নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত আকৌ গৰজিল আৰক্ষীৰ বন্দুক, গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত ৰাজিবুল

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : গোৱালপাৰাৰ মাটিয়াত এনকাউণ্টাৰ ৷ গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত ৰাজিবুল ইছলাম। যোৱানিশা ডকাইতৰ সন্ধানত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) ঋতুৰাজ দলে আৰু মাটিয়াৰ OC নিপুমণি চৌধুৰীৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল অভিযান।

উল্লেখ্য যে শনিবাৰে নিশা জিলাখনৰ টিপলাই বনগাঁৱত সুশীল কলিতা নামৰ লোকজনৰ ঘৰত চিনেমাৰ কায়দাৰে পিষ্টলধাৰী ডকাইতৰ দল এটাই ডকাইতি কাণ্ড সংঘটিত কৰি ২০ লক্ষাধিক টকাৰ সোণৰ লগতে ডেৰ লক্ষাধিক টকা লুটি নিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ৰাহুল কোচ, অপূৰ্ব ৰাভা আৰু অবিনাশ ৰাভাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা ডকাইতি কাণ্ডৰ মূল মাষ্টৰ মাইণ্ড ৰাজিবুল ইছলামক যোৱানিশা মাটিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাজিবুল ইছলামে মাটিয়াত গাঁত খান্দি পুতি থোৱা সোণৰ অলংকাৰখিনি উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ লোক এজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে। ফলত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত ৰাজিবুল ইছলাম।

উল্লেখ্য যে ডকাইতি, অপহৰণ আদি অপৰাধজনিত ঘটনাৰ লগত জড়িত ৰাজিবুল ইছলাম গোৱালপাৰা আৰক্ষীৰ মূৰৰ কামোৰণি আছিল। দীৰ্ঘদিন ধৰি অপৰাধজনিত কাণ্ড সংঘটিত কৰি জিলাখনত সন্ত্ৰাস চলাইছিল ৰাজিবুলে।

You might also like