নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ নামত ধন সংগ্ৰহ : হোজাইত জেললৈ ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : চাৰি বছৰ ধৰি পলাই থকা এজন কুখ্যাত প্ৰৱঞ্চকক লামডিং আৰক্ষীয়ে আজি আটক কৰি প্ৰেৰণ কৰে জেললৈ৷ ৰেলৱেৰ চাকৰিৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি পলায়ন কৰিছিল লামডিং ৰেলৱেত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা কুখ্যাত প্ৰৱঞ্চকজনে৷ প্ৰৱঞ্চকজনৰ নাম দিপক ওজা৷ ৰেলৱেৰ কেন্টিন লিজত দিয়াৰ নামতো লক্ষ লক্ষ টকা সংগ্ৰহ কৰিছিল নিবনুৱা যুৱকৰ পৰা৷ হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ তৎপৰতাত লামডিং আৰক্ষীয়ে আটক কৰিছে প্ৰৱঞ্চক দীপক কুমাৰ ওজাক৷ লামডিং ৰেলৱেৰ PHE শাখাত কৰ্ম কৰি অৱসৰ গ্ৰহন কৰিছিল৷ দীপক কুমাৰ ওজাই৷ ৰেলৱেত কৰ্ম কৰি থাকোতে ৰেলৱে কেন্টিন লিজত দিয়াৰ নামত লক্ষ লক্ষ টকা সংগ্ৰহ কৰি চাৰি বছৰ ধৰি পলাতক হৈ আছিল প্ৰৱঞ্চকজন৷ হোজাই আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থক প্ৰৱঞ্চকজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছতে মাত্ৰ দুঘন্টাৰ ভিতৰত লামডিং আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকজনক৷ লামডিং থানাত জেৰাৰ অন্তত প্ৰৱঞ্চকজনে স্বীকাৰ কৰে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ কথা৷ ঘটনাৰ বিৱৰনী অনুসৰি প্ৰৱঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰি চাৰি বছৰে পলাতক হৈ আছিল কুখ্যাত প্ৰৱঞ্চক তথা লামডিং ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দীপক ওজা৷ যোৱা এমাহৰ পূৰ্ৱে লামডিং মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ লাখ লাখ টকা আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হৈছিল তিনিজনকৈ ৰেলৱে কৰ্মচাৰী ৷ সেই ঘটনাৰ তদন্ত চলি থকাৰ সময়তে পুনৰ তেনে আন এক  ঘটনা পোহৰলৈ আহে ৷ ৰেলৱেৰ পানী যোগান  বিভাগৰ কৰ্মৰত থকা অৱস্থাত দীপক কুমাৰ ওজা নামৰ এজন ৰেল কৰ্মচাৰীয়ে ৰেলৱে ষ্টেচনত কেন্টিন লিজত দিয়া প্ৰলোভনেৰে  হোজাই, ডবকা, নীলবাগান, মোৰাঝাৰ, লংকা, লামডিং আদি অঞ্চলসমুহৰ অসংখ্য লোকৰ পৰা ওজাই সংগ্ৰহ কৰিছিল কেইবা লক্ষাধিক  টকা৷ ইয়াৰোপৰি অভিযোগ অনুসৰি দীপক ওজাই একাংশ লোকক ৰেলৱে চাকৰি দিয়াৰ নামতো সংগ্ৰহ কৰিছিল ধন ৷ কেইমাহ মানৰ পিছতেই দীপক ওজাই চাকৰি পৰা অৱসৰ লয়৷ অৱসৰ লোৱাৰ পিছতেই ভুক্তভোগীসকলক প্ৰৱঞ্চনা কৰি দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল প্ৰৱঞ্চক ওজা ৷ আজি লামডিঙ থানাত সাংবাদিক মাহমুদ আলীয়ে তথ্য সহকাৰে ১৮৬/২২নং গোচৰ ৰুজু কৰাত লামডিং আৰক্ষীয়ে আজি প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হোজাই জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত লামডিঙৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা আৰু উপ পৰিদৰ্শক অংকুৰ কাকতিৰ তৎপৰতাত মাত্ৰ দুঘন্টাৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক দীপক ওজাক ৷ দীপক ওজাৰ স্বীকাৰোক্তি মতে তেওঁৰ লগত ৰেলৱে কৰ্মচাৰী বানিজ্য বিভাগৰ বৰ্তমান অৱসৰপ্ৰাপ্ত সমীৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিও জড়িত আছিল চাকৰি তথা কেন্টিন লীজৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনাত ৷আজি প্ৰৱঞ্চকজনক আৰক্ষীয়ে আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰন কৰে জেললৈ৷

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like