নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগী–পৰিয়ালৰ হাততেই প্রাণহানি হৈছে অসংখ্য নাৰীৰ

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ: মহিলাৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে৷ দেশৰ ৰাজধানী দিল্লীত শ্রদ্ধা ৱাকাৰৰ নৃশংস হত্যকাণ্ডক লৈ ব্যাপক চর্চা চলি থকাৰ মাজতে আজি ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে মহিলাৰ বিৰুদ্ধে হিংসাৰ ঘটনা বৃদ্ধিক লৈ উদ্বেগ্ণ প্রকাশ কৰে৷ মহিলাৰ বিৰুদ্ধে হিংসা নির্মূলৰ আন্তর্জাতিক দিৱস ২৫ নৱেম্বৰত পালনৰ পূর্বে আজি ৰাষ্ট্রসংঘৰ মুৰব্বী গুটেৰেছে বিশ্বজুৰি প্রতি ১১ মিনিটত ঘনিষ্ঠ সংগী অথবা পৰিয়ালৰ সদস্যৰ দ্বাৰা এগৰাকী মহিলা অথবা এগৰাকী কন্যা হত্যাৰ বলি হয়৷ এই কথা প্রকাশ কৰি মুৰব্বী গুটেৰেছে পুনৰ কয় যে বিশ্বজুৰি মহিলাৰ বিৰুদ্ধে ভয়াৱহ মানৱ অধিকাৰ উলংঘন হৈ থকাৰ পিছতো চৰকাৰসমূহে সঠিক পদক্ষেপ গ্রহণ কৰা নাই৷ মহিলাৰ বিৰুদ্ধে হিংসা–নির্যাতন বন্ধ কৰিবলৈ হ’লে দেশৰ চৰকাৰসমূহে দেশজুৰি কঠোৰ আইন বলৱৎ কৰাই নহয়, মহিলাৰ বিৰুদ্ধে হিংসা নিম্নগামী কৰাৰ ক্ষেত্রত সজাগতা অভিযান চলাব লাগিব৷ আনপিনে, মহিলা আৰু কন্যাসকল অনলাইন হিংসাৰ বলি হৈ থকা বুলি উল্লেখ কৰি তাক প্রতিহত কৰাৰ বাবে চৰকাৰ কঠোৰ হ’ব লাগিব৷ অনলাইনত বিদ্বেষপূর্ণ মন্তব্যৰ পৰা যৌন হারাশাস্তি, আপত্তিজনক আলোকচিত্রৰ পৰা আপত্তিজনক বক্তব্য প্রচাৰ হৈ থকাক লৈ উদ্বেগ প্রকাশ কৰি মুৰব্বী গুটেৰেছে মহিলাৰ বিৰুদ্ধে চলি থকা বৈষম্যমূলক আচৰণো প্রতিৰোধৰ বাবে দেশসমূহক ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷ মহিলা আৰু কন্যাৰ বিৰুদ্ধে হিংসা সমাপ্ত কৰিবলৈ হ’লে চৰকাৰসমূহে ৰূপান্তৰিত ব্যৱস্থা গ্রহণৰ সময় আহিছে বুলি কয় গুটেৰেছে৷ ২০২৬ চনৰ ভিতৰত মহিলাৰ অধিকাৰ সংগঠন আৰু আন্দোলনৰ ক্ষেত্রত ৫০ শতাংশ পুঁজি চৰকাৰসমূহে বৃদ্ধি কৰিব লাগে বুলিও আহ্বান জনায়৷ গুটেৰেছে মহিলাৰ অধিকাৰৰ বাবে আমি সকলোৱে একেলগে থিয় দি সৰৱ হ’ব লাগে বুলি উল্লেখ কৰি আমি সকলোৱে নাৰীবাদী বুলি ঘোষণা কৰিব লাগে বুলি কয় গুটেৰেছে৷

You might also like