প্ৰথম টি-২০ৰ পূৰ্বে পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন ভাৰতীয় ক্ৰিকেট দলৰ…
নিউজ ডেস্ক, ৯ ডিচেম্বৰ : প্ৰথম টি-২০ মেচৰ পূৰ্বে ওড়িশাৰ পুৰীত থকা জগন্নাথ মন্দিৰ দৰ্শন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ সদস্যই। উল্লেখ্য যে মঙলবাৰে সন্ধিয়া কটকৰ বাৰাৱতী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই। ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত দলটোৰ কেইগৰাকীমান সদস্যই মহাপ্ৰভু জগন্নাথৰ শ্ৰীচৰণত সেৱা জনায়।
মন্দিৰ দৰ্শনৰ সময়ত সূৰ্যকুমাৰৰ লগত আছিল তিলক বাৰ্মা, ৱাশ্বিংটন সুন্দৰ আদি খেলুৱৈ। মন্দিৰত সোমোৱাৰ পূৰ্বে সূৰ্যকুমাৰে “জয় জগন্নাথ” ধ্বনি দিয়ে। সূৰ্যকুমাৰৰ লগত মন্দিৰ দৰ্শনৰ সময়ত তেওঁৰ পত্নীও আছিল। টি-২০ মেচৰ শৃংখলাত দলৰ সাফল্যৰ বাবে মন্দিৰত বিশেষ পূজা-অৰ্চনা কৰে টীম ইণ্ডিয়াক সদস্যসকলে।
পুৰীৰ আৰক্ষী অধীক্ষক প্ৰতীক সিঙে কয়- “ভাৰতীয় দলৰ বাবে আমি বিশেষ নিৰাপত্তা ব্যৱস্থা কৰিছিলোঁ। কোনো অসুবিধা নোহোৱাকৈয়ে তেওঁলোকে নিৰ্বিঘ্নে মহাপ্ৰভুৰ দৰ্শন লাভ কৰিলে।”
উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত পাঁচ মেচৰ টি-২০ ছিৰিজ আজিৰে পৰা আৰম্ভ হ’ব। এই ছিৰিজত হাৰ্দিক পাণ্ডিয়া, শুভমন গিল আদি তাৰকা খেলুৱৈ ঘূৰি আহিছে। মহাপ্ৰভু জগন্নাথৰ আশীৰ্বাদ লৈ সূৰ্য বাহিনী এতিয়া বাৰাৱতীত প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাক খেলপথাৰত ধৰাশায়ী কৰিবলৈ সাজু।