নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছলামবাদক প্রত্যাহ্বান জনাবলৈ ফ্রান্সত নতুন বিধেয়ক .

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ইউৰোপীয় দেশ ফ্রান্সৰ ৰাষ্ট্রীয় সংসদে দেশখনৰ ক্ষুদ্র ক্ষুদ্র চহৰ তথা মহানগৰসমূহত বৃদ্ধি পোৱা ইছলামবাদক প্রত্যাহ্বান জনাবলৈ এক নতুন বিধেয়কত অনুমোদন জনাইছে৷ দেশখনত ক্রমবর্ধমান ইছলামবাদৰ শ্লোগানে ৰাষ্ট্রীয় ঐক্যলৈ ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ কৰিছে বিভিন্ন ৰাজনৈতিক দলে৷ বিধেয়কখনত কোনো নির্দিষ্ট ধর্মৰ কথা প্রত্যক্ষভাৱে উল্লেখ কৰা হোৱা নাই যদিও বলপূর্বক বিবাহ, কুমাৰিত্ব পৰীক্ষা আদি বিষয়বোৰৰ মোকাবিলা কৰিবলৈ ইয়াক ঢ়াল হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে৷ ধর্মীয় সংগঠনসমূহৰ ওপৰত ইয়াৰ জৰিয়তে চোকা নিৰীক্ষণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ দেশৰ মূল সুঁতিৰ শিক্ষানুষ্ঠানৰ বাহিৰত শিশুসকলক শিক্ষাদান কৰিলেও এই নতুন বিধেয়কৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্রহণৰ ইংগিত দিয়া হৈছে৷ স্মর্তব্য যে ফ্রান্সত প্রায় ৫ নিযুত মুছলমান লোক আছে৷ ইয়াৰে গৰিষ্ঠসংখ্যকেই হৈছে আলজেৰিয়া মূলৰ৷

You might also like