নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ উন্মোচনক লৈ মাতৃ মৃণালিনী দেৱীৰ কেনে অনুভৱ…

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ কালি সন্ধিয়া হোটেল তাজ ভিভান্তাত হোৱা এক মননশীল অনুষ্ঠানত বিশিষ্ট ৰাজনীতিক ড০ হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থখন গ্ৰন্থ ‘এটা সপোনৰ পম খেদি’ উন্মোচন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথিৰ লগতে উপস্থিত আছিল লেখক ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীও।

এগৰাকী মাতৃ ৰূপে পুত্ৰৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানক লৈ তেওঁৰ অনুভৱ জানিব বিচৰাত মৃণালিনী দেৱীয়ে কয় এনেদৰে- ‘সন্তানৰ যেতিয়া সুকীৰ্তি প্ৰচাৰ হয় মাতৃ হিচাপে সকলোৱে সুখ পায়। এই সুখ আমিও পাইছোঁ। ৰাজনীতিৰ মাজত থাকি, দেশৰ কথা চিন্তা কৰাৰ মাজতো যে সময় উলিয়াই সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিছে, ই খুব আনন্দৰ কথা।

আজি তেওঁ ৰাজনীতিৰ লগতে বেদ-পুৰাণ-উপনিষদ সকলোখিনি আয়ত্ত কৰি ৰাইজৰ আগত ব্যক্ত কৰিব পৰা হৈছে, গ্ৰন্থ লিখিছে, গতিকে মাতৃ হিচাপে পুত্ৰৰ এনে কৰ্মৰ বাবে মই নিজকে ধন্য মানিছো। ৰাইজে আশীৰ্বাদ কৰক যাতে তেওঁ ভৱিষ্যতে আৰু আগুৱাই যাব পাৰে।’

You might also like