নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ মধ্যম যোগাযোগ৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ পাব৷ কোনো মাংগলিক কর্মত কোনোৱে ব্যস্ত হৈ পৰিব পাৰে৷ আপুনি ভৱিষ্যতৰ আঁচনি প্রস্তুত কৰাৰ কথা ভাবক৷ দাম্পত্যত সাধাৰণ উৎকণ্ঠা৷
বৃষ ঃ শৰীৰ–মন ভালেৰে ৰখাৰ যত্ন কৰক৷ অনাহক বা হকেই হওক ধৈর্য ধৰি সমস্যা নিয়ন্ত্রণ কৰক৷ আর্থিকত অলপ চিন্তা থাকিব৷ ঘৰুৱা লোকৰ লগত বৰ বুজাপৰা থাকিলেও সন্তুষ্ট নহ’ব৷
মিথুন ঃ কর্মস্থানত বাধা নাপাব যদিও একেবাৰে নিশ্চিন্তও হ’ব নালাগে৷ দুটা–এটা যুক্তিপূর্ণ কথাত নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰিব৷ খৰচ–পাতি বৃদ্ধিৰ কাৰক৷ দাম্পত্যত মধ্যম৷ বিদ্যাত ভয় কম৷
কর্কট ঃ আর্থিক উন্নতিৰ সুযোগ৷ কোনো অর্থকাৰী দিশত যোগাযোগ কৰি উৎসাহিত হ’বও পাৰে৷ পাৰিপার্শ্বিক লৈ বেছি চিন্তা নকৰিব৷ সন্তান, দাম্পত্য, কর্মাদিত সাধাৰণ ক্লেশ৷ ঘৰুৱাত মধ্যম৷
সিংহ ঃ প্রায় শুভ দিন৷ কিন্তু জীৱনত গুৰু দুর্বল থাকিলে প্রাপ্য সুযোগৰ পৰা সামান্য হ’লেও নিৰাশ হ’ব৷ সামগ্রিকভাৱে আপুনি বিভিন্ন যোগাযোগত উৎসাহ পাব৷ বিদ্যাত মন দিলে সুনাম হ’ব৷
কন্যা ঃ মনোজ্ঞ কথাৰ বাবে আনন্দিত হ’ব৷ কর্মস্থানত বেয়া নহ’ব৷ কোনো স্পষ্টবাদীৰ বাবে অলপ অসুবিধা আহিব যদিও পিছত খুব বেয়া নহ’ব৷ দাম্পত্যত মধ্যম৷ পঢ়া–শুনাত মন দিয়ক৷
তুলা ঃ তুলনামূলকভাৱে বিচিত্র যোগাযোগ হ’ব পাৰে৷ তাৰ ভিতৰত অনুকুলৰ মাত্রা বেছি৷ ব্যৱসায়িক দিশত মন্থৰতা থাকিব৷ প্রেমত শুভ৷ দাম্পত্যত অসুস্থ৷ বিদ্যাত গতানুগতিক৷
বৃশ্চিক ঃ আইন সম্পর্কীয় কামত বেছি মনোযোগ নিদিব৷ কিন্তু চলি থকা মামলাদিত নজৰ দিয়ক৷ ঘৰুৱা মধ্যম৷ পাৰিলে দৰকাৰী কোনো কাম সমাধানৰ চেষ্টা কৰক৷ বিদ্যাত শুভ৷
ধনু ঃ আর্থিকত মোটামুটি৷ তাৰ মাজতে চোৰ, ডকাইতি সংকটৰ বাবেও সচেতন থাকক৷ বিদ্যাত বেয়া নহ’ব৷ দাম্পত্যত মধ্যম৷ আৱেগিক কলাৰ সংযোগ৷ ঘৰুৱাত গতানুগতিক৷
মকৰ ঃ ভাবি–শুনি কামত আগুৱাওক৷ সহজতে আনৰ কথাক বিশ্বাস নকৰিব৷ ভুল–সংবাদত অনুগামী হ’লে ক্ষতি৷ বিদ্যাত অৱশ্যে বেয়া নহ’ব৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ দাম্পত্যত শুভ৷ আমোদৰ আশা৷
কুম্ভ ঃ কর্মস্থানত জটিলতা কম পাব৷ হঠাৎ শৰীৰে কিছু আমনি কৰিব পাৰে৷ দাম্পত্যত বুজাপৰাৰে চলিব পাৰিব৷ সন্তানৰ কথাত সাধাৰণ উদ্বেগ৷ ভ্রমণত সতর্ক হওক৷ প্রেমত আন্তৰিকতা৷
মীন ঃ প্রিয় সংগৰ সতে আনন্দ লাভ৷ কিন্তু মাত্রাধিকত সাৱধান৷ বিদ্যাদিত যাতে ব্যাঘাত নঘটে৷ সন্তানৰ কর্মাদিত আনন্দ প্রাপ্তি৷ দক্ষতাৰ বাবে সুনাম৷ কিন্তু শৰীৰ আৰু শত্রুৰ আমনি থাকিব৷

You might also like