নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ঐতিহ্য ৰক্ষাৰ বাবে বিজেপি দায়বদ্ধ

লামডিং–হোজাইত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ প্রচাৰ

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান তীব্রতৰ হৈ পৰাৰ সময়তে আজি হোজাই আৰু লামডিঙত বিজেপি প্রার্থী ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্রৰ হৈ প্রচাৰ অভিযানত ভাগ ল’লে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ মঙলবাৰে পুৱাৰ ভাগত দিল্লীৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হৈ হেলিকপ্টাৰেৰ হোজাইত উপস্থিত হোৱা ৰাজনাথ সিঙে নির্বাচনী সভাত ভাষণ প্রদান কৰি কয়– অসমৰ ভাষা–সংস্কৃতি ৰক্ষাৰ বাবে বিজেপি দায়বদ্ধ৷ অসমীয়াতে ভাষণ আৰম্ভ কৰা কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে অসমত চলি থকা অৰণোদয় আঁচনিখনৰ ধন ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰে৷ তেওঁ লগতে অসমৰ ভূমিহীন লোকক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা, ২ লাখ নিবনুৱা যুৱকক কর্মসংস্থাপন দিয়া, কৃষকক তিনিটা কিস্তিত ৬ হাজাৰ টকাকৈ দিয়া হ’ব বুলিও কয়৷ মন্ত্রী সিঙে দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকলৈ আগবঢ়োৱা প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ আঁচনিৰ জৰিয়তে সকলো লোক উপকৃত হ’ব বুলি উল্লেখ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ ভিতৰতে এখন শক্তিশালী দেশৰ পৰিচয় পোৱা বুলি দাবী কৰি সিঙে অসমত আয়ুস্মান ভাৰতৰ জৰিয়তে বর্তমান ডেৰ লাখ লোক উপকৃত হোৱাৰ কথা দোহাৰি অনাগত দিনত আৰু ৫ লাখ লোকক উপকৃত কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি কয়৷

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অসমত প্রচাৰ চলাই থকা প্রিয়ংকা গান্ধীক কটাক্ষ কৰি তেওঁ অসমৰ চাহ গছৰ মাজে মাজে পিঠিত টুকুৰী লৈ ফটো তুলিবলৈ আহে, কিন্তু অসমৰ চাহৰ প্রকৃত মূল্য প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েহে বুজে৷ নিজৰ স্বভাৱসুলভ ভাষণত জ্যেষ্ঠ নেতাগৰাকীয়ে হিমা দাসৰ নাম লৈ হিমাৰ দৌৰৰ তীব্রতাৰ সমানে সমানেই অসম উন্নতিৰ জখলাৰে দৌৰিব বুলি কয়৷ প্রায় বিশ হাজাৰ লোকৰ সন্মুখত হোজাইৰ প্রার্থী ৰামকৃষ্ণ ঘোষৰ হৈ নির্বাচনী প্রচাৰ চলায় ৰাজনাথ সিঙে৷ কেন্দ্রীয় চৰকাৰে সমগ্র দেশৰ বাবে বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে৷ হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁ কয়– অসমত ‘কা’ কার্যকৰী হ’লে অসমত বিদেশী সোমাই অসমৰ ভৌগোলিক মানচিত্র পৰিৱর্তন কৰিব বুলি একাংশই যি অপ্রপ্রচাৰ কৰি এই আইনখনৰ সন্দর্ভত ভুল ব্যাখ্যা কৰিছে সেয়া সম্পূর্ণ ৰূপে মিছা৷

