পূর্বৰ তুলনাত এইবাৰ বহু পৃথক হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)৷ নতুন শিক্ষা নীতি অনুসৰি চাৰিটা বিষয় ক্রমে ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ প্রশ্ণকাকতৰ সমান্তৰালভাৱে পৃথক হ’ব উত্তৰবহীও৷ এই প্রশ্ণকাকতত অবজেক্টিভ ধৰণৰ প্রশ্ণ থাকিব ৫০ শতাংশ৷

আনহাতে, বর্ণনামূলক প্রশ্ণ থাকিব ৫০ শতাংশ৷ অর্থাৎ শিক্ষার্থীয়ে ১ নম্বৰৰ ৫০টা প্রশ্ণৰ উত্তৰ লিখাৰ সুযোগ লাভ কৰিব৷ গণিত বিষয়ৰ ক্ষেত্রত উত্তৰবহীখন অবজেক্টিভ কাকতৰ সুবিধা হোৱাকৈ প্রস্তুত কৰা হ’ব৷ প্রতিটো অবজেক্টিভ প্রশ্ণৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্রশ্ণ সমাধান কৰিবলৈ খালী ঠাইৰ ব্যৱস্থা থাকিব৷ পৰীক্ষাৰ দিনটোত পৰীক্ষা আৰম্ভ হোৱাৰ পূর্বে ৮.৪৫ বজাত ৮টা পেজৰ অবজেক্টিভ উত্তৰবহীখন পৰীক্ষার্থীসকলক দিয়া হ’ব৷ ৯.৪৫ বজাত ১৬টা পেজৰ বর্ণনামূলক প্রশ্ণৰ বাবে উত্তৰবহীখনো শিক্ষার্থীসকলক দিয়া হ’ব৷ গণিতৰ বহীখন উকা হোৱাৰ লগতে গ্রাফ থাকিব৷ ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানৰ উত্তৰবহীকেইখন ৰুলিং দিয়া হ’ব৷ দুয়োখন উত্তৰবহী পৰীক্ষার্থীসকলে সংলগ্ণ কৰি বান্ধি দিব লাগিব৷

এনে পৰিস্থিতিত ইতিমধ্যে বিভিন্ন পর্যায়ত প্রশিক্ষণ আৰম্ভ কৰিছে ছেবাই৷ এই সম্পর্কে ছেবাৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই কয় যে এইবাৰ এই চাৰিটা বিষয়ত প্রশ্ণকাকতৰ সমান্তৰালভাৱে উত্তৰবহী সম্পূর্ণ নতুন ধৰণৰ হ’ব৷ প্রশ্ণকাকতত অবজেক্টিভ আৰু বর্ণনামূলক দুটা ধৰণৰ প্রশ্ণ থাকিব৷ এইবাৰ ইংৰাজী, গণিত, বিজ্ঞান, সমজা বিজ্ঞান বিষয়ত কৰা হৈছে৷ পর্যায়ক্রমে বাকী বিষয়বোৰো কৰা হ’ব৷

উলেখ্য যে এইবাৰ ৰাজ্যৰ মুঠ ৯১২টা কেন্দ্রত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ এই পৰীক্ষাত এইবাৰ ৪ লাখ ২৩ হাজাৰ পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ ২৪ আৰু ২৫ ফেব্রুৱাৰীত ১৯টা বিষয়ত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ ৭১২টা কেন্দ্রত ৬১ হাজাৰ পৰীক্ষার্থী ব্যৱহাৰিক পৰীক্ষাত অৱতীর্ণ হ’ব বুলি জনাইছে পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই৷ উল্লেখ্য যে পৰীক্ষাসূচী অনুসৰি ৩ মার্চত অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা৷ আনহাতে ৬ মার্চত গণিত, ৯ মার্চত সমাজ বিজ্ঞান, ১৩ মার্চত সাধাৰণ বিজ্ঞান, ১৫ মার্চত অসমীয়া আৰু ২০ মার্চত ঐশ্চিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ইতিপূর্বে ঘোষিত সময়সূচী অনুসৰি ২৪ আৰু ২৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা৷

You might also like