নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা কাজিৰঙাৰ বৰগছ ৰিজৰ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চিন্তন শিবিৰ

নিয়মীয়া বার্তা, ২৩ ছেপ্টেম্বৰ : নিজৰ কৰ্ম দক্ষতাৰে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত উজ্বলি উঠা অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই অসমখনক অৰ্থনৈতিক, সামাজিক, আধ্যাত্মিক সাংস্কৃতিক ভাৱে শান্তি আৰু শৃংখলাৰে আগুৱাই নিয়াৰ প্ৰকল্পৰ আৰু সুপৰিকল্পনা তৈয়াৰ কৰাৰ উদ্দেশ্যে কাজিৰঙাত তিনি দিনীয়াকৈ আয়োজন কৰিছে চিন্তন শিবিৰ। ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত অনুষ্ঠিত হ’ব লগা চিন্তন শিবিৰৰ প্ৰথম দিনা বিয়লি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব  মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত সদ্ গুৰু উপস্থিত থাকি  মূল্যবান প্ৰৱচন আগবঢ়াব। দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰত আধ্যাত্মিকতাৰ ব্যাখ্যা আগবঢ়াব পণ্ডিত শ্ৰীশ্ৰীৰবি শংকৰে। শেষৰ দিনা চিন্তন শিবিৰত উপস্থিত থাকিব অসমকে ধৰি কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, অন্ধ্রপ্ৰদেশৰ মুখ্য সচিৱ আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ  উপৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া বৰ্গ। ইয়াক লৈ এতিয়া কাজিৰঙাত ব্যাপক তৎপৰ হৈছে পুলিচ প্ৰশাসন। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈ উঠিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক পৱন কামান
You might also like