অসম আৰু অসমীয়াৰ আৱেগ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত অস্বাভাৱিক মৃত্যুৰ ন্যায়ৰ দাবী জনাই আহিছে ৰাজ্যবাসীয়ে ৷ সমান্তৰালভাৱে সামাজিক মাধ্যমতো দেখা গৈছে জুবিনৰ ন্যায় বিচাৰি আন্দোলন ৷ সামাজিক মাধ্যমত #JusticeForZubeenGarg লিপিবদ্ধ কৰি লাখ লাখ অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলন অব্যাহত ৰাখিছে ৷ এই সময়তে বস্ত্ৰনগৰী শুৱালকুছিৰ এগৰাকী জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিস্থলীলৈ পদযাত্ৰা আৰম্ভ কৰিছে ৷
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিন গাৰ্গৰ গীত শুনি শুনি পদযাত্ৰা শুৱালকুছিৰ জুবিন অনুৰাগী পৰাগ কলিতাৰ ৷ শুৱালকুছিৰ প্ৰৱেশ দ্বাৰৰ সন্মুখৰ পৰা Justice For Zubeen Garg শ্লোগান সম্বলিত ফলক লৈ সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিস্থলীলৈ পদযাত্ৰা কৰে পৰাগে৷ তেওঁৰ দাবী- চৰকাৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিচাৰ খৰতকীয়া কৰি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰক ৷ এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিব লাগিব। তেতিয়াহে জুবিনে ন্যায় পাব বুলি মত প্ৰকাশ কৰিছে যুৱকগৰাকীয়ে । পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সমগ্ৰ অসমতে পদযাত্ৰা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰাগ কলিতাই ।
বিশেষ বাৰ্তা, শুৱালকুছি, ১৮ অক্টোবৰ