নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুৰ অবৈধ কয়লাখনিত শ্ৰমিকৰ মৃত্যুঃ কয়লা মাফিয়াসহ মৃত শ্ৰমিকক পোতা জেচিবি জব্দ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ তিনিচুকীয়াৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত অসম – অৰুণাচল সীমামুৰীয়া মালৌ গাওঁস্থিত অবৈধ কয়লা খনিত সংঘটিত ৩ কয়লা শ্ৰমিকৰ ভয়ংকৰ মৃত্যু ঘটনাৰ পাছত তৎপৰ হৈ উঠিছে অসম আৰক্ষী প্ৰশাসন। আজি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ উক্ত অবৈধ কয়লা খনিৰ গৰাকী ডেভিদ নগাৰ দুই সহযোগী। অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত আত্মগোপন কৰি থকা অৱস্থাত দুই অবৈধ কয়লা খননৰে জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ । মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো, লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁ‌ৱৰৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুই অবৈধ কয়লাখননৰে জড়িত মাফিয়াক । ধৃত দুয়োজনৰ নাম হ’ল ক্ৰমে – ছফিকুল ইছলাম আৰু হজৰত ওচমান গণি । শ্ৰমিক তিনিজন মৃত্যু হোৱা অবৈধ কয়লাখনিৰ গৰাকী আছিল ধৃত এই দুজন। অন্যজন গৰাকী ডেভিড নগা এতিয়াও পলাতক। অন্যহাতে মৃত তিনি শ্ৰমিকৰ মৃতদেহ গাত খান্দি পুতাত ব্যৱহ্যত দুখন জেচিবি মালৌ পাহাৰত ঘন জংঘলত লুকাই থোৱাৰ পৰা উদ্ধাৰ কৰে। জেচিবিৰ এজন ড্ৰাইভাৰোকো আটক হয় আৰক্ষীৰ হাতত। আৰক্ষীৰ তৎপৰতাৰ পাছত মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ অবৈধ কয়লা ব্যৱসায়ী সকলৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। অন্য জিলাৰ পৰা অহা সকলো শ্ৰমিক ইতিমধ্যে গৃহভিমুখী হৈছে বুলি সূত্ৰত প্ৰকাশ। ইতিমধ্যে ঘটনাৰ সম্পৰ্কত কয়লা মাফিয়া সহ মুঠ ৮ জনক জেল হাজোতলৈ পূৰ্বে প্ৰেৰণ কৰা হৈছিল । আজিৰ ৩ জন লগাই উক্ত ঘটনাৰ সংক্ৰান্তত আটক হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পায়। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত ব্যাপক তদন্তৰ লগতে দিনে নিশাই অভিযান অব্যাহত ৰাখিছে বুলি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰে আজি সংবাদমাধ্যমক জানিবলৈ দিয়ে। উল্লেখ আৰক্ষী অভিযানৰ মাজতেই লিডু বৰগোলাই অঞ্চলৰ বহু কুখ্যাত কয়লা চোৰে আত্মগোপন কৰিছে বুলি সূত্ৰত প্ৰকাশ।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like