নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিৰ পৰা মিঞা খেদা অভিযানৰ বিৰোধিতা প্রদেশ কংগ্রেছৰ

নির্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে সংখ্যালঘু লোকসকলক ভোটবেংক হিচাপে কংগ্রেছে ব্যৱহাৰ কৰি অহা বুলি দীর্ঘদিনে অভিযোগ উত্থাপন হৈ আহিছে৷ সময়ে সময়ে কংগ্রেছে সংখ্যালঘুৰ ত্রাণকর্তা ৰূপত অৱতীর্ণ হোৱাও পৰিলক্ষিত হৈছে৷

বিশেষকৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বার্থত আৰম্ভ কৰা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি কংগ্রেছে পুনৰ সংখ্যালঘুৰ ত্রাণকর্তা ৰূপত অৱতীর্ণ হৈ আগন্তুক বিধানসভা নির্বাচনৰ বৈতৰণী পাৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে৷ সেয়েহে উচ্ছেদ অভিযানৰ সমান্তৰালকৈ একাংশ দল–সংগঠনে উজনি অসমৰ পৰা মিঞা আৰু সন্দেহজনক লোকসকলক খেদি পঠিয়াবলৈ আৰম্ভ কৰা অভিযানৰো বিৰোধিতা কৰিছে কংগ্রেছে৷

গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেলত কংগ্রেছ দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ ৰিপুণ বৰাই উজনিৰ পৰা মিঞা খেদা অভিযানৰ বিৰুদ্ধে সৰৱ হৈ কয় যে দেশৰ সংবিধানে প্রদান কৰা মৌলিক অধিকাৰসমূহৰ এটা হৈছে যে দেশৰ নাগৰিকে যিকোনো ঠাইলৈ গৈ বসবাস কৰিব পাৰে তথা উপার্জন আৰু কাম–কাজ কৰিব পাৰে৷ সেই সূত্রেই নামনি অসমৰ পৰা মুছলমান ধর্মৰ কিছু লোক কামৰ তাড়নাত উজনি অসমলৈ গৈছে৷ এয়া কোনো ভুল নহয়৷ যিদৰে অসমৰ ল’ৰা–ছোৱালী ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈ বিভিন্ন প্রান্তত কাম কৰি আছে, ঠিক সেইদৰে নামনি অসমৰ মুছলমান সম্প্রদায়ৰ কিছু লোক যদিও তেওঁলোকক আমি মিঞা বুলি কৈছোঁ, উজনি অসমলৈ গৈ কাম কৰিছে৷

তাত তেওঁলোক স্থায়ীভাৱে থকা নাই আৰু ঘৰ–বাৰী কাঢ়ি লোৱা নাই৷ সংবিধানপ্রদত্ত অধিকাৰৰ যোগেই তেওঁলোকে তাত মজুৰি কৰিছে, কাম কৰিছে, উপার্জন কৰিছে, উৎপাদন কৰিছে৷ দেশৰ জিডিপিত সহায় হৈছে৷ আজি সেইসকলক একাংশ সংগঠনে মিঞা বুলি কৈ ৪৮ ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ যি নির্দেশ জাৰি কৰিছে, এইটোৱে কেৱল অসমৰেই নহয়, গোটেই দেশৰে বাতাৱৰণ নষ্ট কৰিছে৷ সাংবিধানিক অধিকাৰ তথা গণতান্ত্রিক অধিকাৰ খর্ব কৰিছে৷

নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাটো এখন চৰকাৰৰ প্রথম দায়িত্ব বুলি উল্লেখ কৰি সংবাদ মেলত বৰাই কয় যে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাটো এখন চৰকাৰৰ দায়িত্ব৷ উজনি অসমত আজি সংখ্যালঘু লোকসকলক মিঞা বুলি কৈ ত্যাগ কৰিবলৈ নির্দেশ দিছে৷ কালি একাংশ লোকে ঘৰে ঘৰে গৈ মাৰণাস্ত্র লৈ আক্রমণ কৰিবলৈ গৈছে৷ প্রতি–আক্রমণো হ’বলৈ ধৰিছে৷ সাংঘাতিক ধৰণৰ এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে৷ আৰম্ভণিতে ইয়াক নিয়ন্ত্রণ কৰিব নোৱাৰিলে পৰিস্থিতি এটা সময়ত আমাৰ হাতৰ পৰা বাহিৰলৈ গুচি যাব পাৰে৷ এয়া চৰকাৰৰ ব্যর্থতা৷ কিয়নো চৰকাৰৰ দায়িত্ব আছিল আইন–শৃংখলা ৰক্ষা কৰা, যিকোনো নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰা৷ এই ব্যর্থতাৰ অভিযোগ তুলিয়েই বৰাই ৰাজ্যত ৰাষ্ট্রপতি শাসনৰো দাবী উত্থাপন কৰে৷ অৱশ্যে অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ হোৱাটো কংগ্রেছে বিচাৰে বুলিও তেওঁ মন্তব্য কৰে৷

সংবাদ মেলত ৰিপুণ বৰাই কয় যে কংগ্রেছ দলে বাৰম্বাৰ কৈ আহিছে যে কোনো বিদেশী অসমত থাকিব নোৱাৰে৷ অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মার্চৰ পাছত যদি কোনোবা এজন মানুহো অসমলৈ আহিছে তেওঁ বিদেশী৷ তেওঁক বহিষ্কাৰ কৰিব লাগে৷ এয়া কংগ্রেছৰ আপোচবিহীন স্থিতি৷ যদি কোনোবা বিদেশী আছে সেই বিদেশী ধৰক, শাস্তি দিয়ক৷ আইন মতে যি ব্যৱস্থা হ’ব লাগে সেই ব্যৱস্থাই লওক৷ কিন্তু সন্দেহজনক বুলি কৈ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিলে দেশৰ গণতন্ত্র–সংবিধান অধিকাৰ ক’ত থাকিব?

মিঞাৰ ভিতৰত কোনোবা বিদেশী থাকিলেও আমি আইন হাতত তুলি ল’ব নোৱাৰোঁ৷ সেই বিদেশী আৰক্ষীক গতাই দিব লাগে৷ তাকে নকৰি আমি আইন হাতত তুলি লৈছোঁ৷ আমি এই আইন হাতত তুলি লোৱা কার্যক ধিক্কাৰ দিছোঁ৷ আজিৰ সংবাদ মেলত কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, উপ–সভাপতি মেহদি আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ, জ্যেষ্ঠ মুখপাত্র ঋতুপর্ণ কোঁৱৰ, মুখপাত্র ৰীতম সিং উপস্থিত থাকে৷

You might also like