নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইয়াত এখন ঘৰ আছিলঃ ঘৰলৈ উভতি মূৰে-কপালে হাত দিছে বন্যাৰ্তই

বিশেষ বাৰ্তা, ২৪ জুনঃ ইয়াত এখন ঘৰ আছিল– সপোনৰ ঘৰ, হেঁপাহৰ ঘৰ৷ জীৱনৰ সর্বস্ব হেৰুওৱাৰ পিছতো সকলো লোকেই ঘূৰি আহে আপোন ঘৰখনলৈ৷ সেই ঘৰখনেই পৃথিৱীৰ প্রতিজন মানুহৰ নিঃস্ব হোৱাৰ পিছতো শেষ আশ্রয়৷ বান কমিছে, আশ্রয় শিবিৰত দুর্বিষহ দিন–ৰাতি কটাই সর্বস্বান্ত হোৱা সকলো এতিয়া উভতিছে শেষ আশ্রয়স্থল আপোন ঘৰখনলৈ৷ কিন্তু বিপর্যয়ৰ কি এক অসহায় ছবি৷ ঘৰলৈ উভতি মূৰে–কপালে হাত দিছে বন্যার্তই৷ শেষ আশ্রয় বিচাৰি যোৱা ঘৰখনো নাই এতিয়া৷ এই দুর্যোগৰ, এই বিপর্যয়ৰ কোনো ভাষা নাই, নাথাকে বর্ণনাও৷ হোজাইৰ কপিলীৰ নৈপৰীয়া বন্যার্ত মহিলা এগৰাকীয়ে ঘৰলৈ উভতি গৈ আপোন ঘৰখন বিচাৰি ফুৰা দৃশ্যই জীৱন্ত কৰি তুলিছে বানপানীৰ এক ভয়াৱহ প্রতিচ্ছবি৷ কপিলীৰ নৈপৰীয়া মহিলাগৰাকীৰ এই দুর্যোগ কিন্তু একক বা ব্যতিক্রম নহয়, ৰাজ্যৰ হাজাৰ হাজাৰ বন্যার্তই শিবিৰৰ পৰা ঘৰলৈ উভতি গৈ হাহাকাৰ কৰি বিচাৰিবলগীয়া হৈছে নিজৰ সপোনৰ ঘৰখন যিখন ঘৰ ইতিমধ্যে ইতিহাস হৈছে৷ নদীৰ বালি–বোকাই পুতি পেলাইছে বহুতৰে আশাৰ ঘৰখন৷ আনকি বহু ঠাইত নাই ঘৰৰ কোনো চিন–চাব৷ বানৰ আগত তাত যে এখন ঘৰ আছিল, সেয়া বিশ্বাসৰো বাহিৰত৷ যেন এদিন ক’ব লাগিব– তাত এখন ঘৰ আছিল৷ ৰাজ্যৰ বান পৰিস্থিতি আংশিক উন্নত হোৱাৰ পিছত এই কৰুণ প্রতিচ্ছবি হৈ পৰিছে অতি সহজ, অতি চিনাকি দৃশ্য৷ উল্লেখ্য যে কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বছৰটোৰ দ্বিতীয়টো বানে ৰাজ্যত কালৰূপ ধাৰণ কৰিছে৷ কেইবাখনো নদীৰ বাঢ়নী পানীয়ে নামনি আৰু মধ্য অসমৰ লগতে বৰাক উপত্যকাত গুৰুতৰভাৱে ক্ষতি কৰিছে৷ কলং, কপিলী, ব্রহ্মপুত্র, মৰাপাগলাদিয়া, টিহু নৈকে ধৰি বহুকেইখন নৈ আৰু উপনৈৰ বাঢ়নী পানীয়ে বহু স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে৷ কেৱল জলমগ্নই নহয়, ভগ্ন মথাউৰিৰে নদীৰ পানীৰ লগত বালি–বোকা আহি নৈৰ পাৰৰ বৃহৎ অঞ্চল পুতি পেলাইছে৷ এই অঞ্চলসমূহত থকা ঘৰ–দুৱাৰ কোবাল সোঁতে উটুৱাই নিয়াৰ লগতে বালি–বোকাই পুতি পেলাইছে৷ বানপানীৰ কালৰূপত দিক্বিদিক হেৰুৱাই পেলোৱা বন্যার্তই প্রাণৰ মমতাত ক্ষন্তেক সময়ৰ ভিতৰতে ঘৰ এৰি শিবিৰত আশ্রয় গ্রহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অতি কম সময়ৰ ভিতৰত বানপানীয়ে বুৰাই পেলোৱা বাবে বন্যার্তই ঘৰৰ নিত্যব্যৱহার্য সামগ্রীও সামৰি থ’বলৈ সময় লাভ কৰা নাছিল৷ তেনেদৰেই ঘৰ এৰি যোৱা বানপীড়িতই বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছত উভতি আহি হা–হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে৷ অতি কষ্টেৰে এপদ–দুপদকৈ সম্পদ গোটাই গঢ়ি তোলা ঘৰখন নেদেখি ঠাইতে মূর্ছা যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বহু বন্যার্তৰ৷ শিবিৰৰ পৰা উভতি আহি এইসকল বন্যার্তই ক’ত থাকিব, তাক লৈ অসহায় হৈ পৰিছে৷ লক্ষণীয় যে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি, আজিৰ দিনটোলৈকে ৩২খন জিলাৰ ৫৪ লক্ষাধিক লোক বানত ক্ষতিগ্রস্ত হৈছে৷ ৰাজ্যৰ ৯৯,০২৬ হেক্টৰ কৃষিভূমি জলমগ্ণ হৈছে৷ বৃহস্পতিবাৰলৈকে বানত ক্ষতিগ্রস্ত হৈছে ৫৯১টা বাসগৃহ৷ ইয়াৰ ৫৬টা সম্পূর্ণ কেঁচা আৰু ২৬টা সম্পূর্ণৰূপে পকীঘৰ৷ তদুপৰি আংশিকভাৱে পকী এটা ঘৰ, আংশিকভাৱে কেঁচা ৪৯৩টা ঘৰ বানত ক্ষতিগ্রস্ত হৈছে৷ তদুপৰি ২২ জুনলৈ ৪১৯টা ঘৰ বাঢ়নী পানীয়ে ক্ষতিগ্রস্ত কৰিছিল৷ ইয়াৰে ১২৫টা সম্পূর্ণৰূপে কেঁচা আৰু ৫টা সম্পূর্ণৰূপে পকী ঘৰ৷ একে সময়তে আংশিকভাৱে কেঁচা ৭৮টা, আংশিকভাৱে পকী এটা, আন ৬টা ঘৰ বানপানীত ক্ষতিগ্রস্ত হৈছে৷ অৱশ্যে চৰকাৰী তথ্যতকৈ ৰাজ্যত অধিক গৃহ ক্ষতিগ্রস্ত হোৱা বুলি আশংকা কৰা হৈছে৷ ঠাইভেদে সামান্য বান পৰিস্থিতি উন্নত হ’লেও অধিকাংশ স্থানত এতিয়াও গুৰুতৰ ৰূপ ধাৰণ কৰি আছে৷ যাৰ বাবে বানপানীত প্রকৃতার্থত কিমান ক্ষতি হৈছে, সেয়া এতিয়াও স্পষ্ট নহয়৷ ৰাজ্যৰ বান পৰিস্থিতি সম্পূর্ণৰূপে উন্নত হ’লেহে ক্ষয়–ক্ষতিৰ প্রকৃত তথ্য পোহৰলৈ আহিব৷

You might also like