বিলাসীপাৰাৰ সূৰ্যখাতাত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভয়াৱহ এই দুৰ্ঘটনাত এগৰাকী প্ৰবক্তাই প্ৰাণ হেৰুৱাবলগীয়া হয়। তীব্ৰবেগী আল্ট্ৰা বাছৰ দৌৰাত্ম্যই জনসাধাৰণক নিজৰ জীৱনক লৈ শংকিত কৰি ৰখাৰ সময়তে এখন যাত্ৰীবাহী তীব্ৰ বেগী আল্ট্ৰা বাছে মহটিয়াই নিলে মটৰ চাইকেল আৰোহী এগৰাকী প্ৰবক্তাক।
ধুবুৰীৰ পৰা গুৱাহাটীমুখী যাত্ৰীবাহী তীব্ৰ বেগী আল্ট্ৰা বাছখনে মহটিয়াই নিয়ে মটৰ চাইকেল আৰোহী প্ৰবক্তাগৰাকীক। চৈতন্য নামৰ আল্ট্ৰা বাছখনৰ নম্বৰ এ এছ-০১ এনচি-১২৭৫ আৰু মটৰ চাইকেলখনৰ নম্বৰ এ এছ-০৫ ডি-৭৫৫১। স্থানীয় আৰক্ষী আৰু ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ বাছৰ তলত সোমাই পৰা মটৰ চাইকেলৰ লগতে আৰোহীজনক উদ্ধাৰ কৰে যদিও দুৰ্ঘটনাটোত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহীজন। মটৰ চাইকেল আৰোহীগৰাকী জহিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । মৃত জহিৰুল ইছলাম বিলাসীপাৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা । প্ৰবক্তাজনৰ অকাল বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
নিয়মীয়া বাৰ্তা, বিলাসীপাৰা, ১৮ অক্টোবৰ