নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব গোৱালপাৰাত অকলশৰীয়া বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত জিলাবাসী

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : গোৱালপাৰা জিলাত হস্তী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দহিকটা বনাঞ্চল, মাটিয়া পাহাৰ, কন্যাকুছি বনাঞ্চলত থকা বন্যহস্তীৰ কেইবাটাও জাকে প্ৰায় তিনি মাহ শালিধানৰ পথাৰে পথাৰে উপদ্ৰৱ চলাই শ শ বিঘা ধান খেতি খাই তহিলং কৰাত বহু কৃষকে বছৰৰ ভাতমুঠি যোগাৰ কৰিব পৰা নাই। জাক জাক বনৰীয়া হাতীৰ এনে উপদ্ৰৱত জিলাখনৰ শ শ কৃষক পৰিয়াল জুৰুলা হৈ পৰিছে ।

শেহতীয়াকৈ পথাৰসমূহৰ ধান সম্পূৰ্ণৰূপে কটা শেষ হোৱাত বনৰীয়া হাতীৰ জাকসমূহে অসম-মেঘালয় সীমান্ত অঞ্চলৰ ঘন জংঘলৰ লগতে সেই অঞ্চলত থকা পাহাৰত আশ্ৰয় গ্ৰহণ কৰিছে। কিন্তু জাকৰ পৰা ফালৰি কাটি অকলশৰীয়াকৈ থকা এটা বন্যহস্তীয়ে সম্প্ৰতি সমগ্ৰ পূব গোৱালপাৰা অঞ্চলতে ত্ৰাসৰ সৃষ্টি কৰিছে। অকলশৰীয়াকৈ থকা বন্যহস্তীটোৱে বিগত দুমাহত পথাৰে পথাৰে ঘূৰি ফুৰি ধান খোৱাৰ লগতে মানুহৰ বাৰীৰ গছ-গছনি খাই তহিলং কৰিছে। পথাৰৰ ধান শেষ হোৱাত বিগত প্ৰায় এপষেক ধৰি অকলশৰীয়া বন্যহস্তীটোৱে মাটিয়া, দহিকটা, কৃষ্ণাই, দুধনৈ, দৰংগিৰি, ৰংজুলি, আগিয়া আদি অঞ্চলৰ প্ৰায় অধিকাংশ গাঁৱৰ লগতে অসম-মেঘালয় সীমান্তৰ কেইবাখনো গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাস চলাইছে।

অকলশৰীয়া বন্যহস্তীটোৰ আক্ৰমণত জিলাখনত যোৱা দুমাহত ১০গৰাকী পুৰুষ-মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে কেইবাজনো ব্যক্তিক গচকি আহত কৰে। তদুপৰি অঞ্চলটোৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে। অকলশৰীয়া বন্যহস্তীটোৰ সন্ত্ৰাসত সমগ্ৰ গোৱালপাৰাবাসী ত্ৰস্তমান হৈ পৰাৰ পাছতো হাতীটোক নিয়ন্ত্ৰণৰ বাবে বন বিভাগৰ লগতে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ঘৰ-দুৱাৰ, খেতিপথাৰৰ ক্ষতিসাধন কৰাৰ উপৰি বহু লোকৰ প্ৰাণহানি কৰাৰ পাছতো এই বিষয়টোক লৈ জিলা প্ৰশাসন আৰু বন বিভাগ নীৰৱ কিয় বুলি ক্ষোভ ব্যক্ত কৰিছে জিলাবাসীয়ে । পথাৰত খাদ্য বিচাৰি নাপাই মানুহৰ ঘৰে ঘৰে প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰা বন্যহস্তীটোৰ ভয়ত এতিয়া সমগ্ৰ জিলাবাসীয়ে হাহাকাৰ কৰি থকাৰ সময়তে বিষয়টোক গুৰুত্বহীন কৰাৰ অভিযোগ উত্থাপন হৈছে জিলা প্ৰশাসনৰ বিৰুদ্ধে ।

দিনকদিনে অধিক হিংস্ৰ ৰূপ ধাৰণ কৰা বন্যহস্তীটোক ওচৰৰ ঘন জংঘল অথবা পাহাৰলৈ খেদি পঠিয়াবলৈ চেষ্ট নকৰাৰো অভিযোগ উঠিছে। বন বিভাগৰ লগতে জিলা প্ৰশাসনৰ এনে অৱহেলাত ক্ষুণ্ণ হৈ পৰিছে অঞ্চলবাসী। জিলা প্ৰশাসনৰ এনে নীৰৱতাৰ বিপৰীতে জনসাধাৰণক সজাগ হ’বলৈ সামাজিক মাধ্যমযোগে বনৰীয়া হাতীৰ গতিবিধিৰ প্ৰতিটো খবৰ সৰ্বসাধাৰণ জনতাক দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। একাংশ যুৱকৰ এনে তৎপৰতাৰ বাবেই অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিছে বহু লোক। সমগ্ৰ জিলাখনতে ত্ৰাসৰ সৃষ্টি কৰা অকলশৰীয়া বনৰীয়া হাতীটোক প্ৰয়োজনসাপেক্ষে ট্ৰেন্কুইলাইজ কৰাৰ আহ্বান জনাইছে ৰাইজে। শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক দাবী জনাইছে ৰাইজে।

You might also like