নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্রকোপঃ ভাৰতৰ পৰা স্থানান্তৰ হ’ব টি–২০ বিশ্বকাপ ক্রিকেট

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ ভাৰতত শেহতীয়াকৈ বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্রমণে অনিশ্চয়তা কঢ়িয়াই আনিছে আই চি চি টি–২০ বিশ্বকাপলৈ৷ ভাৰতৰ মাটিত চলিত বছৰৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আগশাৰীৰ প্রতিযোগিতাখনক লৈ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিলো উদ্বিগ্ন হৈ পৰিছে৷

ভাৰতত দৈনিক প্রায় এক লাখকৈ লোক ক’ভিডত আক্রান্ত হোৱাৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰি আই চি চিৰ অন্তৱর্তীকালীন মুখ্য কার্যবাহী বিষয়া জি’ফ এলাৰডাইছে কয় যে ভাৰতৰ পৰিস্থিতিৰ ওপৰত আই চি চিয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে৷

‘মেগা ইভেণ্টৰ ক্ষেত্রত আমি সদায় বিকল্প চিন্তা সাজু কৰি ৰাখোঁ৷ ভাৰতৰ ক’ভিড পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে আৰু বিষয়টোক লৈ আমি উদ্বিগ্ণ৷ তথাপি বি চি চি আইৰ সৈতে আমি সমন্বয় বর্তাই ৰাখিছোঁ আৰু আশা কৰিছোঁ যে সময় মতে আই চি চি টি–২০ বিশ্বকাপ ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব৷ অৱশ্যে আমি দ্বিতীয় বিকল্পও মুকলি কৰি ৰাখিছোঁ৷ বিশ্বত এতিয়া বহুকেইখন দেশে ক্রিকেট খেলে৷ আমি আন ক্রিকেট সন্থাৰ সৈতেও আলোচনা অব্যাহত ৰাখিছোঁ৷ সময় আহিলে সকলো কথা মুকলি কৰিম৷’ ৫৩ বছৰীয়া এলাৰডাইছে এইদৰে কয়৷

You might also like