আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৫ নৱেম্বৰ)
আজিৰ দিনটোৰ ৰাশিফল
আজি ৫ নৱেম্বৰ, কাতি মাহৰ ১৮ তাৰিখ
বুধবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : অশ্চিনী, যাত্রা : নাই
মেষ : নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ বিনিয়োগ কৰোঁতে সাৱধান৷
বৃষ : আর্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই৷ নতুন দ্রব্য ক্রয় কৰিব পাৰে৷ বিদ্যাত একো বাধা নাই৷ নতুন নিযুক্তিৰ বাবে যোগাযোগত শুভ ফল পাব৷
মিথুন : আজিৰ দিনটো খুব আশাপ্রদ দেখা যায়৷ কর্ম ক্ষেত্রত আশা কৰামতে ফল পাব৷ প্রাপ্যাদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব৷ নতুন কামৰ চেষ্টাত দূৰ যাত্রা৷
কর্কট : ৰাজনীতিত থকাবোৰৰ উদ্বেগ বৃদ্ধি৷ আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব৷ আকস্মিকভাৱে ধনপ্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব৷ ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব৷
সিংহ : শৰীৰ খুব ভাল বুলিব নোৱাৰি৷ তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ বাহিৰলৈ যোৱাৰ সম্ভাৱনা৷ সৰু–সুৰা আঘাতৰ বাবে সতর্ক হওক৷ প্রেমত উৎসাহ৷
কন্যা : ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব৷ শাৰীৰিক সামান্য উন্নত৷ পঢ়া–শুনাত থকাসকলে বিশেষ যত্ন কৰক৷ ব্যৱসায়ত বাধা নাই৷ প্রেমত বেয়া দেখা নাযায়৷
তুলা : আর্থিকত কষ্ট দেখা যায়৷ প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত৷ আজি নহ’লেও দুদিনমানলৈ অপেক্ষা কৰক৷ শৰীৰ ভালে ৰাখক৷ ভ্রমণত আহুকাল৷ দাম্পত্য শুভ৷
বৃশ্চিক : সাহসিকতাৰে কর্মত আগুওৱাৰ চেষ্টা কৰক৷ কর্মক্ষেত্রত যোগ্যতা ৰখাৰ চেষ্টা কৰক৷ খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ উদ্বেগৰ কিছু সমাধানৰ আশা৷
ধনু : আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ৷ কর্মজীৱনৰ শুভাৰম্ভ আৰু পাৰিবাৰিক সচ্ছলতা, সামাজিক কামত খ্যাতি লাভ৷ শাৰীৰিক শুভ৷
মকৰ : বিদ্যাত মধ্যম৷ দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে৷ পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব৷ শুভ ৰং হালধীয়া৷
কুম্ভ : ব্যৱসায়ীসকল সতর্ক থাকক৷ কর্মক্ষেত্রত বাধাৰ মাজেদি সফলতা পাব৷ শৰীৰৰ প্রতি চিন্তা কৰাটো দৰকাৰ৷ ঘৰুৱা মতান্তৰ৷ যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ৷ শুভ ৰং বগা৷
মীন : কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক৷ কাৰোবাৰ বাবে মনত দুখ পাব পাৰে৷ ভাই–ভনীৰ বিয়াৰ কথাত সুখী হ’ব৷ আর্থিক দিশত সতর্ক হওক৷