নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ উন্নত পৰিৱেশ৷ মানসিক দিশতো অনুকূল দেখা যায়৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা৷ কোনো সম্পদ বা সন্মানৰ গৰাকীও হ’ব পাৰে৷
বৃষঃ প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক৷ জ্ঞাতি–কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্র৷ শৰীৰ মধ্যম৷ বিদ্যাৎ যত্ন ৰাখক৷
মিথুনঃ আজি খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব৷ বাধ্যবাধকতা হ’লেও ভাবি–চিন্তি নিজৰ কাম কৰক৷ ব্যৱসায়ত শুভ৷
কর্কটঃ এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব৷ পাৰিবাৰিক উন্নত৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ বন্ধুবর্গৰ সহায়–সহযোগ দেখা যায়৷ পঢ়া–শুনাত মধ্যম৷ দাম্পত্যত শুভ৷
সিংহঃ বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে৷ দুপৰীয়াৰ পৰা৷ বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ প্রেমত গতানুগতিক৷
কন্যাঃ শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব৷ ক’তো একো মন্তব্য নিদিব৷ সমগ্র দিনটো আপোনাৰ উৎসাহজনক৷
তুলাঃ আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ এইক্ষেত্রত অপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি অসান্মিত হ’ব৷ বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক৷ ঘৰুৱা ভালেই৷ শিল্পীৰ উৎসাহ৷
বৃশ্চিকঃ খৰচ–পাতি নকৰোঁ বুলি থাকিলেও খৰচৰ পথ ওলাব৷ অন্যান্য কিছুৱে সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ পঢ়াত মন ৰাখক৷ দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে৷
ধনুঃ ক্রমে দিনটো কিছু আশাপ্রদ৷ অৱশ্যে নিশ্চিন্তও নহয়৷ খুব ফৰকাল লাগি নাথাকিব৷ বিদ্যাৎ মনোযোগ বঢ়াওক৷ জাতি–কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা৷
মকৰঃ কর্মক্ষেত্রত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ সৰু–সুৰা ক্লেশে আপোনাৰ মন আৰু দেহৰ প্রভাৱ পেলাব পাৰে৷ দাম্পত্যত মধ্যম সময়৷
কুম্ভঃ অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়৷ শৰীৰ মন আৰু পৰিৱেশ দিনৰ বাৰ বজালৈ অশাপূর্ণ নহ’ব পাৰে৷ কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পিছত অনুকূল৷ প্রেমত মধ্যম৷
মীনঃ অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ সু–সংবাদত খুচি হ’ব পাৰে৷ দাম্পত্যত বেয়া নহ’ব৷

You might also like