ৰাজ্যৰ বিজেপি চৰকাৰ তথা সর্বানন্দ সোণোৱালক ভূয়সী প্রশংসা কৰি তেওঁ কয় যে অসমত কংগ্রেছৰ সময়ত যি উন্নয়ন স্তব্ধ হৈ গৈছিল, সেই উন্নয়নৰ গতি ত্বৰান্বিত কৰিলে সর্বানন্দ সোণোৱাল চৰকাৰে৷ তেওঁ অসমক পৱিত্র ৰাজ্য বুলি উল্লেখ কৰি কয় যে এই ৰাজ্য মা কামাখ্যা–ব্রহ্মপুত্রৰ্ দেশ৷ এই ৰাজ্যক অন্য ৰাজ্যৰ লগত তুলনা নহয়৷ ইয়াত বহু মহাপুৰুষৰ জন্ম হৈছে৷ তেওঁ কয় যে ৩ লাখ ৩৫ হাজাৰ ভূমিহীন লোকক সোণোৱাল চৰকাৰে পট্টা দিছে, অনাগত দিনতো যিসকল ভূমিহীন হৈ আছে তেওঁলোককো ভূমিপট্টা দিয়া হ’ব৷ কিন্তু কংগ্রেছে মাত্র ৩৫ হাজাৰ লোকক দিছিল ভূমি পট্টা৷ ৫ বছৰত ৫খন বিশ্ববিদ্যালয় যদি দিছে তেন্তে সোণোৱাল চৰকাৰেই দিছে৷ কংগ্রেছক চোকা সমালোচনা কৰি ৰাজনাথ সিঙে নিজৰ ভাষণত উল্লেখ কৰে যে পূর্বৰ প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে দিল্লীৰ পৰা এশ টকা পঠিয়ালে অসমত আহি ১৫ টকা পাইছিল৷ দুর্নীতিৰ শিপা ইমান দূৰলৈকে কংগ্রেছৰ সময়ত পোত গৈছিল বাবেই গোটেই টকা ৰাইজৰ বাবে নাহি কংগ্রছৰ দালালসকলৰ পকেটত সোমাইছিল৷ সেই দালালৰাজ আৰু দুর্নীতি দূৰ কৰাৰ বাবেই হিতাধিকাৰীসকলে টকা যাতে সম্পূর্ণ ৰূপে পায়, তাৰ প্রতি লক্ষ্য ৰাখি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সকলোকে বেংক একাউণ্ট খুলিবলৈ দিলে৷ সভাত সমষ্টিৰ প্রভাৰী উজ্জ্বল শর্মা, বিজেপিৰ জিলা সমিতিৰ প্রাক্তন সভাপতি ক্রমে সমীৰ চক্রৱর্তী, অর্জুন মজুমদাৰ, সমাজসেৱক ৰঞ্জন বৰা, জিলা পৰিষদৰ সভানেত্রী ৰামাবালা দেৱীৰ লগতে প্রার্থী ৰামকৃষ্ণ ঘোষ আদিয়ে যোগদান কৰে৷
অসমৰ সভ্যতা–সংস্কৃতিক সম্পূর্ণৰূপে সুৰক্ষিত কৰিব বিজেপিয়েঃ লামডিঙত ৰাজনাথ সিং
আজি হোজাই জিলাৰ ৯২নং লামডিং সমষ্টিত বিজেপিৰ প্রার্থী শিবু মিশ্রৰ হৈ প্রচাৰ চলায় কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে৷ লামডিং নেচনেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হেলিকপ্ঢাৰেৰে আহি উপস্থিত হৈ পোনে পোনে লামডিঙৰ শ্বহীদ ময়দানত উস্থিত হয়৷ লামডিংবাসীৰ উষ্ম আদৰণিৰ পিছে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এক বিশাল জনসমুদ্রক সম্বোধন কৰি অসমীয়া আৰু বাংলা ভাষাত উপস্থিত ৰাইজক ‘কি খবৰ, ভাল আছেনে’ বুলি সম্বোধন কৰে৷ ভাষণ প্রসংগত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অসমত চলি থকা অৰণোদয় আঁচনিখনৰ ধন ৮৩০ টকাৰ ৩,০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰে৷ ভাষণত তেওঁ লামডিঙৰ দলীয় প্রার্থী শিবু মিশ্রক জয়ী কৰাবলৈ আহ্বান জনায়৷ বর্তমান অসমত শান্তি আৰু উন্নতি হৈছে৷ বিনাসুৰক্ষাত বিকাশ সম্ভৱ নহয়৷ গতিকে সুৰক্ষিত অসমৰ বাবে বিজেপিক ভোট দিবলৈ তেওঁ ৰাইজক অনুৰোধ কৰে৷ সভাৰ পিছত লামডিং সমষ্টিৰ বিজেপিৰ প্রার্থী শিবু মিশ্রই দলীয় কর্মীৰ সৈতে নৃত্য কৰি একপ্রকাৰে বিজয় উল্লাস পালন কৰিলে৷

You might also like