নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইনচ্যুত হৈ দুই দ্ৰুতবেগী ৰে’লৰ ভয়াৱহ সংঘৰ্ষ, ২১ যাত্ৰীৰ প্ৰাণহানি

নিউজ ডেস্ক, ১৯ জানুৱাৰী : দেওবাৰে নিশা দক্ষিণ স্পেইনৰ কৰ্ডোবাৰ ওচৰত দুই দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষৰ ফলত সমগ্ৰ দেশখনত শোকৰ ছাঁ পৰে। লাইনচ্যুত হৈ এখন দ্ৰুতবেগী ৰে’লে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা ৰে’লত । এই দুৰ্ঘটনাত অন্ততঃ ২১জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক আহত হয়।

মালাগাৰ পৰা মাদ্ৰিদ অভিমুখে গৈ থকা এখন দ্ৰুতবেগী ৰে’ল কৰ্ডোবাৰ ওচৰত লাইনচ্যুত হৈ বিপৰীত দিশৰ লাইনৰ ওপৰত উঠাত কেইমুহূৰ্তমানৰ ভিতৰতে উক্ত ৰে’লখন মাদ্ৰিদৰ পৰা হুৱেলভা অভিমুখে আহি থকা আন এখন ৰে’লৰ সৈতে সংঘৰ্ষ হয়। খবৰ অনুসৰি, দুয়োখন ৰে’লত সেই সময়ত প্ৰায় ৫০০ যাত্ৰী আছিল।

আন্দালুচিয়া অঞ্চলৰ স্বাস্থ্যমন্ত্ৰী এণ্টনিঅ’ ছাঞ্জে কয় যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। উদ্ধাৰকাৰী দলে আহত যাত্ৰীসকলক অঞ্চলটোৰ ছয়খন হাস্পতাললৈ তৎক্ষণাত প্ৰেৰণ কৰে। এতিয়ালৈকে অন্ততঃ ৭৩ জন আহত হোৱা বুলি জানিব পৰা গৈছে। সংঘৰ্ষৰ পিছত ৰে’লৰ এটা দবা প্ৰায় চাৰি মিটাৰ তললৈ বাগৰি পৰে, যাৰ ফলত উদ্ধাৰ অভিযান অধিক কঠিন হৈ পৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জানিবলৈ দিয়ে যে এখন ৰে’ল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু অন্ততঃ চাৰিটা দবা ৰে’লপথৰ পৰা উলটি গৈছে। দুৰ্ঘটনাস্থলীত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু উদ্ধাৰকাৰী দলে কঠিন পৰিস্থিতিত সমগ্ৰ নিশা উদ্ধাৰকাৰ্য চলায়।

স্পেইনৰ সামৰিক জৰুৰী সেৱা ইউনিট, ৰেড ক্ৰছ, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে একেলগে উদ্ধাৰ অভিযান চলায়।

You might also like