নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষীণাবলৈ যোগ

শ্লীম–ফিট–নিৰোগী শৰীৰ এটা সকলোৱে আশা কৰে৷ শৰীৰ এটি সুন্দৰ আৰু আটিলতা প্রদান কৰাত সহায় কৰে মেদ বা চর্বীয়ে৷ কিন্তু অত্যধিক ক্ষীণ বা অত্যধিক শকত হোৱাটো এক সমস্যা হৈ পৰে শাৰীৰিক আৰু মানসিকভাৱেও৷ বর্তমান সময়ত মেদবহুলতা বাObesity সমস্যা অত্যধিক বৃদ্ধি পাইছে৷ বিভিন্ন সময়ত ভিন্ন কাৰণত এই সমস্যা হ’ব পাৰে যেনে– কঠোৰ পৰিশ্রম নকৰা, অত্যধিক ভোজনপ্রিয়, অসংযমী জীৱন ধাৰণ পদ্ধতি, অত্যধিক বিশ্রাম,বংশগত কাৰণ, বিভিন্ন দৰব খোৱাৰ ফলত, অতিমাত্রা তেল আৰু চর্বীযুক্ত আহাৰ খালে আদি বিভিন্ন কাৰণত মানুহ শকত হ’ব পাৰে৷ পুৰুষতকৈ মহিলাসকলৰ ক্ষেত্রত মেদবহুলতাৰ সমস্যা তুলনামূলকভাৱে বেছি আৰু শৰীৰৰ বাকী অংশবোৰতকৈ পেটৰ অংশ পৰিশ্রম বা হেঁচা কম পৰাৰ বাবে তাত প্রায়ে অত্যধিক চর্বী জমা হয়৷ ফলত এগৰাকী মহিলা দেখাত মুখমণ্ডল সুন্দৰ হ’লেও পেটত অতিৰিক্ত চর্বী জমা হৈ অশুৱনি হৈ পৰিব পাৰে৷ আজিকালি শিশুসকলো অত্যধিক ফাষ্টফুডৰ প্রতি আকর্ষিত হৈ মেদবহুলতাৰ স্বীকাৰ হোৱা দেখা যায়৷
অতিৰিক্ত চর্বীয়ে শৰীৰৰ স্বাভাৱিক ক্রিয়া–কলাপত বাধাৰ সৃষ্টি কৰি নানা ৰোগ যেনে– উচ্চৰক্তচাপ, হূদৰোগ, পাচনক্রিয়া দুর্বল কৰে লগতে বহুমূত্র ৰোগ, কঁকালৰ বিষ, বাত বিষ আদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ শৰীৰত চর্বী একেদিনাই জমা হ’ব নোৱাৰে, সেয়া অলপ অলপকৈহে জমা হৈ বৃদ্ধি হৈ গৈ থাকে আৰু তাৰ সমান্তৰালকৈ শাৰীৰিক অসুবিধাসমূহো বাঢ়ি যায়৷ তেনে ক্ষেত্রত শকত ব্যক্তি এগৰাকীয়ে মানসিক আৰু শাৰীৰিকভাৱে হতাশা আৰু হীনমন্যতাৰ স্বীকাৰ হোৱাও দেখা যায়, তেনেলোকৰ স্বাস্থ্য আদবয়সতে ভাগি পৰে৷ সকলো থকাৰ পাছতো তেওঁলোকে জীৱনৰ সুন্দৰতা উপভোগ কৰাৰ পৰা বঞ্চিত হৈ পৰে৷
ক্ষীণোৱা সহজনে? আমাৰ শৰীৰত মেদবহুলতাৰ ফলত সৃষ্টি হোৱা ৰোগসমূহ দূৰ কৰিব পাৰিনে? সকলো প্রশ্ণৰ এটাই সমাধান যোগ৷ নিয়মিত যোগ কৰি আৰু সঠিক সময়ত, সঠিক জীৱনশৈলীৰে, একাগ্রভাৱে যদি শৰীৰটোৰ যত্ন লোৱা যায় তেন্তে শ্লীম, ফিট, নিৰোগী হৈ থকাটো অতি সহজ কথা৷ যৌগিক নিয়ম বুলি ক’লে কেৱল আসনসমূহ কৰিলেই নহ’ব, তাৰ লগতে সুসংহত Balance Diet) খাদ্যনীতি, শোৱা, খোৱাৰ নিয়মানুৱর্তিতা যেনে– সময়মতে শোৱা আৰু পুৱা উঠা আদি মানি চলি, আসন, প্রাণায়াম, ধ্যানৰ মাজেৰে আমি এক নির্দিষ্ট লক্ষ্য ৰাখি যদি জীৱনটো পৰিচালিত কৰিবলৈ যত্ন কৰিলে অতিৰিক্ত চর্বীৰ লগতে শৰীৰৰ আন ৰোগসমূহ দূৰ কৰাটো অত্যন্ত সহজ হৈ পৰিব৷
কিদৰে যোগৰ দ্বাৰা ক্ষীণাব পাৰি তাক জানো আহক–

  • মেদবহুলতাৰ মূল কাৰণ হৈছে খাদ্য৷ সেয়ে প্রথমে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব৷ তাৰ বাবে দৈনন্দিন প্রচুৰ আঁহজাতীয় খাদ্য খাব লাগে৷ গম, চাউল, দাইল, সেউজীয়া শাক–পাচলি, ফল–মূল, গজালি ওলোৱা মগু, কেঁচা চালাড, ড্রাই ফ্রুটছ, দৈ আদি খাব লাগে৷ মৌ আধা কাপ গাখীৰৰ লগত ৰাতি খাব পাৰে, চিয়া চিডছ অলপ নিমখ আৰু নেমু মিহলাই পুৱা খাব পাৰে৷ লগতে সপ্তাহত এবাৰকৈ উপবাস কৰিব লাগে৷
  • ক্ষীণাবলৈ হ’লে নিজৰ মনটোক সুস্থিৰ কৰি, এলাহ পৰিহাৰ কৰি, এক সংকল্প বা নির্দিষ্ট লক্ষ্য স্থাপন কৰি পুৱা কুহুমীয়া গৰম পানীত নেমু আৰু বিশুদ্ধ মৌজোল মিহলাই খায় ২০ৰ পৰা ৩০ মিনিট সময় পুৱা, গধূলি ভ্রমণ প্রাণায়াম কৰাটো বাঞ্ছনীয়৷
  • ক্ষীণাবলৈ সহজ, তাৰ বাবে এক নির্দিষ্ট সময় লৈ পুৱা আৰু গধূলি নিয়মিত যোগৰ আসনসমূহৰ অনুশীলন কৰিব লাগিব৷
    সূর্য নমস্কাৰ– ৫বাৰ (পুৱা), অগ্ণিসাৰ ধৌতি– ৮–১০বাৰ, পদহস্তাসন–১০বাৰ, জানুশিৰাসন–৪বাৰ, পৱনমুক্তাসন–৫–৬বাৰ, ভুজংগাসন–১০বাৰ, মকৰাসন–১০বাৰ, পশ্চিমোত্তানাসন–৪বাৰ, যোগনিদ্রা–৬বাৰ, কটিচক্রাসন–১০বাৰ, সর্বাংগসন–২ মিনিট, মত্সাসন–২ মিনিট, শৱাসন–৩ মিনিট, লগতে কপালভাতি, সূর্যভেদ, অনুলোমবিলোম আদি প্রাণায়ামসমূহ নিয়মিত নিজৰ ক্ষমতা অনুযায়ী কৰিব লাগে৷
  • প্রথমে আসন, প্রাণায়াম বা ধ্যান অনুশীলন কৰিবলৈ যোৱাৰ আগত অভিজ্ঞ যোগগুৰুৰ তত্ত্বাৱধানতহে কৰিব লাগে৷
  • শৰীৰটো সুন্দৰ আৰু নিৰাময় কৰি ৰখাটো প্রতিজন ব্যক্তিৰে প্রধান কর্তব্য৷ গতিকে নিয়মিত যোগ অনুশীলন কৰক আৰু মেদহীন এটি সুন্দৰ, সুস্থ শৰীৰৰ গৰাকী হওক৷
You might also like